আমি অৰ্থাৎ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক সকলে প্ৰায়ে একোটা নতুন বিষয়বস্তুৰ প্ৰতি আকৰ্ষিত হওঁ। আৰু, যেতিয়া একোটা বিষয় আমাৰ আৱেগৰ সৈতে জড়িত হৈ থাকে তেতিয়া সেই বিষয়টোক ডাঙৰ পৰ্দাত চাবলৈ উৎসাহিত হৈ থাকো। বিগত ৬ মাহ ধৰি “বাঘজান” ক লৈ আতংকিত হৈ আছিল তাৰ স্থানীয় ৰাইজ। তাত জ্বলি থকা জুইকুৰা যেন বৰ্তমানেও তাৰ সাধাৰণজনৰ হৃদয়ত জ্বলি আছে। আমি ইতিমধ্যে ছবিখনক লৈ কিছু আলোচনা কৰিছিলো; ছবিখনৰ এটা মূখ্য চৰিত্ৰত অভিনীত মনোজ বৰকটকীৰ অভিজ্ঞতাৰ বিষয়ে আপোনালোকক ৰূপালীপৰ্দাৰ এটি লেখা যোগে জনোৱা হৈছিল। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষতো আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এইখন ছবিৰ পৰিচালক তথা এগৰাকী প্ৰযোজক জয়ছেং জয় দহোতীয়াক। এগৰাকী পৰিচালক ৰূপে এনে এক হৃদয়স্পৰ্শী বিষয়বস্তুক লৈ এখন অসমীয়া ছবি নিৰ্মাণ কৰি উলিওৱাটো কিমান প্ৰত্যাহ্বান মূলক আছিল সেই আটাইবোৰ আজি পৰিচালক গৰাকীৰ পৰাই জানিবলৈ চেষ্টা কৰিম। গতিকে চাওঁচোন আহকঃ
প্ৰশ্নঃ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?
জয়ছেং জয় দহোতীয়াঃ পৰিচালনাৰ ক্ষেত্ৰখনৰ সৈতে মই ২০০৮ চনৰে পৰা জড়িত ৷ মোৰ প্ৰথমখন চুটি ছবি “খিৰিকিৰ পাখী” ২০০৮ চনত জ্যোতি চিত্ৰৱনত অধ্যয়ন কৰি থাকোতেই নিৰ্মাণ কৰিছিলো ৷ তাৰ পিচৰে পৰা কেইবাখনো চুটি ছবি লগতে তথ্যচিত্ৰ নিৰ্মাণৰ সৈতে মই জড়িত আছিলো ৷ মোৰ প্ৰথমখন পূৰ্ণদৈঘ্যৰ ছবি “হান্দুক” ২০১৬ চনত নিৰ্মাণ কৰি উলিয়াইছিলো; যিখনে মৰাণ ভাষাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(ৰজত কমল) পাবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে, মই জনাবলৈ পাই সুখী যে মোৰ দ্বিতীয়খন পূৰ্ণদৈঘ্যৰ ছবি “জলছবি” ৰ ইতিমধ্যে পোষ্ট প্ৰডাকচনৰ কাম জাৰ্মানীত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আৰু, তাৰ পিচতে শেহতীয়াকৈ “বাঘজান” ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম দুটা পৰ্যায়ত সম্পূৰ্ণ হৈ উঠিছে ৷
প্ৰশ্নঃ আপোনাৰ আহিবলগীয়া ছবি “বাঘজান” ৰ কাহিনীটোৰ বিষয়ে অকণমান জানিব বিচাৰিম।
জয়ছেং জয় দহোতীয়াঃ বাঘজান ছবিখনত মূলত পুঁজিবাদী ব্যৱস্থাই সমগ্ৰ মানৱ সভ্যতাৰ বাবে কেনেদৰে বিপৰ্যয় কঢ়িয়াই আনিছে সেই বিষয়ে ক’বলৈ বিচৰা হৈছে ৷ ছবিখনৰ মূল কাহিনীটো এনেধৰণৰ যে- অইল কোম্পানীৰ গেছখাদ এটাৰ বিস্ফোৰণৰ ফলত সেই জুইত মানৱে তাৰ গৰ্ভৱতী পত্নী ভৈৰৱীক হেৰুৱায় ৷ ইফালে তেলখাদৰ পৰা অহৰহ গেচ আৰু তেল নিৰ্গত হৈ থকা বাবে খাদত ভীষণ জুই লাগিয়ে থাকে; মানৱৰ অনুভৱ হয় যে সেই জুইকোৰাত তাৰ পত্নী ভৈৰৱী এতিয়াও জ্বলিয়ে আছে আৰু সেই জুইকোৰাৰ ভীষণ শব্দই তাক যেন কিবা ক’ব খুজে ৷
প্ৰশ্নঃ ছবিখনক দৰ্শকে সঁহাৰি জনাব বুলি আপুনি ভাৱেনে?
জয়ছেং জয় দহোতীয়াঃ ছবিখন নিশ্চয়কৈ সকলো শ্ৰেণীৰ দৰ্শকে ভাল পাব বুলি মোৰ বিশ্বাস আছে ৷ তাৰোপৰি বাঘজনৰ গোটেই ঘটনাটোৰ সৈতে সমগ্ৰ অসমীয়া ৰাইজৰ এটা আবেগিক টান আছে আৰু আমিও যিমানপাৰো বাঘজানৰ সঁচা তথা প্ৰকৃত বহু নেদেখা কথাবোৰ তুলি ধৰিবলৈ চেষ্টা কৰিছো ৷
প্ৰশ্নঃ জানিব পৰা মতে, আপোনালোকে ছবিখনৰ শ্বুটিঙৰ সময়ছোৱাত তাত থকা আশ্ৰয় শিবিৰতেই আপোনালোক আছিল। সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম।
জয়ছেং জয় দহোতীয়াঃ হয়, ছবিখনৰ গৱেষণাৰ বাবে মই আৰু মোৰ সহঃ পৰিচালক পুণ্যজিত মৰাণ প্ৰায় চাৰিমানমান আগৰে পৰা বাঘজানলৈ সঘনে আহ-যাহ কৰি আছিলো ৷ বিশেষকৈ ৰূপকোৱঁৰ জাতীয় বিদ্যালয়খনলৈ; উল্লেখ্য যে আমাৰ ছবিৰ দৃশ্যগ্ৰহণ হোৱাৰ কিছুদিনৰ আগলৈকে বাঘজানৰ ক্ষতিগ্ৰস্থ ৰাইজে তাতে আশ্ৰয় লৈ আছিল ৷ কিন্তু, আমি যেতিয়া যাওঁ বিদ্যালয় আৰম্ভ হোৱাৰ বাবে তেওঁলোক ইতিমধ্যে বিদ্যাখনৰ পৰা বিদ্যালয়খনৰ সন্মুখত ৰাস্তাৰ সিপাৰে আৰু কাষৰীয়া ঠাইলৈ অস্থায়ী ভাৱে গুছি গৈছিল ৷ কিন্তু বিদ্যালয় খনত দুটাকোঠা তেতিয়াও প্ৰায় আগৰ আৱস্থাতে আছিল ৷ কোঠাকেইটাত চাৰিখনকৈ তেওঁলোকে ব্যৱহাৰ কৰা বিচনা, তাৰে এখনত বেঞ্চ লগাই জোৰা লগোৱা, কিছু ব্যৱহৃত কাপোৰ কানি, খোৱা বাচন পাতি, আনকি কোঠাৰ পৰ্দা দুখনো তেনেদৰেই আছিল; আমি পিছত সেই কোঠাকেইটাক চাফ চিকুণ কৰি থাকিবলৈ ব্যৱহাৰ কৰিছিলো।যিহেতু গোটেই পৰিবেশটো আমাৰ বাবে আগৰে পৰাই চিনাকী আছিল সেয়েহে নিজকে তেওঁলোকৰ মাজত থকা যেনেই অনুভৱ হৈছিল, তেওঁলোকৰ সেই দুখ কষ্টৰ সমভাগী যেন আমিও হৈ উঠিছিলো আৰু যিয়ে চিনেমাখনৰ ওপৰতো গভীৰ চাপ পেলাইছিল ৷
প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
জয়ছেং জয় দহোতীয়াঃ আগন্তক প্ৰকল্প বুলিবলৈ হ’লে NFDC Script Lab ত ডেভলপ হৈ অহা এটা চিত্ৰনাট্য সম্পূৰ্ণ ৰূপে সাজু হৈ আছে ৷ কোনোবা আগ্ৰহী প্ৰয়োজক পালে শীঘ্ৰে কাম আৰম্ভ কৰাৰ আশা ৷
ৰূপালীপৰ্দাঃ ধন্যবাদ ছাৰ। আপোনাৰ সৈতে কথা পাতি যথেষ্ট সুখী হৈছো। “বাঘজান” ছবিখনৰ বাবে বহুত শুভকামনা।
জয়ছেং জয় দহোতীয়াঃ ধন্যবাদ।
এইখিনিতে আপোনালোকক জনাই থওঁ যে, ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে যদুমণি বৰুৱাই লগতে ছবিখনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত মনোজ বৰকটকীৰ উপৰিও অভিনয় কৰিছে সবিতা বড়া, দন্দেশ্বৰ বড়া আৰু হেমন্ত মৰাণে।
Add comment