Rupaliparda.com
অনুৰাগীৰ কাষতেই আছিল সুশান্ত সিং ৰাজপুতঃ 1

অনুৰাগীৰ কাষতেই আছিল সুশান্ত সিং ৰাজপুতঃ

সুশান্ত সিং ৰাজপুত এনে এজন অভিনয় আছিল; যিয়ে সদায় অনুৰাগীৰ কাষ চাপিবলৈ মন কৰিছিল। তেওঁ কোনোদিন অনুৰাগীৰ পৰা ফালৰি কাটি থকা নাছিল; প্ৰায়ে তেওঁৰ ইনষ্টাগ্ৰাম অথবা টুইটাৰলৈ অহা মেছেজ অথবা পোষ্টসমূহত দিয়া অনুৰাগীৰ কমেন্ট বোৰৰ ৰিপ্লাই কৰা তেওঁক দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন স্ক্ৰীণচট ভাইৰেল হৈ পৰা দেখা গৈছে; য’ত অভিনেতা গৰাকীয়ে এজন অনুৰাগীক কমেন্টৰ ৰিপ্লাই কৰে। অনুৰাগীয়ে সুশান্তক উদ্দেশ্যি কয় যে, “ছাৰ ছাৰ ছাৰ… প্লিজ আপুনি সোনকালে মৃত্যুৰ কাষ নাচাপিব আৰু এনেদৰেই ভাল কাম কৰি যাওঁক আৰু এনেদৰেই অইন মানুহবোৰক উৎসাহ দি যাওঁক। ইয়াত আপোনাৰ দৰে এনে বহুত কমহে লোক থাকে। প্লিজ প্লিজ প্লিজ… জীৱনত কোনো ক্ষেত্ৰতেই হাৰ নামানিব।” অনুৰাগীৰ এই কমেন্টটোতেই সুশান্তে দিয়া ৰিপ্লাইটোৱে এতিয়া হৃদয় চুইছে অনুৰাগীৰ। অভিনেতা গৰকীয়ে ৰিপ্লাই কৰি কয় যে,

https://www.instagram.com/p/CCjPIR-hboA/?utm_source=ig_web_copy_link’


“অ’ মই নিশ্চয় কৰি যাম।এই শুভকামনা আৰু উৎসাহৰ বাবে বহুত বহুত ধন্যবাদ।” উক্ত ৰিপ্লাইৰ স্ক্ৰীণচট এতিয়া বিভিন্ন জনে শ্বেয়াৰ কৰিছে। কিছুদিন পূৰ্বে সুশান্তৰ এটি ভিডিঅ’য়ো ভাইৰেল হৈ পৰিছিল য’ত অভিনেতা গৰাকীয়ে মৃত্যুৰ পৰা ভয় লাগে বুলি ব্যক্ত কৰিছিল। তেওঁ এবাৰ সাক্ষাৎকাৰত কৈছিল যে, “মই যেতিয়া তিনিঘণ্টা শুই যাওঁ; তেতিয়া মই গম নাপাওঁ যে আচলতে মই হয় কোন! এয়া একপ্ৰকাৰ ভয়লগা বিষয় যেতিয়া কোনোৱে নিজক চিনি নোপোৱা হৈ পৰে। মৃত্যুৰ পিছতো হয়টো মনুষ্যৰ সৈতে এনে হয়।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.