Rupaliparda.com
কিছু জনা-নজনা, দেখা-নেদেখা কাহিনীৰেই সোঁৱাদ দিবলৈ আহি আছে "কুবিত"- 1

কিছু জনা-নজনা, দেখা-নেদেখা কাহিনীৰেই সোঁৱাদ দিবলৈ আহি আছে “কুবিত”-

আকৌ এখন ন-চুটি ছবি আৰু আকৌ এটা নতুন বিষয়বস্তু আৰু আকৌ কেইগৰাকীমান উদীয়মান নৱপ্ৰজন্ম। মুঠতে, তেওঁলোকৰ সৃষ্টি-মানসিকতা অথবা বিষয়বস্তুৰ ক্ষেত্ৰত জনসাধাৰণৰো উৎকন্ঠাৰ মোহৰ লাগিবলৈ ধৰিছে। সমাজত থকা প্ৰেম, বিদ্ৰোহ আদিৰ উৰ্দ্ধতো কিছু এনে ঘটনাৰ সংঘটিত হয় যিয়ে সৰ্বসাধাৰণ ৰাইজক বহু সময়ত ব্যতিব্যস্ত কৰি তোলে। চুটি ছবি সমূহে এনে কিছু বিষয়বস্তুৰ উপস্থাপন কৰিছে য’ত জনসাধাৰণে সম্প্ৰতি সময়ৰ এখন প্ৰতিচ্ছবিক দেখিবলৈ সক্ষম হৈছে। সাধাৰণতে বৰ্তমান কেওঁদিশে কেৱল দূৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ চূড়ান্ত ৰূপ দেখিবলৈ পোৱা গৈছে। খাঁটি খোৱা লোকৰ অৱস্থা লগতে সাধাৰণজনৰ জনজীৱনে এবেলাৰ ভাত মুঠি খাবলৈও সংগ্ৰাম, কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। “কলা ধন”; এই শব্দটোক আমি প্ৰায়ে ব্যৱহাৰ কৰো। একোগৰাকী নাম জ্বলা লগতে সমাজত উচ্চস্তৰত প্ৰতিষ্ঠিত আৰু স-সন্মানিত একোজন ব্যক্তিৰ যেতিয়া ক’লা অধ্যায় সমুখলৈ আহে তেতিয়া ৰাইজ হতহম্ভ হৈ পৰে। এনে তথাকথিত কিছু প্ৰক্ৰিয়াৰে চলি আছে আজিৰ সমাজ আৰু আমাৰ দেশ। হেৰুৱাবলগীয়া জনে হেৰুৱাই আছে; পাবলগীয়া জনে প্ৰতিদিনেই যিকোনো প্ৰকাৰে লাভাম্বিত হৈ আছে।


ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা “বিমুদ্ৰাকৰণ” ৰ সময়ত দেশত এক সাংঘাতিক সলনিৰ আশা কৰিছিল প্ৰতিজনে। ১০০০ আৰু ৫০০ টকাৰ নোট সলনি হোৱাত একাংশৰ কলা ধনেও মেলানি মাগাৰ সপোন ৰচিছিল বহুতেই; কিন্তু এয়া যেন ফুটুকাৰ ফেন। এটা সময়ত গৈ এই আটাইবোৰ কলা ধন বগালৈ পৰিণত কৰাৰ এক প্ৰক্ৰিয়া একাংশই বাচি উলিয়াই কাম আৰম্ভ কৰিছিল। এনে এক বিষয়বস্তুক লৈয়ে মুক্তিৰ কাষ চাপিছে এখন চুটি ছবি “কুবিত”; সূদৰ্শন নাথ আৰু মৃন্ময় শইকীয়াৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ট্ৰেইলাৰ। কাহিনী আৰু চিত্ৰনাট্য সূদৰ্শন নাথৰ লগতে ইয়াত অভিনয় কৰিছে বনদীপ শৰ্মা, সূদৰ্শন নাথ, ত্ৰিদিশা পৰাশৰ, প্ৰতীম হাজৰিকা, সপ্তৰ্ষি গগৈ, সচিন্দ্ৰ শৰ্মা আৰু তপন গোস্বামীয়ে। মৃন্ময় শইকীয়াৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে চুটি ছবিখনৰ পোষ্টাৰ ডিজাইন দেৱব্ৰত ফুকনৰ। সংগীত জয়াদিত্য চৌধাৰীৰ।

কিছু জনা-নজনা, দেখা-নেদেখা কাহিনীৰেই সোঁৱাদ দিবলৈ আহি আছে "কুবিত"- 2


সমাজত সংঘটিত বহু কাহিনী আমি সংবাদ মাধ্যমযোগে দেখিছো, শুনিছো। কিছু কাহিনীৰ সৈতে আমি একোটা চৰিত্ৰ হৈও আছো। গতিকে এনে কিছু জনা-নজনা, দেখা-নেদেখা কাহিনীৰেই সোঁৱাদ দিব “কুবিত” য়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform