Rupaliparda.com
"এইবোৰ সকলো জানি বুজি কৰা হৈছিল; তেতিয়া মই মাত্ৰ ২৩ বছৰীয়া আছিলো"- ৰণৱীৰ শোৰে 1

“এইবোৰ সকলো জানি বুজি কৰা হৈছিল; তেতিয়া মই মাত্ৰ ২৩ বছৰীয়া আছিলো”- ৰণৱীৰ শোৰে

বলীউডত বহুদিনৰ পৰা চলি থকা এটা বিষয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত অত্যাধিক চৰ্চা লাভ কৰিছে। “নেপোটিজিম” ক লৈ য’ত বহু তাৰকাই নিজ অভিজ্ঞতা ব্যক্ত কৰিছে তাতেই একাংশই ইয়াক লৈ কিছু ব্যতিক্ৰমী মন্তব্য কৰিছে। কোনোৱে যদি কাৰোবাৰ লগত শীতল বাক-যুদ্ধত অৱনিত হৈছে তাৰ বিপৰীতে বলীউডৰ জনসাধাৰণ দুই ভাগত বিভক্ত হোৱা দেখিবলৈ পোৱা গৈছে। এইখিনি সময়ত বহুতে এই ক্ষেত্ৰখনত হোৱা নিজ অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰে। বৰ্তমান ইয়াত নিজ বিষয়ে ব্যক্ত কৰে অভিনেতা ৰণৱীৰ শোৰেয়ে; অভিনেতা গৰাকী প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়।

বিগত দিনত পৰিচালক অনুৰাগ কাশ্যপৰ সৈতেও অভিনেতা গৰাকী বাক-যুদ্ধত অৱনিত হৈছিল; ৰণৱীৰে চচিয়েল মিডিয়াৰ জৰিয়তে নিজ অভিনয় জীৱনৰ কিছু কলা অধ্যায়ৰ বিষয়ে খুলি কোৱা দেখিবলৈ পোৱা যায়। অভিনেতা গৰাকীয়ে সেই সময়ৰ কথা কয় যেতিয়া তেওঁ অকলশৰীয়া হৈ গৈছিল আৰু দেশ এৰি গুচি যোৱা সিদ্ধান্ত লৈ পেলাইছিল। আচলতে, টুইটাৰ ইউজাৰচ এগৰাকীয়ে ৰণৱীৰৰ সৈতে কোনে বেয়া কৰিছে তেওঁৰ নাম জনসাধাৰণৰ ওচৰত প্ৰকাশ কৰিবলৈ কয় যেনেদৰে কংগনা ৰাণাওঁট প্ৰকাশ কৰিছে। কিন্তু ৰণৱীৰে ইয়াৰ প্ৰতিউত্তৰত “নোৱাৰো বুলি প্ৰকাশ কৰে।

"এইবোৰ সকলো জানি বুজি কৰা হৈছিল; তেতিয়া মই মাত্ৰ ২৩ বছৰীয়া আছিলো"- ৰণৱীৰ শোৰে 2


তেওঁ কয় যে, “মই তেওঁলোকৰ নাম ল’ব নোৱাৰো কাৰণ তেওঁলোকৰ অপৰাধ ৰাইজৰ মাজত আনিবলৈ মোৰ ওচৰত বৰ্তমান একো প্ৰমাণ নাই। মই এইবোৰ বিষয়ত এইবাবেই সোমাইছো কিয়নো এনে পৰিস্থিতিৰ সন্মুখীন মই হৈছো। অকলে এৰি দিয়া, মিছা কোৱা, মিডিয়াত ভুৱা তথ্যৰে খবৰ এৰি দিয়া আদি এইবোৰ কাম কৰা হয় । ২০০৩ ৰ পৰা ২০০৫ চনৰ ভিতৰত এইবোৰ কাৰণৰ বাবে মইও হতাশ হৈছিলো কিন্তু মই বাছি আছিলো একমাত্ৰ মোৰ পৰিয়াল আৰু বন্ধুৰ বাবে; মইটো দেশ এৰিবলৈও প্ৰস্তুত হৈ পৰিছিলো। এইবোৰ সকলো জানি বুজি কৰা হৈছিল; তেতিয়া মই মাত্ৰ ২৩ বছৰীয়া আছিলো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform