Rupaliparda.com
"তুমি নাই" ৰ বাবে হওঁক সাজুঃ আকৌ এবাৰ ৰাহুলৰ শব্দ, প্ৰবীণৰ সুৰ আৰু জুবিন গাৰ্গৰ কন্ঠ- 1

“তুমি নাই” ৰ বাবে হওঁক সাজুঃ আকৌ এবাৰ ৰাহুলৰ শব্দ, প্ৰবীণৰ সুৰ আৰু জুবিন গাৰ্গৰ কন্ঠ-

সদ্যমুক্তিপ্ৰাপ্ত ৰোমান্টিক গীত “ভবাই নাছিলো” য়ে কম সময়তে পোৱা জনপ্ৰিয়তাৰ সমান্তৰালকৈ আকৌ এবাৰ আন এটি গীতৰ সৈতে আহিবলৈ সাজু হৈছে নতুন প্ৰডাকচন হাউচ Atlas Creation Production। এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া দ্বিতীয়টো গীতৰ প্ৰস্তুটিত ব্যস্ত বৰ্তমান কলা-কুশলী। “তুমি নাই” শীৰ্ষক এটি গীতৰ সৈতে অতি সোনকালে সংগীত প্ৰেমী শ্ৰোতাৰ কাষ চপাৰ কথা জানিবলৈ দিয়ে গীতিকাৰ ৰাহুল দে দাসে। উল্লেখ্য যে, “ভবাই নাছিলো” গীতটিৰ বিষয়ে আৰু নতুনকৈ কিবা এটা লিখাৰ প্ৰয়োজন হয়টো নাই আৰু বৰ্তমান এনে কোনো শ্ৰোতা তথা দৰ্শকো নাই যিয়ে গীতটি এতিয়ালৈ উপভোগ কৰা নাই। মুঠতে, বহু দিনৰ পৰা অপেক্ষাৰত এটি সুন্দৰ ৰোমান্টিক গীতৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছিল “ভবাই নাছিলো” য়ে। জুবিন গাৰ্গৰ কন্ঠৰ এটি ৰোমান্টিক গীতে সৰুৰ পৰা আৰম্ভ কৰি প্ৰতিজন যুৱপ্ৰজন্মকে যে আকৰ্ষণ কৰে সেই কথা নুই কৰিব পৰা নাযায়; সমান্তৰালকৈ দীপলিনা ডেকাইও এক স্তৰত গৈ জনসাধাৰণৰ হৃদয়ত ঠাই বনাইছে। “ভবাই নাছিলো” গীতটিৰ কথাও আছিল আচলতে লেখত ল’বলগীয়া; গীতিকাৰ ৰাহুল দে দাসৰ প্ৰতিটো শব্দই যেন চুইছিল শ্ৰোতাক।

"তুমি নাই" ৰ বাবে হওঁক সাজুঃ আকৌ এবাৰ ৰাহুলৰ শব্দ, প্ৰবীণৰ সুৰ আৰু জুবিন গাৰ্গৰ কন্ঠ- 2


এইবাৰৰ আহিবলগীয়া গীত “তুমি নাই” টো আছে ৰাহুল আৰু জুবিন গাৰ্গৰ এই যুঁটিটো। গীতটিত সুৰ দিছে প্ৰবীণ বৰাই আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। আহিবলগীয়া এই গীতটিক লৈ এতিয়া উৎসাহিতও হৈ পৰিছে অধিকাংশ অসমীয়া শ্ৰোতা; সঁচা কথা ক’বলৈ গ’লে সংগীত ক্ষেত্ৰখনলৈ অহা একোটা নতুন গীত আৰু তেওঁলোকৰ কথা তথা সংগীতৰ ক্ষেত্ৰলৈ আহি তেওঁলোকৰ গীতৰ বহুল জনপ্ৰিয়তা আমি সকলোৱে দেখিছো। জুবিন গাৰ্গ এটা ব্ৰেণ্ড আৰু লগতে নৱপ্ৰজন্মৰ প্ৰতিভাৱান একোজন যুৱক-যুৱতীৰ সৈতে তেওঁ কৰা একোটা কাম হৈছে বহু নৱপ্ৰজন্মৰ উৎসাহৰ কাৰণ। ২০১৪ চনৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে চিনাকী হোৱা ৰাহুল দে দাসৰ নামটোও সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। কেইবাটাও গীতৰ কথাৰে গীতটিক জনপ্ৰিয় কৰি তোলাত হাত আছে ৰাহুলৰ।

"তুমি নাই" ৰ বাবে হওঁক সাজুঃ আকৌ এবাৰ ৰাহুলৰ শব্দ, প্ৰবীণৰ সুৰ আৰু জুবিন গাৰ্গৰ কন্ঠ- 3
"তুমি নাই" ৰ বাবে হওঁক সাজুঃ আকৌ এবাৰ ৰাহুলৰ শব্দ, প্ৰবীণৰ সুৰ আৰু জুবিন গাৰ্গৰ কন্ঠ- 4


আকৌ এবাৰ এটি নতুন গীত আৰু জুবিন গাৰ্গ কন্ঠ লগতে ৰাহুল দে দাসৰ হৃদয়স্পৰ্শী শব্দ; এই আটাইবোৰৰ সংমিশ্ৰণৰ বাবে আচলতে আমি ক’ব নোৱাৰাকৈয়ে হৈ পৰো উৎসাহিত।

Add comment

Leave a Reply

Most popular