Rupaliparda.com
এইবাৰৰ "ব্ৰকেন ৱাট বিউটিফুল" ত সিদ্ধাৰ্থ শুক্লাঃ 1

এইবাৰৰ “ব্ৰকেন ৱাট বিউটিফুল” ত সিদ্ধাৰ্থ শুক্লাঃ

Alt Balaji আৰু Zee 5 ত উপলদ্ধ ৱেব চিৰিজ সমূহৰ ভিতৰত এখন জনপ্ৰিয় আৰু জনসাধাৰণৰ সমাদৰ লাভ কৰা ৱেব চিৰিজৰ নাম হৈছে “ব্ৰকেন ৱাট বিউটিফুল” । কিন্তু এইবাৰ ৱেব চিৰিজ খনক লৈ এগৰাকী তাৰকাৰ অনুৰাগী সকল বিশেষকৈ উৎসাহিত হৈ পৰিছে; ইয়াৰ আঁৰৰ কাৰণটো হৈছে এয়াই যে চিৰিজখনৰ এইবাৰৰ সংস্কৰণটোত দেখিবলৈ পোৱা যাব সিদ্ধাৰ্থ শুক্লাক। হয়, আপোনালোকে ঠিকেই শুনিছে। বিক্ৰান্ত মেছিৰ পৰিৱৰ্তে এইবাৰ দেখিবলৈ পোৱা যাব অভিনেতা সিদ্ধাৰ্থ শুক্লাক; শেহতীয়াকৈ ৱেব চিৰিজখনৰ নিৰ্মাতাৰ তৰফৰ পৰা এটা টিজাৰ মুকলি কৰা হয় য’ত দেখা পোৱা গৈছে সিদ্ধাৰ্থ শুক্লা আৰু তেওঁৰ বিপৰীতে মূখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী সোনিয়া ৰাঠীক। উক্ত চিৰিজখনত অভিনয় কৰাৰ সুবিধা লাভ কৰি উৎসাহিত সিদ্ধাৰ্থ শুক্লা নিজেও। তেওঁ কয় যে, “এই ৱেব চিৰিজখনৰ বিষয়ে বহুখিনি শুনিছো। শুনিছো মানে ধনাত্মক চৰ্চা হৈছে এই ৱেব চিৰিজখনক লৈ। গতিকে মই ইয়াত কাম কৰিবলৈ পাই সুখী হৈছো।

এইবাৰৰ "ব্ৰকেন ৱাট বিউটিফুল" ত সিদ্ধাৰ্থ শুক্লাঃ 2


আনহাতে, একতা কাপুৰ মেমৰ সৈতে কাম কৰাৰ সুবিধা লাভ কৰাটোও মোৰ বাবে ভাগ্যৰ কথা।” “ব্ৰকেন ৱাট বিউতিফুল” ৰ বিগত সংস্কৰণত অভিনয় কৰিছিল বিক্ৰান্ত মেছি আৰু হৰলীন ছেথীয়ে। উল্লেখ্য যে, বহু দৰ্শক এইবাৰৰ সংস্কৰণটোক লৈ অপেক্ষাৰত হ’লেও একাংশ কিন্তু এই সাল-সলনিক লৈ অসুখী। কিয়নো, বিক্ৰান্ত মেছি তথা হৰলীনৰ যুঁটিটোৱে বহু দৰ্শকৰ হৃদয়তে ঠাই বনাবলৈ সক্ষম হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.