বহুদিনৰ বিৰতিৰ অন্তত আকৌ এবাৰ স্ক্ৰীণত একেলগে দেখিবলৈ পোৱা যান সুনীতা কৌশিক আৰু উৎপল দাসক। “অনুৰাধা” ধাৰাবাহিকখনত দুয়োগৰাকীৰ যুঁটিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ আন কেইবাবাৰো মিউজিক ভিডিঅ’ত একেলগেই দেখিবলৈ পোৱা গৈছিল উক্ত যুঁটিটোক। কিন্তু বিগত বহু দিনৰ অন্তৰ আন এক নতুন প্ৰকল্পৰ সৈতে দুই অভিনেতা-অভিনেত্ৰী আহি আছে আপোনালোকৰ মাজলৈ। শেহতীয়াকৈ অভিনেত্ৰী সুনীতা কৌশিকে নিজেই এই কথা জানিবলৈ দিয়ে নিজ ইনষ্টাগ্ৰাম যোগে। উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে অতি সোনকালে ৰাইজৰ সমুখলৈ আহি আছে এটি নতুন গীত। চচিয়েল মিডিয়াত সুনীতা কৌশিক লগতে উৎপল দাস দুয়োগৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। উৎপল দাসে একোখন ফটোৰ সৈতে একোটা কেপছনেৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰা দেখা যায়; আনহাতে সুনীতা কৌশিকৰ অভিনয়ৰ উপৰিও নৃত্যৰ ক্ষেত্ৰত থকা দখলে অভিনেত্ৰী গৰাকীক আৰু অধিক লোকক নিজ অনুৰাগী কৰি ৰখাত সক্ষম হয়।

অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা অভিনেত্ৰী সুনীতা কৌশিকে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। আনহাতে, উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে।
Add comment