Rupaliparda.com
ধাৰাবাহিক "সৰাপাত" ত অমৃতা গগৈঃ 1

ধাৰাবাহিক “সৰাপাত” ত অমৃতা গগৈঃ

দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ বাৰ ধাৰাবাহিকলৈ অভিনেত্ৰী অমৃতা গগৈ। অভিনেত্ৰী গৰাকীয়ে নিজেই এই কথা জানিবলৈ দিলে অনুৰাগীক। ৰং চেনেলযোগে সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিক “সৰাপাত” ত দেখিবলৈ পোৱা যাব অমৃতা গগৈক। নিশা ৮ বজাত আৰু ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া এই ধাৰাবাহিকখনত আজিৰ খণ্ডটিৰ পৰা দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। বিগত বহু দিনৰ পিছত টেলিভিছন পৰ্দালৈ অমৃতা গগৈৰ আগমন হ’ব বুলি জানিও উৎসাহিত হৈ পৰিছে জনসাধাৰণ। পূৰ্বৰ “লক-ডাউন” ৰ সময়ছোৱাত বিভিন্ন ধৰণে চচিয়েল মিডিয়াত সক্ৰিয় হৈ অনুৰাগীক মনোৰঞ্জন কৰোৱাইছিল অভিনেত্ৰী অমৃতাই। কেতিয়াবা ব্যতিক্ৰমী কচৰৎ কৰি নহ’লে কেতিয়াবা খাদ্য প্ৰস্তুতকৰণৰ ভিডিঅ’ আপলোড কৰি জনসাধাৰণৰ কাষতেই থকা প্ৰয়াস কৰিছিল।”ছয়গাঁৱৰ চম্পা” লগতে “অহেতুক” ত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত স্থিতি মজবুত কৰা অমৃতা গগৈৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া।

ধাৰাবাহিক "সৰাপাত" ত অমৃতা গগৈঃ 2
ধাৰাবাহিক "সৰাপাত" ত অমৃতা গগৈঃ 3


প্ৰায়ে বিভিন্ন পোষ্টৰ দ্বাৰা দৰ্শকক আপ্লুত কৰে অভিনেত্ৰী গৰাকীয়ে।বিগত বছৰৰ ডিচেম্বৰ মাহত মুক্তিপ্ৰাপ্ত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল। অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে দৰ্শকক আকৰ্ষণ কৰিছিল যদিও ছবিখন মুক্তি পোৱা সময়ছোৱাতে ৰাজ্যত আৰম্ভ হোৱা বিতৰ্কিত “কা” বিৰোধী আন্দোলনে ছবিখনৰ বস্ক অফিচ কালেকচনত প্ৰভাৱ বিস্তাৰ কৰে। চলিত বৰ্ষতো অমৃতাৰ কেইবাখনো ছবি মুক্তি লাভ কৰা কথা আছিল। কিন্তু সম্প্ৰতি পৰিস্থিতিক কেন্দ্ৰ কৰি এয়া বৰ্তমান অনিশ্চয়তাৰ কবলত।

Add comment

Leave a Reply