Rupaliparda.com

মালদ্বীপলৈ গৈ স্ফূৰ্তি কৰি থকা তাৰকাক হৃদয়হীন আখ্যা নিখিল দ্বিৱেদীৰঃ

অভিনেতা তথা প্ৰযোজক নিখিল দ্বিৱেদীক প্ৰায়ে সামাজিক বিষয়ত মন্তব্য কৰা দেখা যায়; যিবোৰে তেওঁক চৰ্চাৰ মাজত সোমাই ৰখাৰ সলনিও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ তেওঁ এক পোষ্ট যোগে সেইবোৰ অভিনেতা-অভিনেত্ৰীক টাৰ্গেট কৰিছে যিসকলে এই ক’ৰোণাৰ সময়ছোৱাতো মালদ্বীপলৈ গৈ স্ফূৰ্তি কৰাৰ সমান্তৰালকৈ সেই ফটোবোৰ শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়াতো। তেওঁ টুইট কৰি কয় যে যিসকলে এনে কাম কৰি আছে তেওঁলোক এই পৃথিৱীৰ খবৰৰ পৰা বহু দূৰৈত আৰু তেওঁলোকৰ অইন মানুহবোৰৰ সৈতে কোনো সম্পৰ্ক নাই। আচলতে, দেশৰ ৰাজধানী দিল্লী সহ আন বহু ৰাজ্যত বৰ্তমানেও ক’ৰোণা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে। ক’ৰোণাই আগ্ৰাসনত লোৱা লোকৰ সংখ্যা এতিয়াও কমি যোৱা নাই। ফলত, ই বহু লোকৰ আৰ্থিক স্থিতিৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে। বহু লোকে য’ত নিজৰ আমদানিৰ পথ হেৰুৱাইছে তাতেই আকৌ আনহাতে একাংশই আত্মহত্যাৰ পথ বাচি লৈছে।

মালদ্বীপলৈ গৈ স্ফূৰ্তি কৰি থকা তাৰকাক হৃদয়হীন আখ্যা নিখিল দ্বিৱেদীৰঃ 1
মালদ্বীপলৈ গৈ স্ফূৰ্তি কৰি থকা তাৰকাক হৃদয়হীন আখ্যা নিখিল দ্বিৱেদীৰঃ 2


এই সকলোবোৰ কথাৰ প্ৰসংগ লৈয়ে অভিনেতা নিখিলে কয় যে, “এই সময়ত অভিনেতা-অভিনেত্ৰী সকলৰ এনে আচৰণে তেওঁলোকক হৃদয়হীন কৰি তুলিছে। এনে লাগিছে যেন তেওঁলোকৰ দেশ-দুনীয়াৰ সৈতে কোনো লেনা-দেনা নাই; তেওঁলোক মূৰ্খ হৈ পৰিছে।” আনহাতে ৱেব চিৰিজ “স্কেম ১৯৯২ঃ দা হৰ্ষদ মেহতা ষ্টৰী” ত দেখিবলৈ পোৱা নিখিল বৰ্তমান ক’ৰোণা পজিটিভ হৈ পৰিছে আৰু তেওঁ নিজকেই নিজ বাসগৃহত আইছো’লেশ্বনত ৰাখি থৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.