Rupaliparda.com
"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 1

“বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়”- নিশিৰঞ্জন কে মল্লিকা

এয়া নৱপ্ৰজন্মৰ সময়; তেওঁলোকৰ ওপৰত দেখুওৱা জনসাধাৰণৰ বিশ্বাসে তেওঁলোকক আৰু অধিক আগবঢ়াত সহায় কৰিছে। সেয়া লাগিলে, মনোৰঞ্জন ক্ষেত্ৰখনতেই হওঁক অথবা অইন কোনো ক্ষেত্ৰতেই হওঁক; এওঁলোকৰ সৃষ্টিৰাজিয়ে আপ্লুত কৰিছে প্ৰত্যেককে। অসমীয়া সংগীত ক্ষেত্ৰখনত যেনেদৰে প্ৰত্যেকেই নতুন ধাৰাৰ সৃষ্টিৰ অনুভৱ কৰিছে ঠিক তেনেদৰে বৰ্তমান প্ৰজন্মই অসমীয়া অভিনয় জগতখনো আগবঢ়াই নিয়াত অৰিহণা যোগাইছে। নিশিৰঞ্জন কে মল্লিকা; এজন অভিনেতা। দৰং জিলাত ১৫ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাক নিশ্চয় আপোনালোকেও চিনি পাইছে। শেহতীয়াকৈ সমাপ্ত হোৱা বহু প্ৰত্যাশিত ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল নিশিৰঞ্জনে। গতিকে, প্ৰতিটো সপ্তাহৰ দেওবাৰত থকা বিশেষ একোজন ব্যক্তিৰ সাক্ষাৎকাৰৰ সমান্তৰালকৈ এইবাৰৰ দেওবৰীয়া বিশেষত আমি আপোনালোকৰ বাবে লৈ আনিছো নিশিৰঞ্জনক। থিয়েটাৰত কৰা অভিনয়েৰে অভিনয় ক্ষেত্ৰ খনক আৰু অধিক আপোন কৰি লোৱা নিশিৰঞ্জনৰ পৰা জানিছিলো তেওঁৰ বিষয়ে কিছু কথা। চাওঁচোন আহকঃ

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 2

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত??

নিশিৰঞ্জনঃ ভাল প্ৰশ্ন এটা সুধিছে, অভিনয় ক্ষেত্ৰখনৰ লগত আচলতে প্ৰতিজন ব্যক্তিয়েই জন্মৰে পৰা জড়িত। তথাপি, যদি এটা উত্তৰ দিবলগীয়া হয় তেনেহ’লে ক’ব লাগিব যে মই অভিনয় কৰা আৰম্ভ কৰিছিলোঁ সপ্তম শ্ৰেণীৰ পৰা, সেয়া ২০০৮ চন মানৰ কথা।

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 3

প্ৰশ্নঃ কেনে ধৰণৰ চৰিত্ৰই আপোনাক আকৰ্ষণ কৰে অথবা কেনে চৰিত্ৰ আপুনি ৰূপায়ন কৰিবলৈ বিচাৰে?

নিশিৰঞ্জনঃ সেইটো কথা কব গ’লে মই ৰূপায়ন কৰি ভাল পাওঁ মোৰ লগত মিলা চৰিত্ৰ, মোৰ দেহৰ পৰা মোক দেখালৈকে যিখিনি বস্তু মোৰ লগত মিলে তেনেকুৱা চৰিত্ৰত অভিনয় কৰিবলৈ মোৰ সহজ হয়। সেইবাবে, তেনেকুৱা চৰিত্ৰ বিচৰা যায়; যদিও ইয়াৰ লগতে পৃথিৱীৰ প্ৰত্যেক জন এনেকুৱা ব্যক্তিৰ চৰিত্ৰ কৰিবলৈ মন যায় যিবোৰ চৰিত্ৰত অধ্যয়নৰ প্ৰয়োজন হয়। এনেবোৰ চৰিত্ৰই মোক আকৰ্ষণ কৰে; কাৰণ মই পঢ়ি ভাল পাওঁ। পিছলৈ মোৰ এই ইচ্ছা সঁচা হোৱাৰ আশা কৰিছো।

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 4

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ বাবে কি?

নিশিৰঞ্জনঃ আমি প্ৰত্যেকেই এখন পৃথিৱী চলাবলৈ আন এখন ভাৰ্চুৱেল পৃথিৱীৰ জন্ম দিছো। এই ক্ষেত্ৰত, শিল্পী হোৱাটো বহুত কষ্টকৰ হ’ব আৰু তেনেক্ষেত্ৰতেই “শিল্পী” ৰ এক নিৰ্দ্দিষ্ট সংজ্ঞা দিবলৈও টান হৈ পৰে। কিন্তু, অসমৰ ক্ষেত্ৰত “শিল্পী” বুলি ক’লে মোৰ প্ৰথমে জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মাৰ কথা মনলৈ আহে।গতিকে এক কথাত “শিল্পী” ৰ সংজ্ঞা দাঙি ধৰাটো মোৰ বাবে টান হয়।

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 5

প্ৰশ্নঃ ভৱিষ্যতে আপোনাৰ কোন গৰাকী শিল্পীৰ সৈতে কাম কৰা ইচ্ছা?

নিশিৰঞ্জনঃ কোনগৰাকী “শিল্পী”ৰ সৈতে বুলি প্ৰশ্ন কৰিলে মই ক’ম যে মোৰ প্ৰতিজন শিল্পীৰ সৈতেই কাম কৰি ভালেই লাগিব যেন লাগে। ইয়াৰ লগতে, অভিনেতা হিচাপে অসমৰ তপন দাসৰ সৈতে অভিনয় কৰাৰ মন এটা আছে আৰু যদি তাতকৈ অলপ ডাঙৰকৈ ভাবো! মানে মই ক’বলৈ বিচাৰিছো যে মই সপোনবোৰ সৰু সৰু দেখো আৰু সেই সপোনবোৰ থুঁপ খুৱাইহে সপোনটো ডাঙৰ হয়। সেইবাবে, একাষাৰে বলীউডৰ কথা কৈ দিবলৈ বেয়া লাগিছে। কিন্তু, মই যেতিয়া বলীউডত কাম কৰা কথা নিজে ভাবো তেতিয়া মোৰ মনোজ বাজপেয়ীৰ লগত অভিনয় কৰিবৰ দুৰ্দান্ত হেঁপাহ এটা আছে।

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 6

প্ৰশ্নঃ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

নিশিৰঞ্জনঃ হা হা হা… ভৱিষ্যতৰ পৰিকল্পনা বুলিলে, পাঁচবছৰ মানৰ পাছত বিয়া পাতিম,ঘৰৰ পৰা ইতিমধ্যে কথা প্ৰসংগত বিয়াৰ বিষয়টোলৈ কৈছে। কিন্তু, বৰ্তমানৰ পৰিকল্পনা হৈছে মই সৰুৰে পৰা কাণত বাজি থকা এটা শব্দ “বিষ্ণু ৰাভা”। বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়,কি কৰিব মন যায় নাজানো কিন্তু কৰিব মন যায়। গতিকে, এইবাৰ বিষ্ণু ৰাভাৰ ওপৰত কিবা এটা কৰাৰ কথা ভাবি আছোঁ, হয়টো চিনেমাও হ’ব পাৰে নাটকো হ’ব পাৰে, নাজানো সেয়া সময়ে ক’ব। আৰু, সময়ত আপোনালোককো জনাম। বাকী, ৱেব চিৰিজ আৰু গানৰ মাজত দিনবোৰ পাৰ হৈছে।

"বিষ্ণু ৰাভাক লৈ কিবা কিবি কৰিব মন যায়"- নিশিৰঞ্জন কে মল্লিকা 7

ৰূপালীপৰ্দাঃ ধন্যবাদ নিশিৰঞ্জন; আপোনাৰ আগন্তুক প্ৰতিটো পৰিকল্পনা শুভকামনা যাঁচিছো।

নিশিৰঞ্জনঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform