Rupaliparda.com
এইবাৰ কংগনা ৰাণাঁওটে অন্য তাৰকাক কৰোৱাবলৈ কৈছে নিজৰ তেজ পৰীক্ষা; কিন্তু কিয়? পঢ়কঃ 1

এইবাৰ কংগনা ৰাণাঁওটে অন্য তাৰকাক কৰোৱাবলৈ কৈছে নিজৰ তেজ পৰীক্ষা; কিন্তু কিয়? পঢ়কঃ

কংগনা ৰাণাঁওটে বৰ্তমান বলীউড চিলেব্ৰেটীৰ ড্ৰাগছ সেৱন কৰাক লৈ বিভিন্ন আৰোপ লগোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ কৰা টুইটত অভিনেত্ৰী গৰাকীয়ে কেইবাগৰাকীও আন আন অভিনেতা-অভিনেত্ৰীক এক পৰামৰ্শ জ্ঞাপন কৰে য’ত তেওঁ এই তাৰকা সকলক ব্লাড টেষ্ট কৰাৰ পৰামৰ্শ দিয়ে। বিগত সময়ৰ পৰা এই অভিনেতা-অভিনেত্ৰী সমূহৰ ওপৰত চলি থকা আৰোপ সমূহৰ বাবেই কংগনাই এই কথা টুইট কৰি কয়। কংগনাই ৰণৱীৰ সিং, ৰণৱীৰ কাপুৰ, আয়ান মূখাৰ্জী আৰু বিকি কৌশলক নিজৰ তেজৰ পৰীক্ষা কৰোৱাৰ কথা ব্যক্ত কৰে। কংগনাই কয় যে,” মই ৰণৱীৰ সিং, ৰণৱীৰ কাপুৰ, আয়ান মূখাৰ্জী আৰু বিকি কৌশলক ড্ৰাগ টেষ্টৰ বাবে তেওঁলোকৰ নিজৰ নিজৰ তেজ পৰীক্ষা কৰোৱাৰ অনুৰোধ কৰিছো, কিছু উৰা বাতৰি এনে আছে যিয়ে কৈছে যে তেওঁলোকে কোকিনৰ নিচা কৰে, গতিকে মই বিচাৰো এই উৰা বাতৰি সমূহক তেওঁলোকে উফৰাই পেলাওঁক। এনে কৰি তেওঁলোকে বহু অন্য লোকক প্ৰেৰণা দিব পাৰে।”

https://twitter.com/KanganaTeam/status/1301048594988896258?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1301048594988896258%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-kangana-ranaut-wants-ranveer-singh-ranbir-kapoor-vicky-kaushal-and-ayan-mukerjito-take-a-drug-test-20698993.html
এইবাৰ কংগনা ৰাণাঁওটে অন্য তাৰকাক কৰোৱাবলৈ কৈছে নিজৰ তেজ পৰীক্ষা; কিন্তু কিয়? পঢ়কঃ 2
https://twitter.com/Sorry__Babu/status/1301037962738544640?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1301039439959920640%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-kangana-ranaut-wants-ranveer-singh-ranbir-kapoor-vicky-kaushal-and-ayan-mukerjito-take-a-drug-test-20698993.html


কংগনাই এই টুইটৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কো টেগ কৰে। কিছুদিন পূৰ্বে কংগনাই টুইট কৰি কৈছিল যে তেওঁকো নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱা হৈছিল। তেওঁৰ মতে তেওঁ যেতিয়া এই ইণ্ডাষ্ট্ৰীটোত নতুন আছিল তেতিয়া তেওঁৰ গুৰুৱে তেওঁৰ ড্ৰিংকত নিচাযুক্ত দ্ৰৱ্য মিলাইছিল। ইয়াৰ উপৰিও কংগনাই কয় যে তেওঁক বহুবাৰ আৰক্ষী চকীলৈ যোৱাৰ পৰা ৰখোৱা হৈছিল। তেওঁ যেতিয়া প্ৰসিদ্ধ ফিল্ম পাৰ্টী বোৰত গৈছিল তেতিয়াই তেওঁ ড্ৰাগছ, নিচা আৰু মাফিয়াৰ পৃথিৱীখন চিনি পাইছিল বুলি ব্যক্ত কৰে কংগনাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform