Rupaliparda.com
চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- 1

চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা-

ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ প্ৰকল্পৰে দৰ্শকৰ কাষ চপা চিন্ময় বাৰ্মাৰ এই ক্ষেত্ৰখনত জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। তেওঁৰ “ঘোঁৰাপাক”, “যখিনী” আদিৰ লগতে আহিবলগীয়া প্ৰকল্পৰ সমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ পৰা চুটি ছবি “তেজৰ টুকুৰা” ই ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। শেহতীয়াকৈ তেওঁৰ দ্বাৰা পূৰ্বে নিৰ্মিত এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” উপলদ্ধ হৈছিল Moviesainta.com ত। আৰু, চুটি ছবিখন উপলদ্ধ হোৱা পিছতেই ই চুমুক দিলে সফলতাত। উক্ত এপটোত “টপ মষ্ট ভিউচ” থকা প্ৰকল্প সমূহৰ ভিতৰত চিন্ময় বাৰ্মাৰ চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে দখল কৰিছে দ্বিতীয়টো স্থান।সৰুৰ পৰাই যেতিয়া একোজন শিক্ষাৰ্থীক ঘৰচীয়া জন্তুৰ তালিকাখন বনাবলৈ দিয়া হয় তেতিয়া সেই তালিকাখনত অহা প্ৰথম নামটোৱেই হৈছে “গৰু” ৰ। “গৰু” নহ’লেও ঘৰত পোহা একোটা জীৱ-জন্তু প্ৰতিটো সময়ত এখন পৰিয়ালৰ সদস্য হৈ পৰে। তাৰ খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি তাৰ শোৱালৈ প্ৰত্যেকটো বস্তুত মনোনিৱেশ কৰে এখন পৰিয়ালৰ প্ৰতিজন আন সদস্যই। সমান্তৰালকৈ, পৰিয়ালৰ সদস্য এজনৰ যদিও মৃত্যু হয় অথবা ক’ৰ’বালৈ গুচি যায় তেতিয়াও সেই ঘৰচীয়া জন্তুটোৱে উক্ত ব্যক্তিজনক বিচাৰিবলৈ আৰম্ভ কৰে।

চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- 2

এনেধৰণৰ এক কাহিনীক কেন্দ্ৰ কৰিয়েই পৰিচালক চিন্ময় বাৰ্মাই নিৰ্মাণ কৰি উলিয়াইছিল এখন চুটি ছবি “মৰমে ৰিঙিয়ায়”। এই চুটি ছবিখনে “গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ” কে আৰম্ভ কৰি “দা লিফ্ট শ্বেচন (ইউ কে) আৰু Fiirst Time Film-maker’s sessions, Pinewood Studios ৰ উপৰিও আন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, উক্ত চুটি ছবিখনক লৈ অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাও নিজ মতামত ব্যক্ত কৰে। এখন গাঁৱৰ এক সুন্দৰ বাতাবৰণৰ মাজত নিৰ্মিত “মৰমে ৰিঙিয়ায়” ত অভিনয় কৰিছে বীৰেন দাস আৰু অবিনাশ বৈশ্যই। চুটি ছবিখনৰ কাহিনী আৰু সহঃপৰিচালনা অবিনাশ বৈশ্যৰ আৰু ইয়াৰ চিত্ৰনাট্য আছিল চিন্ময় বাৰ্মাৰ। আনহাতে, দীপজ্যোতি মজুমদাৰৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা উপম দাসৰ; লগতে সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছিল পৰাগ জ্যোতি বৰ্মন আৰু উপম দাস।

চুটি ছবিৰ ক্ষেত্ৰখনত জনপ্ৰিয় চিন্ময় বাৰ্মা- 3

চিন্ময় বাৰ্মাৰ কনচেপ্ট আৰু তেওঁৰ পৰিচালনাৰ অনুৰাগী হৈ পৰিছে এতিয়া দৰ্শকবৃন্দ। প্ৰায় সকলো জনসাধাৰণ তেওঁৰ একোটা প্ৰকল্পক লৈ অপেক্ষাৰত। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া তেওঁৰ এই প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও জনাইছো শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform