Rupaliparda.com
কিমান চাব ছবি! উপভোগ কৰক বলীউডৰ কাজিয়াঃ 1

কিমান চাব ছবি! উপভোগ কৰক বলীউডৰ কাজিয়াঃ

বৰ্তমান বলীউড ক্ষেত্ৰখনত দৰ্শকে নতুন চিনেমা নহ’লেও উপভোগ কৰিবলৈ পাইছে একোখন নতুন দ্বন্দ। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত “নেপোটিজিম” ক লৈ সৃষ্টি হোৱা বিষয়টোৰ পৰা ওলোৱা ঠাল-ঠেঙুলিয়ে কেইবাগৰাকীও আন আন অভিনেতা-অভিনেত্ৰীক সাঙুৰি লোৱা দেখিবলৈ পোৱা গৈছে। “নেপোটিজিম” ক লৈ নিজৰ প্ৰতিটো সাক্ষাৎকাৰত মত ব্যক্ত কৰা অভিনেত্ৰী কংগনাই ৰাণাওঁটে শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত তাপসি পান্নু আৰু স্বৰা ভাস্কৰক “বি-গ্ৰেড” অভিনেত্ৰী বুলি মন্তব্য কৰে। এই সাক্ষাৎকাৰৰ পিছতেই কংগনা ৰাণাওঁটক উভতি ধৰা দেখিবলৈ পোৱা যায় উক্ত দুয়োগৰাকী অভিনেত্ৰীয়ে। সাক্ষাৎকাৰটোত কংগনাই কয় যে, “বৰ্তমান দুমুখীয়া “আউটসাইডাৰ” বহুত আছে। যেনে ধৰক অভিনেত্ৰী তাপসি পান্নু আৰু স্বৰা ভাস্কৰ। দুমুখীয়া লোকৰ এনে পৃথিৱীত কেতিয়াও কোনো অসুবিধাৰ সন্মুখীন নহয়। আজি তেওঁলোকে যিসমূহ ছবিত অভিনয় কৰি আছে; সেই ছবিৰ ধাৰা পোন প্ৰথমে মই আৰম্ভ কৰিছিলো।”

https://twitter.com/ReallySwara/status/1285292559821008901?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1285292559821008901%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.prabhatkhabar.com%2Fentertainment%2Fbollywood%2Fswara-bhaskar-slams-kangana-ranaut-called-him-freedom-fighter-says-1947-main-kangana-ne-azaadi-dilwai


এই কথাৰে প্ৰতিউত্তৰ হিচাপে স্বৰাই কয় যে, “১৯৫৫ চনত মুক্তিপ্ৰাপ্ত “পথেৰ পাঁচালী” ৰ সৈতে তেওঁ পেৰেৰেল ছবি আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ “কুইন” ৰ জৰিয়তে ফেমিনিজিম ছবি আৰম্ভ কৰিছিল। আৰু, এই আটাইবোৰৰ আগতেই তেওঁ ১৯৪৭ চনত দেশো স্বাধীন কৰোৱাইছিল।” এই টুইটটোকেই অভিনেত্ৰী তাপসি পান্নুয়ে আকৌ ৰি-টুইট কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Most popular