Rupaliparda.com
মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ "গোৱৰ" ছবিৰ আখ্যা "সড়ক ২" ক- 1

মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ “গোৱৰ” ছবিৰ আখ্যা “সড়ক ২” ক-

এক অঘোষিত প্ৰতিযোগিতা চলিছে মহেশ ভাটৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ। ইউটিউবত আটাইতকৈ নিম্ন মানদণ্ডৰ ট্ৰেইলাৰ ৰূপে ঘোষণা হোৱাৰ পিছতেই আকৌ এবাৰ “সড়ক ২” ৰ IMDb ৰেটিঙো নামিছে যথেষ্ট তললৈ। ১০ হাজাৰৰো অধিক ভোটক কেন্দ্ৰ কৰি ছবিখনৰ IMDb ৰেটিং নামিছে সকলোতকৈ তললৈ অৰ্থাৎ ১.১ লৈ। এই ছবিখনৰ সৈতে তুলনাত্মকভাৱে এটা বেয়া ৰেটিং থকা এখন হৈছে তুৰ্কী ছবি; যাৰ নাম হৈছে কোডঃ K.O.Z। কেৱল মাত্ৰ দৰ্শক বুলিয়েই নহয়; “সড়ক ২” ক লৈ সমালোচকেও বেয়া মন্তব্য আগবঢ়াই নিম্ন ৰেটিং প্ৰদান কৰিছে। IMDb ত ১৫ টা পঞ্জীয়নভূক্ত সমীক্ষা আছে য’ত এজনে যদি ছবি “গোৱৰ” আখ্যা দিছে আনহাতে কোনোৱে ছবিখনক “হাঁহিয়াতৰ পাত্ৰ” বুলি অভিহিত কৰিছে। মহেশ ভাট দ্বাৰা নিৰ্দেশিত এই ছবিখনত অভিনয় কৰিছিল তেওঁৰেই জীয়ৰী পূজা ভাট, আলিয়া ভাটে আৰু তেওঁলোকৰ সৈতে আন চৰিত্ৰ দুটিত অভিনয় কৰিছিল সঞ্জয় দত্ত আৰু আদিত্য ৰয় কাপুৰে।

মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ "গোৱৰ" ছবিৰ আখ্যা "সড়ক ২" ক- 2
মহেশ ভাটৰ বিৰুদ্ধে অঘোষিত প্ৰতিযোগিতাঃ "গোৱৰ" ছবিৰ আখ্যা "সড়ক ২" ক- 3


ছবিখনক লৈ “অসহ্যকৰ” ৰ দৰেও কিছু বিশেষণৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক। ইয়াৰ পূৰ্বেও ইউটিউবত জনসাধাৰণে উক্ত ছবিখনৰ ট্ৰেইলাৰৰ সৈতে কৰা কাৰ্যক সকলোৱে দেখিছিল; আটাইতকৈ নিম্নমান দণ্ডৰ ভিডিঅ’ ৰূপে সকলোৰে আগত চিনাক্ত কৰিছিল। “ডিছলাইক” কৰি ছবিখনক চচিয়েল মিডিয়াত পোষ্ট কৰি সুখো লাভ কৰিছিল সৰ্বসাধাৰণ ৰাইজে। এক কথাত ক’বলৈ গ’লে বৰ্তমান ভাগ হৈছে বলীউডৰ তাৰকা সকল; এপিনে সুশান্তৰ অনুৰাগীৰ বাবে এলাগী হোৱা একাংশ তাৰকাক তুলাধূনা দিয়া দেখা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.