Rupaliparda.com
নাছিল অভিনয়ৰ পৰিকল্পনাঃ বৰ্তমানৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ জন্মদিন- 1

নাছিল অভিনয়ৰ পৰিকল্পনাঃ বৰ্তমানৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ জন্মদিন-

এজন অসমীয়া অভিনেতাৰ “অভিনেতা” ৰূপে পৰিগণিত হোৱাৰ কোনো পৰিকল্পনা নথকা স্বত্বেও এইক্ষেত্ৰখনত এনেদৰে সোমাই পৰিছে যে অভিনয়ৰ দিশৰ পৰা তেওঁৰ নামটো নোলোৱালৈ ক্ষেত্ৰখন যেন আধৰুৱাই হৈ ৰ’ব। তেওঁ হৈছে গুঞ্জন ভৰদ্বাজ; আজিৰ দিনটোতেই নিজৰ জন্মদিন উদযাপন কৰা গুঞ্জন ভৰদ্বাজক ৰূপালীপৰ্দাৰ ফালৰ পৰাও যাঁচিছো জন্মদিনৰ অশেষ শুভকামনা। বাংগালোৰত এবছৰীয়া চাকৰি কৰি আহি আকৌ গুৱাহাটীত এবছৰৰ বাবে চাকৰি কৰা গুঞ্জনক হঠাৎ জনসাধাৰণে দেখিবলৈ লৈছিল অভিনয় ক্ষেত্ৰখনত। এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ পিছতেই তেওঁ লাহে লাহে ভিতৰলৈ সোমাই গৈ অতি কমেও ৭ খনকৈ চিনেমাৰ লগতে কেইবাখনো ভিচিডি আৰু কেইবাটাও গীতত অভিনয় কৰাৰ সুবিধা লাভ কৰে। তিনিচুকীয়াত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাই “জানমণি ১২” নামে ভিচিডি খনৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল টি.আৰ পি আৰু…। ইয়াৰ পিছতেই, “অহেতুক”, “ৰাফ এণ্ড টাফ”, “তুমি আহিবানে”, “প্ৰিয়াৰ প্ৰিয়”, “কেলেণ্ডাৰ”, “ককাইদেউ বিন্দাছ” আদি চিনেমাৰ লগতে থিয়েটাৰতো নিজ অভিনয়ৰ যাদু দেখুওৱা এই গৰাকী অভিনেতাৰ অনুৰাগীৰ সংখ্যাও এতিয়া সৰ্বাধিক।

নাছিল অভিনয়ৰ পৰিকল্পনাঃ বৰ্তমানৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ জন্মদিন- 2
https://www.instagram.com/p/CCt9G56B2_E/?utm_source=ig_web_copy_link


চচিয়েল মিডিয়া যোগে অভিনেতা গৰাকীৰ জন্মদিনত ভিন্ন জন অইন চিলেব্ৰেটীও জনায় শুভকামনা। আগন্তুক সময়ত অভিনেতা গৰাকীক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ দ্বাৰা পৰিচালিত “বাৰুদ ২” ত দেখিবলৈ পোৱা যাব। তেওঁৰ লগতে ছবিখনত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা, মুনমী ফুকন, প্ৰজ্ঞা পাৰমিতা, সংকল্পজিৎ হাজৰিকা, অচিন্ত্য কাশ্যপ আৰু হামাৰসিংগ খাৰমাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform