একোজন নৱপ্ৰজন্মৰ প্ৰতিভা আৰু তেওঁলোকৰ সৃষ্টি সমূহে দৰ্শকৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে; লগতে তেওঁলোকৰ সৃষ্টি সমূহেও আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে দৰ্শকক। শেহতীয়াকৈ জনসাধাৰণৰ সমুখলৈ অহা এখন নতুন মুখ হৈছে শ্ৰেষ্ঠা চৌধুৰীৰ; চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা শ্ৰেষ্ঠাই ইতিমধ্যে নিজৰ অভিনেয়েৰে দৰ্শকৰ হৃদয়ত ঠাই বনাইছিল। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আগন্তুক ছবি “দ্যা শ্লেম বুক” ৰ মূখ্য চৰিত্ৰত দেখা পাবলগীয়া এই অভিনেত্ৰী গৰাকীক কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল চুটি ছবি “I Like Your T-Shirt” ত; চুটি ছবিখনত কমল লোচনৰ সৈতে শ্ৰেষ্ঠাৰ যুঁটি লগতে তেওঁলোকৰ অভিনয় ইত্যাদিক বহুলভাৱে সহাঁৰিও জনাইছিল অসমীয়া জনসাধাৰণে। উল্লেখ্য যে, “লক-ডাউন” ৰ সময়ছোৱাত অসমীয়া চিলেব্ৰেটীসমূহে নিজৰ আন এক ৰূপ উপস্থাপন কৰাত সক্ষম হৈছিল; কোনোৱে যদি পাকঘৰত সোমাই নতুন ব্যঞ্জন বনাইছিল তাতেই আকৌ আন কোনোৱে আঁকিছিল একোখন চিত্ৰ। মুঠতে, আজৰি সময়ত চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অৱস্থাত নিজৰ ন-ৰূপটোৰ সৈতেও চিনাকী হৈছিল এই অভিনেতা-অভিনেত্ৰী সকলে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰা যোগে যেতিয়া শ্ৰেষ্ঠাক প্ৰশ্ন কৰা হৈছিল যে, “লক-ডাউন” ৰ সময়ছোৱাত নিজৰ মাজত কিবা নতুন তুমি অনুভৱ কৰিছানে? ব্যস্ততাৰ সময়বোৰৰ পৰা আঁতৰি কি নতুন কৰা প্ৰয়াস কৰাৰ তোমাৰ?” উক্ত প্ৰশ্নৰ উত্তৰত শ্ৰেষ্ঠাই কয় যে,

“লক-ডাউন” ৰ সময়ত নিজৰ মাজত কি নতুন অনুভৱ কৰিছো সেয়া সঠিককৈ ক’ব নোৱাৰো যদিও এইটো সময়ত চাফ-চিকুণতাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ ধৰিছো। ঘনাই হাত ধুবলৈ লৈছো লগতে অনুভৱ কৰিছো যে “Sanitization” বোলা বস্তুটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ! ইয়াৰ উপৰিও, আমি ব্যস্ততাৰ বশৰ্ৱতী হৈ কেতিয়াবা পৰিয়ালৰ সৈতে সময় কটাবলৈ পাহৰি থাকো; মৰম যথেষ্ট থাকে কিন্তু আমি প্ৰায় লাগি থাকিব নোৱাৰো। এই “লক-ডাউন” ৰ সময়ত যেতিয়া ঘৰত থাকিলো তেতিয়া অনুভৱ কৰিছিলো যে আমি অজানিতে নিজৰ মানুহ বোৰৰ পৰা আঁতৰি আছিলো। নিজক সময় দিবলৈ শিকিছো, ফোন অথবা কিছুমান বাহিৰা কথাৰ পৰা বাহিৰ ওলাই কিছু সময়ৰ বাবে কেৱল মাত্ৰ নিজৰ কথা ভাৱিবলৈ শিকিলো। আৰু, এইখিনি সময়ত মই নতুন কিবা চেষ্টা কৰাৰ ভিতৰত আছিল মই বনাবলৈ শিকিছিলো। আচলতে “লক-ডাউন” ৰ পূৰ্বৰ সময়ছোৱাত সকলোৱে এই কামটো কৰিছিল গতিকে মইও ব্যতিক্ৰম নাছিলো।

আনহাতে, মই আগতে ভাবিছিলো যে মই নাচিব নাজানো। গতিকে, মই এই কথাটোত অকণমান গুৰুত্ব দি নাচিবলৈ লৈছিলো আৰু এই খিনি সময়ত দৰ্শকে দিয়া সঁহাৰিয়ে মোক যথেষ্ট উৎসাহ যোগালে। মোৰ সেইকাৰণে নিজৰ ওপৰত অকণমান এইক্ষেত্ৰত বিশ্বাস আহিল যে “অ মই এইকণ সময়ত কিবা এটা নতুন নিজৰ বাবে কৰিলো। মই শিকিলো অকণমান হ’লেও নাচিবলৈ।” মডেলিঙৰ পৰা অভিনয় ক্ষেত্ৰলৈ আগবঢ়া শ্ৰেষ্ঠাৰ বৰ্তমান সময়ত অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া।
Add comment