Rupaliparda.com
নাৰীৰ আত্মৰক্ষা; প্ৰয়োজনীয় নে আৱশ্যক? আহি আছে "COMBAT"- 1

নাৰীৰ আত্মৰক্ষা; প্ৰয়োজনীয় নে আৱশ্যক? আহি আছে “COMBAT”-

এগৰাকী নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া নাৰী সকলকে আৰম্ভ কৰি ভিন্ন জন সৰ্বসাধাৰণ ব্যক্তিয়ে মাত মাতিছে। দেশত সংঘটিত কিছুমান কাৰ্য্যই প্ৰত্যেককে লজ্জিত কৰাৰ উপৰিও নাৰীৰ সুৰক্ষাৰ ওপৰত এক প্ৰশ্নৰো সৃষ্টি কৰি তুলিছে। কণমানি শিশুৰ পৰা আৰম্ভ কৰি একাংশ কম বয়সীয়া যুৱতীও বলি হ’বলগীয়া হয় কেইটামান নৰপিশাচৰ। সংবাদ মাধ্যমতো এনে বহু বাতৰি নিশ্চয় আপোনালোকে শুনিছে; এই বিষয়ত কোনোৱে যদি বুকু ডাঠ কৰি মাত মাতিছে আনহাতে কোনোৱে সমাজৰ সন্মুখত নিশ্চুপ হৈ পৰিছে। কোনোৱে দৃঢ়তাৰে মাত মাতিলেও আকৌ তেওঁৰ মাতক ৰখাই থোৱাৰ চেষ্টা কৰা হৈছে বহুতত; এনে ঘটনা সুলভ বৰ্তমান দেশত। প্ৰতিটো দিনেই আমি এনে কোনো ঘটনা শুনিবলৈ পাওঁ আৰু একমাত্ৰ সমবেদনা জনোৱাৰ বাদে আমাৰ তাত কৰণীয় একো নাথাকে। কিন্তু, সঁচা কথা ক’বলৈ গ’লে কৰণীয় আছে; প্ৰয়াস কৰিবলৈ এক দৃঢ় মনৰ আৱশ্যক আছে। সম্প্ৰতি সময়ত নাৰীয়ে নিজৰ সুৰক্ষা নিজেই কৰিব লগাটো বাধ্যতামূলক; প্ৰতিজন পিতৃ-মাতৃ এই ক্ষেত্ৰত সষ্টম হৈ থিয় দিয়াটো প্ৰয়োজন। এনে প্ৰসংগক্ৰমে, মনোৰঞ্জন ক্ষেত্ৰখনতো উক্ত বিষয়বস্তুটোক কেন্দ্ৰ কৰি ভিন্ন প্ৰকল্পৰ সৃষ্টি হৈছে; জনসাধাৰণে এই বিষয়টোক অতি ওচৰৰ পৰা হৃদয়ংগম কৰিছে। গতিকে এই বিষয়বস্তুটোকে আধাৰ হিচাপে লৈ আকৌ এবাৰ নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ৱেব চিৰিজ; যি অতিশীঘ্ৰেই দৰ্শকৰ সমুখলৈ আহিবলৈ সাজু হৈছে।


Tas Production ৰ বেনাৰত নিৰ্মিত এই ৱেব চিৰিজ খনৰ নাম হৈছে “COMBAT”। ইতিমধ্যে ট্ৰেইলাৰ মুক্তি লাভ কৰা এই ৱেব চিৰিজ খনৰ পৰিচালনা অশোক বৰাৰ লগতে ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য অৰূপ স্পৰ্শৰ। ত্ৰিদীপ কলিতাৰ দৃশ্যগ্ৰহণেৰে ৱেব চিৰিজখনৰ একচন পৰিচালনা প্ৰাঞ্জল বৰাৰ। ৱেব চিৰিজ খনত অভিনয় কৰিছে হিমাশ্ৰী ৰাভা, টুনটুন মেধি, দিব্যজ্যোতি মেধি, বিশ্বজিৎ মেধি, কৃষ্ণ বাচফৰ, সাগৰিকা মেধি, অঞ্জনা ঠাকুৰ, ৰিতুল মেধি, ধীৰাজ ডেকা, মিনাৰাজ কোঁৱৰ, বিকাশ কোঁৱৰ, পাপু চক্ৰৱৰ্তী, পংকজ দলৈ, মৃয়ান বৰা আৰু আশুতোষ বৰুৱাই। Tas Production ৰ ব্যক্তিগত ইউটিউব চেনেল যোগে মুক্তি পাবলগীয়া এই ৱেব চিৰিজখন মুঠ চাৰিটা খণ্ডযুক্ত; প্ৰথম খণ্ডটো আগন্তুক ৫ তাৰিখৰ ভিতৰত জনসাধাৰণৰ মাজত মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।

নাৰীৰ আত্মৰক্ষা; প্ৰয়োজনীয় নে আৱশ্যক? আহি আছে "COMBAT"- 2
নাৰীৰ আত্মৰক্ষা; প্ৰয়োজনীয় নে আৱশ্যক? আহি আছে "COMBAT"- 3


বৰ্তমান মনোৰঞ্জন তথা আমোদ প্ৰদানৰ গুৰুত্বপূৰ্ণ মাধ্যম হৈছে চচিয়েল মিডিয়া। ক’ৰোণা ভাইৰাছৰ ত্ৰাসৰ মাজত সাধাৰণ জনজীৱন প্ৰায় স্তব্ধ হোৱা পৰিলক্ষিত হৈছে। এক নিৰ্দ্দিষ্ট সময়ৰ মাজত আৱদ্ধ হৈ নিজৰ লাগতিয়াল কাম কাজ সমূহ সম্পন্ন কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। তেনেক্ষেত্ৰত এনে ধৰণৰ ৱেব চিৰিজে আমোদ দিয়াৰ লগতে নাৰীক কিছু ক্ষেত্ৰত আৰু অলপ আগুৱাই যোৱাত যে সহায় কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform