Rupaliparda.com
মানসিক স্থিতিৰ খেলি-মেলিৰে চুটি ছবি "শীতৰ সজাত"- 1

মানসিক স্থিতিৰ খেলি-মেলিৰে চুটি ছবি “শীতৰ সজাত”-

মানসিক স্থিতিক লৈ বৰ্তমান প্ৰতিজন জনসাধাৰণে কোনো নহয় কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। সম্প্ৰতি পৰিস্থিতিটোক কেন্দ্ৰ কৰিয়েই ইতিমধ্যে বহুতেই নিজৰ মানসিক ভাৰসাম্যতা হেৰুৱাইছে বুলি বিভিন্ন সংবাদ পত্ৰ যোগে বাতৰি সম্প্ৰচাৰ হৈ আহিছে। ব্যক্তিবিশেষৰ মনস্বাস্ত্বিক এনে খেলি-মেলিৰ ৰোগ সমূহক কেইবাটাও ভিন্ন প্ৰকাৰত ভাগ কৰা দেখিবলৈ পোৱা যায়। চিকিৎসাৰ ভাষাক একাংশ মানসিক ৰোগীৰ বেমাৰবিধৰ নাম হৈছে “Dementia”। মানসিক অশান্তি অথবা হতাশগ্ৰস্ত লোকক একাংশ তথাকথিত জনসাধাৰণে উপলুঙাসূচক মন্তব্য কৰা দেখিবলৈ পোৱা যায়। তাচ্ছিল্য, উপলুঙা আদি লাভ কৰা ফলত তেওঁলোক আকৌ মানসিক ভাৱে ভাঙি পৰে যদিও এই কথাবোৰক গুৰুত্ব সহকাৰে ল’বলৈ অসুবিধা পায় বহুতেই। উক্ত ৰোগীসকলে প্ৰায়ে কথা পাহৰি যায় আৰু কথাৰ মাজে মাজে প্ৰশ্ন কৰি থাকে। কৰ্কট অথবা অইন ৰোগৰ বাবে যিধৰণে সজাগতা সভা পাতি ঠাইয়ে ঠাইয়ে গৈ যেনেদৰে জনসাধাৰণক উক্ত বেমাৰবোৰৰ প্ৰতি সচেতন কৰা হয় তেনে কিন্তু কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই এনে ৰোগত ভূক্তভোগী লোকৰ বাবে। এনে এক ঘটনাৰ আধাৰ লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে চুটি ছবি “শীতৰ সজাত”।

মানসিক স্থিতিৰ খেলি-মেলিৰে চুটি ছবি "শীতৰ সজাত"- 2


জনপ্ৰিয় চুটি ছবি পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনে দশম সংখ্যক দাদা চাহেব ফাল্কে বঁটাত মনোনয়ন লাভ কৰাৰ উপৰিও আন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰি সমালোচক তথা দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য খিম্পী দত্তৰ। ৰিতা ভূঞা বৰুৱা আৰু খিম্পী দত্তৰ সংলাপেৰে ইয়াৰ দৃশ্যগ্ৰহণ আৰসাদ আহমেদৰ। সম্পাদনা অৰিন্দম আৰু আৰসাদৰ।

মানসিক স্থিতিৰ খেলি-মেলিৰে চুটি ছবি "শীতৰ সজাত"- 3


বীণা পুৰকায়স্থ আৰু জান্হৱী গগৈৰ অভিনয়েৰে “শীতৰ সজাত” কালাৰ দিছে আৰসাদ আহমেদৰ। বেকগ্ৰাউণ্ড স্কৰ আয়ান বুঢ়াগোঁহাইৰ আৰু পোষ্টাত কুণাল বৰাৰ। ইতিমধ্যে পৰিচালক অৰিন্দম বৰুৱাৰ পৰিচালনাৰে বিভিন্ন খন চুটি ছবি জনসাধাৰণে উপভোগ কৰিবলৈ পাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.