Rupaliparda.com
ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ "বিগ বছ ১৪" ৰ বাবে সাজু সকলো- 1

ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ “বিগ বছ ১৪” ৰ বাবে সাজু সকলো-

ৰিয়েলিটী শ্ব’ “বিগ বছ” ৰ যেতিয়াই বছৰটোত আৰম্ভণি হয় তেতিয়াৰ পৰাই ই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। চলিত বৰ্ষটোও “বিগ বছ ১৪” আৰম্ভণিৰ বাবে সাজু হৈ পৰিছে; খবৰনুসৰি ই আগন্তুক মাহৰ পৰাই মুক্তি লাভ কৰিব। ইতিমধ্যে শ্ব’টোৰ প্ৰমো’ মুকলি কৰা হৈছে আৰু অভিনেতা ছলমান খানেও নিজ প্ৰস্তুতি আৰম্ভ কৰিছে। শ্ব’টো সন্দৰ্ভত নিতৌ ন-ন তথ্য বাহিৰ অহা দেখিবলৈ পোৱা গৈছে; কেতিয়াবা শ্ব’লৈ আহিবলগীয়া চিলেব্ৰেটীৰ ক্ষেত্ৰত আৰু কেতিয়াবা এইবাৰৰ শ্ব’টোৰ বিষয়বস্তুৰ ওপৰত। শেহতীয়াকৈ শ্ব’টোক লৈ যিটো খবৰ অহা দেখিবলৈ পোৱা গৈছে সেইটো হ’ল ছলমান খানৰ পাৰিশ্ৰামিক। আচলতে, শ্ব’টো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ ফিজক লৈ চৰ্চা হোৱাটো কোনো নতুন কথা নহয়। ছলমান খানে বিগত ১০ টা সংস্কৰণ “বিগ বছ” ৰ ঘোষক ৰূপত আছে; আৰু প্ৰতিটো সংস্কৰণত নিজৰ ফিজ বঢ়াইছে চুপাৰষ্টাৰ গৰাকীয়ে। এইবাৰ তেওঁ ফিজৰ যিটো অংক বাহিৰলৈ আহিছে সেইটো শুনি আপোনালোকো হয়টো হতহম্ভ হ’ব। এই বিষয়ত প্ৰায়ে শুদ্ধ খবৰ দিয়া টুইটৰ চেনেল “ডা খবৰী” ৰ মতে ছলমানে প্ৰতিটো খণ্ডৰ বাবদ ল’ব ২০ কোটিকৈ টকা।

ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ "বিগ বছ ১৪" ৰ বাবে সাজু সকলো- 2
ছলমান খানে আকৌ বঢ়ালে নিজৰ পাৰিশ্ৰামিকঃ "বিগ বছ ১৪" ৰ বাবে সাজু সকলো- 3


এই শ্ব’টো নাই কমেও তিনি মাহ পৰ্যন্ত চলে। ছলমান খানৰ এই তিনি মাহ চলা শ্ব’টোৰ হিচাপত তেওঁৰ ফিজৰ যদি গণনা কৰা হয় তেতিয়াহ’লে ই হ’ব ৪৫০ কোটি টকা অৰ্থাৎ বিগ বছ ১৪ ৰ বাবে ছলমান খানে ল’ব ৪৫০ কোটি টকা। আনহাতে, আপোনালোকক জনাই থওঁ যে বৰ্তমানলৈ অহা খবৰ মতে “বিগ বছ ১৪” আৰম্ভ হ’ব অক্টোবৰ মাহৰ ৪ তাৰিখৰ পৰা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform