Rupaliparda.com
সঞ্জয় লীলা ভঞ্চালিৰ এইবাৰ প্ৰথম পচন্দ নহয় ৰণৱীৰ সিংঃ 1

সঞ্জয় লীলা ভঞ্চালিৰ এইবাৰ প্ৰথম পচন্দ নহয় ৰণৱীৰ সিংঃ

সঞ্জয় লীলা ভঞ্চালিৰ ছবিত এইবাৰ ৰণৱীৰ সিং নহয়; থাকিব অইন এজন বেলেগ অভিনেতাহে। নিৰ্দেশক সঞ্জয় লীলাৰ ছবি “বেজু বাবৰা” য়ে সংবাদ শিৰোনাম দখল কৰি অহা আমি দেখিবলৈ পাইছিলো। এইবাৰো পৰিচালক গৰাকীৰ বাবে প্ৰথম পচন্দ ৰূপে অভিহিত কৰা হৈছিল অভিনেতা ৰণৱীৰ সিঙক; যাৰ সৈতে ইতিমধ্যে সঞ্জয় লীলা ভঞ্চালিয়ে ৰামলীলা, বাজিৰাও মষ্টানী লগতে পদ্মাৱতৰ দৰে কেইবাখনো ছবি নিৰ্মাণ কৰিছে। কিন্তু এতিয়া অহা খবৰনুসৰি বৰ্তমান এই ছবিখনৰ বাবে গ্ৰহণ কৰা হৈছে ৰণৱীৰ কাপুৰকহে।

সঞ্জয় লীলা ভঞ্চালিৰ এইবাৰ প্ৰথম পচন্দ নহয় ৰণৱীৰ সিংঃ 2

জানিব পৰা মতে, বিগত দিনৰ পৰা ৰণৱীৰ কাপুৰ আৰু সঞ্জয় লীলা ভঞ্চালিৰ মাজত এই ছবিখনক লৈ কথা-বতৰা চলি আছে যদিও নিশ্চিত ৰূপত কোনো বিতং তথ্য এতিয়াও জনাসাধাৰণক দিয়া হোৱা নাই। তৎস্বত্বেও, একাংশৰ মতে সঞ্জয় লীলা ভঞ্চালিয়ে নিজ ছবি আনিব ৰণৱীৰ কাপুৰৰ সৈতেহে। আনহাতে ইয়াকো শুনিবলৈ পোৱা গৈছে যে ছবিখনত দুটা মূখ্য চৰিত্ৰ থাকিব য’ত এগৰাকীয়ে ৰূপায়ন কৰিব বেজুৰ চৰিত্ৰ আৰু আনজনে ৰূপায়ন কৰিব তানসেনৰ চৰিত্ৰ। ইয়াত বৰ্তমান বেজুৰ চৰিত্ৰটোৰ বাবে নাম বাহিৰলৈ আহিছে ৰণৱীৰ কাপুৰৰ।

সঞ্জয় লীলা ভঞ্চালিৰ এইবাৰ প্ৰথম পচন্দ নহয় ৰণৱীৰ সিংঃ 3


অৱশ্যে কিছু দিন পূৰ্বে ৰণৱীৰ নিৰ্মাতা গৰাকীৰ অফিচলৈও যোৱা বুলি জানিব পৰা গৈছিল। গতিকে বৰ্তমান এই আটাইবোৰ কথাই এক কথাই স্পষ্ট কৰিছে যে আগন্তুক সময়ত হয়টো ৰণৱীৰ সিং আৰু সঞ্জয় লীলা ভঞ্চালিৰ যুঁটি ভাঙি ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব ৰণৱীৰ কাপুৰ আৰু ভঞ্চালিক। উল্লেখ্য যে, সঞ্জয় লীলা ভঞ্চালিয়ে ছবিখনৰ সন্দৰ্ভত বিগত বৰ্ষৰ পৰাই কাম কৰা আৰম্ভ কৰিছিল আৰু অতি সোনকালেই ই দৰ্শকৰ মাজলৈ আহিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform