Rupaliparda.com
কিয় নিৰ্মাণ নহয় "মুন্না ভাই MBBS"?? জনালে অৰশদ ৱাৰসীয়ে- 1

কিয় নিৰ্মাণ নহয় “মুন্না ভাই MBBS”?? জনালে অৰশদ ৱাৰসীয়ে-

ছবি এখনত যিমানেই নায়িক-নায়িকাৰ যুঁটিটোৰ চৰ্চা হয় তাতোকৈ অধিক অধিক কিছুমান ছবিত চৰ্চা হয় দুজন বন্ধুৰ মাজত থকা আন্তৰিকতাৰ যুঁটিটোৰ। সঁচা অৰ্থত ক’বলৈ গ’লে, আমি বহু ছবিত বহু এনে বন্ধুৰ যুঁটি দেখিছো যিয়ে এটা সময়ত আমাক হহুঁৱাই আৰু আনটো সময়ত আৱেগিক হৈ যাবলৈ বাধ্য কৰোৱায়। “মুন্না ভাই MBBS” ছবিখনৰ দুইটা সংস্কৰণতেই মুন্না ভাই আৰু চাৰ্কিটৰ চৰিত্ৰ ৰূপায়ন কৰা সঞ্জয় দত্ত আৰু অৰশদ ৱাৰসীয়ে দৰ্শকক বহুল মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল। ফলত, ছবিখনৰ তৃতীয়টো সংস্কৰণৰ বাবেও অপেক্ষা কৰি ৰৈছিল অনুৰাগী। কিন্তু, শেহতীয়াকৈ অৰশদ ৱাৰসীয়ে জনাইছে ইয়াৰ তৃতীয়টো সংস্কৰণ সম্পূৰ্ণ নোহোৱাৰ কাৰণ। অভিনেতা গৰাকীয়ে কয় যে, “একো কামেই আগবাঢ়ি থকা নাই; মোৰটো এনে ভাৱ হয় যে আপোনালোক সকলোৱে ৰাজকুমাৰী হিৰানী ঘৰলৈ যাওঁক আৰু তেওঁক ধমক দি আহক যাতে তেওঁ সোনকালে ইয়াৰ কামবোৰ আৰম্ভ কৰে।” অৰশদ ৱাৰসী “মুন্না ভাই MBBS” ৰ তৃতীয়টো সংস্কৰণ নিৰ্মাণ নোহোৱাৰে আশংকা প্ৰকাশ কৰে আৰু কয় যে বৰ্তমান সময়ত ৰাজকুমাৰ হিৰানী জড়িত হৈ আছে আন বহু ভিন্ন প্ৰকল্পৰ সৈতে গতিকে এনেক্ষেত্ৰত অৰশদ ৱাৰসীয়ে নাভাৱে যে এয়া সম্ভৱ হ’ব।

কিয় নিৰ্মাণ নহয় "মুন্না ভাই MBBS"?? জনালে অৰশদ ৱাৰসীয়ে- 2
কিয় নিৰ্মাণ নহয় "মুন্না ভাই MBBS"?? জনালে অৰশদ ৱাৰসীয়ে- 3


আনহাতে, সঞ্জয় দত্তৰ প্ৰসংগত অভিনেতা গৰাকীয়ে কয় যে, “সঞ্জয় দত্ত কিছু দিন পূৰ্বে ডুবাইৰ পৰা উভতি আহিছে আৰু মোক লগ পাবলৈ মাতিছিলে।” উল্লেখ্য যে, অৰশদক আহিবলগীয়া সময়ত দেখিবলৈ পোৱা যাব “দূৰ্গামতী” ছবিখনত। ভূমি পেডনেকাৰ অভিনীত এই ছবিখন ডিজিটেল প্লেটফৰ্মত অহা ১১ ডিচেম্বৰত মুক্তি পাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform