Rupaliparda.com
"তেজা" য়ে সলালে মানসিকতা! কোনো নাৰী নহ'ল "এলাগী"- 1

“তেজা” য়ে সলালে মানসিকতা! কোনো নাৰী নহ’ল “এলাগী”-

এটি গীতে সলালে এটা শব্দৰ সংজ্ঞা। হয়, আপুনি ঠিকেই শুনিছে সৰুৰ পৰাই এটা নিৰ্দ্দিষ্ট শব্দক লৈ থকা মানসিকতা সলনি কৰিছে এতিয়া একাংশ বৰ্তমান প্ৰজন্মৰ উদীয়মান যুৱ প্ৰতিভাই। আমি বহুতেই “এয়া কৰিবলৈ নাপায়” অথবা “তেওঁ এলাগী; তেওঁক নুচুবি” ৰ দৰে বিভিন্ন কথা শুনিছো। আমি ইয়াৰ যথোপযুক্ত সংজ্ঞা বিচাৰ নকৰাকৈ আদেশৰূপে দিয়া কৰ্মটোক হয়টো কৰিবলৈও নাই যোৱা। এনে উত্তৰহীন বহু প্ৰশ্নই আবদ্ধ হৈ থাকে এগৰাকী নাৰীক লৈ; প্ৰশ্নবোৰ সকলোৰে মনত ক্ৰিয়া কৰে যদিও ইয়াক অন্যমনস্কতাৰ চোতালত দলিয়াই পেলোৱা হয়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এটি গীতৰ কথাই কিন্তু সলাইছে জনসাধাৰণৰ মানসিকতা; সাধুকথাৰ কাহিনীত “তেজা” ক এলাগী আখ্যা দিয়াৰ যি এক প্ৰথা চলি আহিছে তাক সলনি কৰাৰ পৰিকল্পনা কৰিছে এতিয়া এওঁলোকে। সমাজৰ কোনো গৰাকী নাৰীয়ে যে “এলাগী” হৈ থকা নাই তাক সুন্দৰ ৰূপত বাখ্যা কৰা হৈছে গীতটিৰ জৰিয়তে। Ridip Abhilash Craftlet ৰ নিবেদনত মুক্তিপ্ৰাপ্ত এই গীতটিক বৰ্তমান আঁকোৱালি লৈছে সংগীত প্ৰেমী জনসাধাৰণে।

সমাজৰ একাংশ নাৰীৰ ব্যক্তিগত জীৱনৰ এটা অংশক সুন্দৰ ৰূপত বাখ্যা কৰি নিৰ্মিত এই গীতটিয়ে দিয়া আমোদক বৰ্তমান সঁহাৰি জনাইছে শ্ৰোতাই। উক্ত “তেজা” শীৰ্ষক গীতটিৰ কথা আৰু পৰিকল্পনা অভিলাস দাসৰ। সংগীত পৰিচালনা আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে ৰিদিপ লহকৰ লগতে গীতটিত কন্ঠদান কৰিছে মৃন্ময়ী চেতিয়া আৰু অবিনাশ নেওঁগে। লগতে, গীতটিৰ পোষ্টাৰ ডিজাইন সুমন গোস্বামীৰ; ভিডিঅ’টোৰ এনিমেশ্বন ৰক্তিম ভূঞাৰ। এওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত কেইবাটাও গীতে ইতিমধ্যে শ্ৰোতাৰ কাষ চাপিছে। “দিহিং- পাটকাই”, “যাবাগৈ” আদি গীতবোৰ নিশ্চয় আপোনালোকেও উপভোগ কৰিছে।

"তেজা" য়ে সলালে মানসিকতা! কোনো নাৰী নহ'ল "এলাগী"- 2

সদ্যমুক্তিপ্ৰাপ্ত “তেজা” ত আছে আৱেগ আৰু একাংশ নাৰী জীৱনৰ সুন্দৰ বাখ্যা। গীতটিক লৈ উৎসাহী জনসাধাৰণ; আগন্তুক সময়তো কিছু ব্যতিক্ৰমী গীতৰ বাবে অপেক্ষাৰত ৰাইজ। নৱপ্ৰজন্মৰ বিষয়বস্তু বোৰ বৰ্তমান উল্লেখনীয়। ইটোৰ পিছত সিটো নতুন বিষয়বস্তুৰে আগবাঢ়িছে এওঁলোক। সৰ্বসাধাৰণ ৰাইজক এতিয়া কিছু সময়ৰ আহৰি আৰু মনোৰঞ্জনৰ প্ৰয়োজন;গতিকে এনেক্ষেত্ৰত যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টিবোৰ উল্লেখনীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.