Rupaliparda.com
"আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল"- স্বাগতা ভৰালী 1

“আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল”- স্বাগতা ভৰালী

সন্ধিয়া ৬.৩০ বজাত সকলোৰে দৃষ্টি নিৱদ্ধ কৰি ৰখা এখন ধাৰাবাহিক খনৰ শেষৰটো খণ্ডই কন্দোৱালে ধাৰাবাহিক খনৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলীৰ লগতে দৰ্শককো। ধাৰাবাহিকখনে আৰম্ভণিৰ পৰা টেলিভিছন পৰ্দাত এক উচ্চ মানদণ্ডৰ সৃষ্টি কৰি জনসাধাৰণক আকৰ্ষণ কৰি ৰাখিছিল। ধাৰাবাহিক খনৰ “মেঘালী” চৰিত্ৰটো ৰূপায়ন কৰা অভিনেত্ৰী স্বাগতা ভৰালীৰ বিষয়ে ইতিমধ্যে ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোক সকলোৱে জানিবলৈ পাইছে। ধাৰাবাহিকখন শেষ হ’লেও হয়টো চৰিত্ৰটোৱে দৰ্শকৰ মন গহ্বৰত ঠাই বনাবলৈ সক্ষম হৈছিল। ধাৰাবাহিক তথা স্বাগতাই আগন্তুক সময়তো এনে ঋণাত্মক চৰিত্ৰ ৰূপায়নৰ পৰিকল্পনা কৰিছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰূপালীপৰ্দাক অভিনেত্ৰীগৰাকীয়ে জনায় যে,”যিমান কেইদিন ধাৰাবাহিকখনৰ সৈতে থাকিলো, অভিনয় কৰিলো; খুব মনেৰে কৰিলো। ইয়াৰ গোটেই টীমটো বৰ আপোন আছিল যে এৰি অহা দিনা বহুত বেছি বেয়া লাগিছিল। আচলতে, শুনিলে হাঁহি উঠিব যে কালি যেতিয়া নিজৰেই ধাৰাবাহিকখনৰ শেষৰটো খণ্ড চাই আছিলো; নিজেই হুকহুঁকাই কান্দি পেলাইছিলো। পিছত হাঁহি উঠিছিল যদিও কিয় নাজানো সেই মূহুূৰ্তটোত বহুত বেছি দুখ লাগিছিল। প্ৰায় হয়ে যে আমি যেতিয়া এটা টীম ৱৰ্ক কৰি থাকো আৰু তাৰ পিছত যেতিয়া সেই কামটোৰ সমাপ্তি ঘটে তেতিয়া বহু বেছি দুখ লাগে; এনেকুৱা লাগে যে ক’ৰবাত কিবা এটা এৰি থৈ আহিছো। কিন্তু, খুব ভাল লাগিলে যে দৰ্শকে ধাৰাবাহিকখন ইমান বেছি আঁকোৱালি ল’লে; সকলোৱে কালিৰ দিনটোত দিয়া মেছেজৰ পৰা আৰম্ভ কৰি চচিয়েল মিডিয়াত শ্বেয়াৰ কৰালৈ এয়া এক বেলেগ অনুভৱ।”

"আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল"- স্বাগতা ভৰালী 2


স্বাগতাই কয় যে, “আমি ঠিক যেনেকুৱা বা যেনেদৰে বিচাৰিছিলো আমাৰ ধাৰাবাহিকখনেও ঠিক তেনেই এক গতি লৈছিল। আমি কিছু একঘেয়ামীতা এৰিবলৈ বিচাৰিছিলো, আনকি শেষৰ ফালেও স্বাভাৱিক সমাপ্তি এটাতকৈ অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিলো; থিয়েটাৰ ভৰাইছিলো। গতিকে যিখিনি আমাৰ চেষ্টা লগতে প্ৰচেষ্টা আছিল সেইখিনিত আমি সফল হৈছিলো দৰেই অনুভৱ কৰিছো। আনহাতে যদি মই মোৰ চৰিত্ৰটোৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে ক’ম যে মই চৰিত্ৰটোক নাজানো কিয় বহুত বেছি ভাল পাবলৈ লৈছিলো। শেষৰ ফাললৈ মোৰ চকুত সাংঘাতিক এটা নিগেটিভিটি ধৰা দিছিল। এনেকুৱা লাগিছিল যে মই সেই ঠাইলৈ গ’লে মানুহ মোক পিটিব অথবা শিলগুটি দলিয়াব যে মই কিয় কস্তুৰী-বিক্ৰমৰ সৈতে এনেকুৱা কৰিলো। মানুহৰ পৰা এনে মেছেজো পাইছিলো কিন্তু একাংশ এনে দৰ্শকেও মেছেজ কৰিছিলে যিয়ে আচলতে চৰিত্ৰটোক আৰু দৃঢ়তাৰে কৰিবলৈ মোক উৎসাহ যোগাইছিল; মোক কৈছিল যে “আমাৰ তোমাৰ ওপৰত উঠা খঙেই তোমাৰ অভিনয়ৰ সফলতা।” সঁচা অৰ্থত , আমিটো দৰ্শকৰ বাবেই কাম কৰো; যেতিয়া দৰ্শকে আমাক আকোঁৱালে, আমাৰ চৰিত্ৰ বোৰক মনোৰঞ্জন কৰে, মোক যেতিয়া কয় যে আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল; নিজকো মই এই চৰিত্ৰটো যোগেৰে নতুনকৈ চালো কিয়নো মই আগতেই কৈছো যে এনে চৰিত্ৰ মোৰ বাবে প্ৰথম। বিভিন্নতা আছিল “মেঘালী” চৰিত্ৰটোত; হিংসা, প্ৰেম, খং, আৱেগ আছিল চৰিত্ৰটোত মোৰ।

"আপুনি আমাক ভয় খুৱায়, সপোনত আহে আপুনি। এনেবোৰ কথাই মোক ভাল লগাইছিল"- স্বাগতা ভৰালী 3


শেষলৈ, মই এগৰাকী মনোবৈজ্ঞানিকৰ কাষ চাপিছিলো গতিকে এটা “চাইকো” ভাৱ আছিল চৰিত্ৰটোত। এই বিভিন্নটাই মোক নিজক বিচাৰি উলিওৱাত সহায় কৰিছিল; গতিকে এনেধৰণৰ এটা চৰিত্ৰৰ বাবে মই আগ্ৰহী হৈ পৰিছো; জপিয়াই যাম মই এইবাৰ চৰিত্ৰটো কৰিবলৈ । তথাপিও বেয়া লাগিছে যে টিভিত এতিয়াৰ পৰা মই নিজক নেদেখিম; ভাল লাগে নহয় নে মানুহবোৰে যেতিয়া ইমান সলাগ লয়, মেছেজ কৰে। তেওঁলোকৰ আগ্ৰহ খিনি পাবলৈ মই আগন্তুক সময়টো চেষ্টা কৰিম।” আগন্তুক পৰিকল্পনা কথা জানিবলৈ বিচৰাত স্বাগতাই কয় যে, কেইখন মান ছবি, নাটকৰ স্ক্ৰীপ্টৰ কাম কৰি থকা হৈছে যদিও সঠিক হৈ উঠা নাই কেতিয়াকৈ কি কৰিম! কিন্তু এই যে দুদিন বহি দিছো গাটো বৰ চাটি-ফুটি লাগি গৈছে। ঘৰত থাকি অশান্তি পাইছো গতিকে এটা ব্যস্ততাৰে ভৰা শ্বুটিং চেড্যুল বিচাৰিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform