Rupaliparda.com
"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 1

“মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক”- গীতাশ্ৰী দেৱী

সংগীতক বৃত্তি ৰূপে গ্ৰহণ কৰাৰ বিপৰীতে একোজন শিল্পীয়ে ইয়াক শ্ৰদ্ধা জনাই প্ৰত্যেকটো মূৰ্হুুতত ইয়াক লৈ আগবঢ়া দেখিবলৈ পোৱা যায়। নৱপ্ৰজন্মৰ প্ৰতিভা আৰু সৃষ্টিত বৰ্তমান কোনো শংকা নাই; তেওঁলোকৰ সৃষ্টিকৰ্মত ফুটি উঠা প্ৰতিভাই লাহে-ধীৰে এক চিনাকী পাবলৈ সক্ষম হৈছে। কিছুমান সময়ত সংগীত একোটাৰ মানদণ্ড কমি অহা প্ৰতিফলিত হয় কিন্তু তাৰ মাজতো সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত একাংশই এনে কিছুমান গীতৰ সংযোজন কৰে যিয়ে দৰ্শক আৰু শ্ৰোতাৰ মন-গহ্বৰত ঠাই বিস্তাৰ কৰিবলৈ সক্ষম হয় বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। এনে একাংশ নৱপ্ৰজন্মৰ শিল্পীৰ মাজৰ এগৰাকী হৈছে গীতাশ্ৰী দেৱী; সৰুৰ পৰা সংগীতৰ সৈতে জড়িত কন্ঠশিল্পী গৰাকীৰ সৈতে ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ

"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 2

প্ৰশ্নঃ আপুনি কেতিয়াৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত?

গীতাশ্ৰী দেৱীঃ সংগীতৰ সৈতে সৰুৰ পৰাই জড়িত বুলি ক’লেও ভুল কোৱা নহ’ব। মোৰ মাই জ্যোতিসংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত শিকায় লগতে দেউতাই বৰগীত শিকায় গতিকে মা-দেউতাক দেখিয়েই মোৰ সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ল। মোৰ আগ্ৰহটো দেখিয়েই মা হ’তে মোক মাজুলীৰেই এখন সংগীত বিদ্যালয়ত নাম লগাই দিলে; তাৰ পিছত CCRT ৰ পৰা মই বৰগীতৰ বাবে স্কলাৰছিপ লাভ কৰাত মোৰ উৎসাহ আৰু সংগীতৰ প্ৰতি থকা মোৰ প্ৰেম দুগুণে বাঢ়ি গ’ল। সংগীত ক্ষেত্ৰ খনত মই ২০১৮ চনৰ পৰাহে সোমাইছিলো; সেইটো চনত মোৰ প্ৰথমটো গীত “বৰষুণৰ নিশা” য়ে মুক্তি লাভ কৰিছিল। গীতটি মুক্তি পোৱা পিছতেই মোৰ পিতৃ-মাতৃ আৰু ভাতৃ ত্ৰিয়ন মহন্তই মোক যি উৎসাহ-উদ্দীপনা দিছিল সেয়া আছিল আচলতে অন্যতম; ত্ৰিয়ন মহন্ত এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক আৰু গীতাৰিষ্ট। তেওঁ মোক দিয়া সাহসবোৰে আগবঢ়াত সহায় কৰে।

"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 3

প্ৰশ্নঃ আপোনাৰ সংগীতত এনে কি ব্যতিক্ৰমী বস্তু আছে যিটোক লৈ শ্ৰোতাই আপোনাৰ সংগীত শুনিব বুলি ভাবে?

গীতাশ্ৰী দেৱীঃ মোৰ গীত কিমান দূৰ ব্যতিক্ৰমী অথবা ইয়াত কি নতুনত্ব আছে সেয়া একাষাৰেই কৈ দিয়াটো কঠিন হ’ব। মোৰ মতে, এটা গীতৰ যিখিনি কথা সেই কথাখিনি হ’ল আৱেগ; সেই আৱেগক প্ৰথমভাগত কবিতা আকাৰে সঁজোৱা হৈছিল আৰু এই কবিতাবোৰে পিছলৈ সুৰ পাই কালক্ৰমত ইয়াত বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ হ’ল। আৰু, এই আৱেগবোৰক শ্ৰোতাসকলে অনুভৱ কৰাৰ বৰ প্ৰয়োজন। মোৰ গীতত থকা কথাত যদি শ্ৰোতাই আৱেগ অনুভৱ কৰে নিশ্চয় তেওঁলোকে মোৰ গীত শুনিব।

"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 4

প্ৰশ্নঃ আপোনাৰ বাবে “সংগীত বৃত্তি নিচা”??

গীতাশ্ৰী দেৱীঃ সংগীত মোৰ বৃত্তি নহয়; সংগীত মোৰ নিচা। সৰুৰ পৰাই সংগীতক শ্ৰদ্ধা কৰি আহিছো; গীত শুনি মই ভাল পাওঁ। গান গাই ভালপাওঁ, পাৰিলেও-নোৱাৰিলেও গান এটা গাবলৈ চেষ্টা কৰো। ইয়াৰ লগতে, মই শিকি বৰ ভালপাওঁ; কোনোবাই যদি মোক কোনোক্ষেত্ৰত শুধৰাই দিয়ে তেতিয়াহ’লে তেওঁ শুধৰণি কৰা মতে শিকি যাবলৈ ভাল লাগে। গতিকে, সংগীতৰ প্ৰতি বহু বেছি শ্ৰদ্ধা আছে বাবেই এই দিশটোত আগবাঢ়িবলৈ চেষ্টা কৰিছো।

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপোনাৰ সমান্তৰালকৈ কেইবাজনো নৱপ্ৰজন্মই আত্মপ্ৰকাশ কৰিছে। ইয়াক লৈ আপুনি নিজক কেনেদৰে প্ৰস্তুত কৰিছে?

গীতাশ্ৰী দেৱীঃ শ্ৰোতালৈ যেতিয়া এটা সংগীত আগবঢ়াই দিয়া হয় তেতিয়া সকলোৱে ইয়াক ব্যতিক্ৰমী ৰূপেই সঁজাবলৈ চেষ্টা কৰে যাতে শ্ৰোতাই গীতটিক সঁহাৰি জনায়। ঠিক তেনেদৰেই মইও মোৰ গীতত এনে এটা ব্যতিক্ৰমী উপাদান ৰাখিবলৈ চেষ্টা কৰো যিটোক লৈ শ্ৰোতা আকৰ্ষিত হয়। আৰু, মই বিচাৰো ভুল বোৰ মোক কওঁক; তেতিয়া মই ভুলবোৰ শুধৰাই আহিবলগীয়া সময়ত কামবোৰ সুন্দৰকৈ কৰিব পাৰো; সকলোৱে যাতে মোক আদৰি লওঁক। তুমি কোৱা দৰেই, সংগীত ক্ষেত্ৰখনত সঁচাকৈ মোৰ সমান্তৰালকৈ আন কেইবাজনো নৱপ্ৰজন্মই আত্মপ্ৰকাশ কৰিছে আৰু ই আচলতে সংগীত ক্ষেত্ৰখনৰ বাবে গৌৰৱৰ কথা। এনেও অসমৰ সংগীত ক্ষেত্ৰখন খুবেই চহকী কাৰণ ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান আছে; তেওঁৰ পৰা ধৰি আমাৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, পাপন আদিৰ দৰেই শিল্পী আছে গতিকে মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক।

"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 5

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

গীতাশ্ৰী দেৱীঃ যোৱাকালি ” Yaadein” এলবামটোৰেই শীৰ্ষ গীতটিক মুকলি কৰা হৈছিল; Miracle Lights Studios ৰ নিবেদনত নিৰ্মিত এই গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা আৰু পৰিচালনা মোৰ নিজৰেই। জেকলিন বৰোৰ দ্বাৰা প্ৰযোজিত এই গীতটিত সংগীত দিছে জনপ্ৰিয় কন্ঠশিল্পী বাবন বৰ্ণিলে। গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে শংকৰ জে বৰুৱা আৰু ইয়াক বাণীবদ্ধ কৰিছে অনুৰাগ মেধিয়ে। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে হীৰু বৰগোঁহাই আৰু গীতটিৰ ভিডিঅ’ সম্পাদনা ৰূপম বুঢ়াগোঁহাইৰ। পোষ্টাৰ ডিজাইন পাৰ্থ পি বৰুৱা। দেশত কালৰূপী মহামাৰীয়ে মাধমাৰ দিয়াৰ ফলতে এতিয়া গীতটিৰ কেৱল লিৰিকেল ভিডিঅ’হে মুকলি কৰা হৈছে; এটা এটাকৈ ইয়াৰ পাঁচোটা গীত এনেদৰেই মুকলি কৰা হ’ব যদিও আগন্তুক সময়ত পৰিস্থিতি ভাল হ’লে গীতসমূহৰ ভিডিঅ’য়ো দৰ্শকলৈ আগবঢ়োৱা হ’ব। ইয়াৰ উপৰিও, “অভিমানী সপোন” বুলি এটা আধুনিক গীতৰ পৰিকল্পনা কৰি থৈছো। ইয়াৰ পিছতেই এটা বহু ডাঙৰ প্ৰকল্প আছে যিটো হৈছে The Execution Of Bhakti; সেইটো এটা দীঘলীয়া প্ৰকল্প য’ত নামঘোষাৰ পৰা একোটাকৈ বৰগীত সংগ্ৰহ কৰি মই তাত কন্ঠ দিম। এই প্ৰকল্পটোক লৈ বহু বেছি শিকাৰ প্ৰয়োজন আছিল আৰু ইয়াত আমাক সহায় কৰিছিল মাজুলীৰ সত্ৰ দেৱেন চন্দ্ৰ ভূঞা দেৱে। ইতিমধ্যে ইয়াৰ এটি বৰগীত “ব্ৰহ্মা আদি কৰি” ক মুকলি কৰা হৈছে; য’ত আমি ৰাইজৰ সঁহাৰি লাভ কৰিছো।

"মোৰ দৰেই নৱপ্ৰজন্ম ইয়াত অন্তৰ্ভূক্ত হোৱা সমান্তৰালকৈ ভাল ভাল কাম কৰি যোৱাটো আৱশ্যক"- গীতাশ্ৰী দেৱী 6

… ধন্যবাদ গীতাশ্ৰী; আগন্তুক সময়ত তোমাৰ গীত শুনিবলৈ অপেক্ষাৰত।

গীতাশ্ৰী দেৱীঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform