Rupaliparda.com
বক্সিং চেম্পিয়ন "মেৰী কম" ৰ সংঘৰ্ষময়ী জীৱনীৰে আন এখন ছবিঃ 1

বক্সিং চেম্পিয়ন “মেৰী কম” ৰ সংঘৰ্ষময়ী জীৱনীৰে আন এখন ছবিঃ

বলীউডত প্ৰায়ে একোজন মহান ব্যক্তিৰ ওপৰত একোখন ছবি নিৰ্মাণ কৰি সফলতা লাভ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলতেই আচলতে, বলীউডত বায়’পিকৰ ঢৌ উঠাও পৰিলক্ষিত হয়। শেহতীয়াকৈ বক্সিং চেম্পিয়ন “মেৰী কম” ৰ ওপৰতো ছবি নিৰ্মাণৰ কথা সমুখলৈ আহিছে। তেওঁৰ সংঘৰ্ষময়ী জীৱনক লৈ নিৰ্মাণ কৰি উলিওৱা হ’ব আন এখন হিন্দী ছবি। চেম্পিয়ন মেৰী কমে নিজেই তেওঁৰ এই ছবিখনৰ পোষ্টাৰ মুকলি কৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত। মেৰী কমৰ এই ছবিখন নিৰ্মাণ কৰিব পৰিচালক ঔমংগ কুমাৰে; তেওঁৰ এই ছবিখনৰ নাম হৈছে “জনহিত মে জাৰী”। জানিব পৰা মতে, এই ছবিখন অহা বৰ্ষৰ অৰ্থাৎ ২০২১ চনৰ মাৰ্চ মাহলৈ লাভ কৰিব মুক্তি। মেৰী কমে ছবিখনৰ পোষ্টাৰ খন শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ছবিখনৰ বিষয়বস্তুটোও যে আমোদদায়ক তাৰ বিষয়েও নিজ পোষ্টযোগে প্ৰকাশ কৰে চেম্পিয়ন গৰাকীয়ে। উল্লেখ্য যে, মেৰী কমৰ ওপৰত নিৰ্মিত এইখনে আচলতে প্ৰথমখন ছবি নহয়, ইয়াৰ পূৰ্বেও তেওঁৰ ওপৰত নিৰ্মিত ছবিখনে লাভ কৰিছিল জনসাধাৰণৰ সঁহাৰি।

বক্সিং চেম্পিয়ন "মেৰী কম" ৰ সংঘৰ্ষময়ী জীৱনীৰে আন এখন ছবিঃ 2


বক্সিং চেম্পিয়ন “মেৰী কম” ৰ জীৱনৰ ওপৰত আধাৰিত প্ৰথমখন ছবিয়ে মুক্তি লাভ কৰিছিল ২০১৪ চনত; য’ত মেৰী কমৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ছবিখনে এটাই নহয় ৫ টাকৈ এৱাৰ্ড লাভ কৰিছিল “ৰোনাল্ড ষ্টাৰ গিল্ড” ত। প্ৰিয়ংকা চোপ্ৰাই এই ছবিখনৰ বাবেই লাভ কৰিছিল সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰষ্কাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.