সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বহু তথ্য বাহিৰলৈ ওলাই আহিছে; ইয়াৰ ভিতৰত সুশান্তৰ জীৱনৰ ওপৰত আধাৰিত ছবি নিৰ্মাণ কৰাৰ এক ঢৌ উঠা পৰিলক্ষিত হৈছে। প্ৰত্যেকেই অভিনেতাগৰাকীৰ জীৱনক জনসাধাৰণৰ মাজত প্ৰতিফলিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে; কিন্তু এই ক্ষেত্ৰতে এতিয়া এক গুৰুত্বপূৰ্ণ বিষয় সমুখলৈ আহিছে। এই বিষয়ত মন্তব্য কৰিছে সুশান্তৰ অধিবক্তা বিকাশ সিঙে; এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা জনাইছে বিকাশ সিঙে। সংবাদ মেল খনত বিকাশ সিঙে ভিন্ন কথা খুলি কোৱাৰ সমান্তৰালকৈ অভিনেতাগৰাকীৰ ওপৰত আহিবলগীয়া ছবি তথা যিকোনো বিষয়বস্তুক কেন্দ্ৰ কৰি কয় যে, “পৰিয়ালৰ অনুমতি অবিহনে সুশান্ত সিং ৰাজপুতৰ জীৱনৰ ওপৰত কোনো ধৰণৰ ছবি, ধাৰাবাহিক অথবা কোনো ধৰণৰ কিতাপ লিখাটো গ্ৰহণযোগ্য নহ’ব। আৰু, যদিহে কোনোৱে এই কোনো ছবি, ধাৰাবাহিক আদি নিৰ্মাণ কৰিবলৈ বিচাৰিছে তেনেহ’লে ইয়াৰ স্ক্ৰীপ্ট পোন প্ৰথমে দিব লাগিব পিতৃ অথবা সুশান্তৰ পৰিয়ালৰ হাতত।”


আগলৈ অধিবক্তা গৰাকীয়ে কয় যে, “এইখিনিৰ বাদেও যদি কোনোৱে ছবি অথবা কিবা নিৰ্মাণৰ পৰিকল্পনা কৰিছে তেনেহ’লে সেয়া তেওঁলোকে নিজৰ ওপৰত ভৰষা লৈ কৰক।” শেহতীয়াকৈ সুশান্ত সিঙক লৈ নিৰ্মিত ছবি “শশাংক” ৰ পোষ্টাৰ মুকলি কৰা হৈছিল। সুৰজিৎ সিং ৰাঠৌৰ দ্বাৰা সহঃনিৰ্মিত এই ছবিখনক লৈ বিৰোধিতা কৰিছিল সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে।
Add comment