Rupaliparda.com
"মইও তেনে এজন "শিল্পী"য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো"- দীপাংকৰ কলিতা 1

“মইও তেনে এজন “শিল্পী”য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো”- দীপাংকৰ কলিতা

অসমীয়া অভিনয় ক্ষেত্ৰখনত চিনাকী হৈ পৰা এটা নাম হৈছে দীপাংকৰ কলিতা। নৱপ্ৰজন্মৰ উল্লেখনীয় প্ৰতিভাসমূহৰ ভিতৰত নিজ নাম সাঙুৰ খোৱাই ৰখা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই অভিনয়ৰ দিশটোত কেৱল মাত্ৰ একঘেয়ামী চৰিত্ৰই নহয়; তেওঁ প্ৰয়াস কৰিছে ভিন্ন চৰিত্ৰত কৰা অভিনয়েৰে জনসাধাৰণৰ কাষ চাপিবলৈে। পজিটিভ বুলিয়েই নহয়; সদ্যসমাপ্ত “দুটি মনৰ জোনাক” শীৰ্ষক ধাৰাবাহিকখনত অভিনেতা গৰাকীক খলনায়কৰ চৰিত্ৰতো দেখিবলৈ পোৱা গৈছিল। নাটক, ধাৰাবাহিকৰ সমান্তৰালকৈ অসমীয়া ছবিতো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক অভিনয়ৰ ক্ষেত্ৰখনত পাতনি মেলা ক্ষেত্ৰত প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “সৰুৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’লেও হয়টো বেছি কোৱা নহ’ব। সৰুতে ভাওনা বা নাটকত শিশু শিল্পী হিচাপে কাম কৰিছিলোঁ; তেতিয়াৰ পৰাই সপোন আছিল নিজকে এই জগত খনত প্ৰতিষ্ঠা কৰাৰ আৰু সেই অনুপাতেই কামবোৰৰ মাজেৰে প্ৰয়াস কৰি আহিছো । গতিকে আনুষ্ঠানিক ভাবে RGFTI ( বৰ্তমান DBHRGFTI) পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিলো। ইয়াৰ পিছতেই মই সূৰ্য্যত সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত “মায়ামৃগ” শীৰ্ষক নাটখনত অভিনয় কৰাৰ সুবিধা পাইছিলো; তাৰ সমান্তৰালকৈ অৰুণ শৰ্মা ছাৰৰ “Mricchakatikam” (ZW production) আৰু অনুপজ্যোতি চৌধুৰীৰ ছাৰৰ সৈতে “cultural affairs” ৰ বহু কেইখন নাটক কৰিলো।”

"মইও তেনে এজন "শিল্পী"য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো"- দীপাংকৰ কলিতা 2


দীপাংকৰে আগলৈ কয় যে, “মই বাটৰ নাটো কৰিছো; লগতে চিৰিয়েল ৬ খন কৰিছো য’ত দুখনত ক্ৰমে আৰাধনা আৰু দুটি মনৰ জোনাকত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিলো। অৱশ্যে “দুটি মনৰ জোনাক” ত মোৰ চৰিত্ৰটো নিগেটিভ আছিল। বৰ্তমান দেৱাশীষ ভৰদ্বাজ দাৰ “অমানিশা” নামে চিৰিয়েল খন কৰি আছো; যিখন “জোনাক” চেনেলটোত অতি সোনকালেই সম্প্ৰচাৰ হ’ব। এইখিনিতে মই ৰাইজক জনাব বিচাৰিম যে “আমিষ” মোৰ জীৱনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ।” অভিনেতা গৰাকীৰ দৃষ্টিভংগীৰ দিশটোৰ পৰা “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “সকলোৰে দৃষ্টিত শিল্পীৰ সংজ্ঞা‌ ভিন্ন; ঠিক সেইদৰে মোৰ দৃষ্টিত “শিল্পী” হৈছে এনে এগৰাকী ব্যক্তি যিগৰাকীয়ে সমাজৰ বাস্তৱিক ৰূপটো দেখুৱাই তাৰ প্ৰতিকাৰ হিচাপে নতুন এটা ইতিবাচক বাৰ্তালাপ মানুহৰ আগত দাঙি ধৰে। যদি আপুনি এইখন জগতত জড়িত হৈ সমাজখনত বাৰে বাৰে এটি নতুন জীৱন সূচনা কৰিবলৈ অৰিহনা যোগাইছে তেতিয়াই আপুনি নিজকে এজন সফল “শিল্পী” হিচাপে বিচাৰি পাব । আৰু, মইও তেনে এজন “শিল্পী”য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো।”

"মইও তেনে এজন "শিল্পী"য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো"- দীপাংকৰ কলিতা 3
"মইও তেনে এজন "শিল্পী"য়েই হৈ উঠাৰে ইচ্ছা মনত পুঁহি ৰাখিছো"- দীপাংকৰ কলিতা 4


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত দীপাংকৰে কয় যে, “আগন্তুক ভালকেইটা প্ৰকল্প মোৰ হাতত আছে। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল এটা এলবামৰ এটা গানৰ বাবে বিগত চাৰিমাহ ধৰি প্ৰচেষ্টা কৰি আছো। গতিকে, সেইটো সম্পূৰ্ণ কৰিবলৈ আছে লগতে এখন চুটি ছবি আৰু এখন ৱেব চিৰিজৰ সৈতে মই জড়িত; হয়টো অতিশীঘ্ৰে জনসাধাৰণে সেয়া দেখিবলৈ পাব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform