Rupaliparda.com
কম সময়তে "মেঘালী" ৰ জনপ্ৰিয়তাঃ মৃন্ময় শৰ্মাৰ আহি আছে আন বহু প্ৰকল্প- 1

কম সময়তে “মেঘালী” ৰ জনপ্ৰিয়তাঃ মৃন্ময় শৰ্মাৰ আহি আছে আন বহু প্ৰকল্প-

শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত নীল আকাশৰ “মেঘালী” শীৰ্ষক গীতটিত মুক্তিৰ কিছু ঘন্টা পিছতেই লাগিছিল জনপ্ৰিয়তাৰ মোহৰ। কন্ঠশিল্পী গৰাকীৰ অনুৰাগীয়ে চচিয়েল মিডিয়াত ভাইৰেল কৰি তুলিছিল গীতটিক। মুঠতে, মুক্তিৰ পিছতেই গীতটিক নিজৰ হিট লিষ্টলৈ লৈ গৈছিল একাংশই। গীতটিত কন্ঠদান কৰা কেৱলমাত্ৰ কন্ঠশিল্পী গৰাকীয়ে নহয়; সংগীতকাৰ জনৰ পৰা আৰম্ভ কৰি গীতটিত কথা দিয়া গৰাকীলৈ প্ৰত্যেকৰে কামৰ বহুল চৰ্চা হৈছে বৰ্তমান চচিয়েল মিডিয়াত। নীল আকাশৰ সৰ্বত্ৰে গিজ-গিজাই থকা অনুৰাগীৰ কথা নক’লেও হয়টো সকলোৱে বুজে। আনহাতে গীতটি পৰিচালনা লগতে ইয়াত সংগীত দিয়া সংগীত কাৰ জন হৈছে ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত মৃন্ময় শৰ্মা; সুনীধি চৌহান তথা নীৰজ শ্ৰী ধৰৰ লগতে আন কেইবাগৰাকীও মায়ানগৰীৰ তাৰকা কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে মঞ্চত সহযোগিতা কৰিছে মৃন্ময় শৰ্মাই। উক্ত “মেঘালী” শীৰ্ষক গীতটিৰ লগতে আন কেইবাটাও অসমীয়া গীতৰ সৈতে জড়িত বৰ্তমান মৃন্ময়।


“মেঘালী” ৰ কথা ডানিছৰ আৰু ইয়াত সংগীত মৃন্ময়ৰ লগতে যুঁটীয়াভাৱে গীতটি পৰিচালনা কৰিছে অশ্বিন শৰ্মা আৰু মৃন্ময়ে। গীতটি বাণীবদ্ধ কৰা হৈছে মৰাণৰ Studio Fusion ত ৰাজীৱ শৰ্মাৰ দ্বাৰা; মিক্সিং হৈছিল কানাডাস্থিত CEZAR WHITE আৰু Michigan USA ৰ পৰা Mike Cerventas য়ে। মাষ্টাৰিঙৰ দায়িত্বত আছিল ভাস্কৰ শৰ্মা। উল্লেখ্য যে, নীল আকাশে সম্প্ৰতি “শিল্পী” ক লৈ হৈ থকা বু-বু- বা-বা ৰ মাজতেই চচিয়েল মিডিয়াত লাইভ হৈ নিজৰ স্থিতি জনসাধাৰণৰ মাজত ব্যক্ত কৰে আৰু তেওঁৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত হৈ থকা চৰ্চাক উফৰাই কোনোধৰণৰ ৰাজনৈতিক গোটত অন্তৰ্ভূক্ত নোহোৱাৰ সিদ্ধান্ত ব্যক্ত কৰে।

কম সময়তে "মেঘালী" ৰ জনপ্ৰিয়তাঃ মৃন্ময় শৰ্মাৰ আহি আছে আন বহু প্ৰকল্প- 2
কম সময়তে "মেঘালী" ৰ জনপ্ৰিয়তাঃ মৃন্ময় শৰ্মাৰ আহি আছে আন বহু প্ৰকল্প- 3


নীল আকাশৰ সদ্যমুক্তিপ্ৰাপ্ত “মেঘালী” ৰ সফলতা লগতে নীল আকাশৰ স্পষ্টীকৰণে এতিয়া কিছু সকাঁহ দিছে অসমীয়া জনসাধাৰণক। ইয়াৰ উপৰিও আগন্তুক সময়ত ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত অসম সন্তান মৃন্ময়ৰ ভিন্ন প্ৰকল্পৰ বাবেও অপেক্ষাৰত অসমীয়া সৰ্বসাধাৰণ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform