Rupaliparda.com
প্ৰেম নকৰি প্ৰতাৰণাহে যেন কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে; বেছেৰীয়ে য'তে ত'তে খাইছে গালিঃ 1

প্ৰেম নকৰি প্ৰতাৰণাহে যেন কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে; বেছেৰীয়ে য’তে ত’তে খাইছে গালিঃ

বি-টাউন অভিনেত্ৰী সঞ্জনা সাংঘীয়ে সুশান্তৰ ওপৰত লগোৱা #Me too আৰোপক লৈ নিজ স্পষ্টীকৰণ দাঙি ধৰা সমান্তৰালকৈ ৰিয়া চক্ৰৱৰ্তীকো দিছে সঁকীয়ায়। সঞ্জনা সাংঘীক ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ সৈতে ছবি “দিল বেছাৰা” ত দেখিবলৈ পোৱা গৈছিল। সংজনাই ৰিয়াক উদ্দেশ্যি কয় যে “তেওঁৰ ওচৰত বৰ্তমান নতুন ক’বলগীয়া আন একো নাই”। ৰিয়াই নিজ মন্তব্যত কৈছিল যে সুশান্তৰ ওপৰত লগা “#Me Too” আৰোপৰ উপৰিও এইক্ষেত্ৰত সঞ্জনা সাংঘীয়ে দেৰিকৈ দিয়া প্ৰতিক্ৰিয়াই সুশান্তক হতাশ কৰিছিল আৰু এইক্ষেত্ৰত তেওঁৰ ওপৰত আন বহুতেই প্ৰভাৱ বিস্তাৰ কৰিছিল। সঞ্জনাই এই বিষয়ে নিজ সাক্ষাৎকাৰত কয় যে, “এগৰাকী মহিলা হিচাপে মই সাৱলীল আৰু স্পষ্টভাৱে এই আটাইবোৰ কথা ব্যক্ত কৰিছো। এতিয়া এই বিষয়টোলৈ আৰু অধিক মনোৰঞ্জন মই দিব নোৱাৰো। ২৫ টাতকৈ অধিক সাক্ষাৎকাৰত মই এই বিষয়ে সকলোবোৰ কৈছো। এতিয়া ইয়াত নতুন ক’বলৈ আৰু মোৰ একো নাই।” সুশান্তৰ মৃত্যুৰ পিছত এই বিষয়টোলৈ প্ৰায় প্ৰতিটো সাক্ষাৎকাৰতে সংজনা সাংঘীক প্ৰশ্ন সোধা হৈছিল।

প্ৰেম নকৰি প্ৰতাৰণাহে যেন কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে; বেছেৰীয়ে য'তে ত'তে খাইছে গালিঃ 2
প্ৰেম নকৰি প্ৰতাৰণাহে যেন কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে; বেছেৰীয়ে য'তে ত'তে খাইছে গালিঃ 3


“#MeToo” য়ে এক ডাঙৰ মতভেদৰ সৃষ্টি কৰিছিল বলীউডত। আনহাতে, চি.বি. আইৰ কাষলৈ সুশান্তৰ মৃত্যুৰ কেছ যোৱা পিছতেই প্ৰত্যেকদিনাই ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। ৰিয়াই শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত বহু কথা বাখ্যা কৰে; তেওঁৰ এই সাক্ষাৎকাৰৰ পিছতেই সুশান্তৰ পৰিয়ালবৰ্গ আৰু অভিনেতা গৰাকীৰ অনুৰাগী ক্ষোভিত হৈ পৰে। উক্ত “#Me Too” আৰোপে সুশান্তক মানসিকভাৱে ভাঙি পেলোৱা কথা ব্যক্ত কৰাৰ লগতে ৰিয়াই কয় যে এই আটাইবোৰৰ কৰাৰ পিছত কাৰোবাৰ হাত থকা যেন অনুভৱ কৰিছিল সুশান্তে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.