Rupaliparda.com
বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 1

বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী-

মনোৰঞ্জন ক্ষেত্ৰখনতো চলিছে বিয়াৰ ঢৌ। চচিয়েল মিডিয়াত ভাইৰেল হৈছে এওঁলোকৰ ফটো। ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে অধিক ধুমধাম নহ’লেও আত্মীয় সকলৰ উপস্থিতিৰেই অসমীয়া শিল্পী সকলে বহিছে বিয়াত। আৰ.জে পাহীৰ পৰা আৰম্ভ কৰি নিলোৎপল বৰা, ৰাজদ্বীপ লগতে শশাংক সমীৰলৈ সকলোৱে জীৱনৰ দ্বিতীয়খন ইনিংছত অৱতীৰ্ণ হৈছে। চচিয়েল মিডিয়াত ভাইৰেল হৈছে এওঁলোকৰ বিবাহ সময়ছোৱাৰ বিভিন্ন খন ফটো। চিলেব্ৰেটীৰ বিবাহসমূহে এনেও জনসাধাৰণৰ হৃদয়ত উৎসাহৰ সৃষ্টি কৰি ৰাখে; কোনে কি পিন্ধিছে অথবা কোনে কি খুৱাইছে ইত্যাদি কথাবোৰ সাধাৰণজনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ থাকে। চচিয়েল মিডিয়া যোগে প্ৰত্যেকলৈ শুভকামনা জ্ঞাপন কৰিছে অনুৰাগীয়ে; শেহতীয়াকৈ শশাংক সমীৰৰ বিবাহ উৎসৱত উপস্থিত হৈছিল মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ জনপ্ৰিয় শিল্পী, কলা-কুশলী। হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে ন-বিবাহিত যুঁটিটোলৈ শুভকামনা জ্ঞাপন কৰাৰ লগতে কেইবাখনো ফটোও আপলোড কৰে।

বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 2


ইতিমধ্যে বিবাহ পাশত আৱদ্ধ হোৱা এই যুঁটি সমূহৰ একোখনকৈ ফটো চাওঁচোন আহকঃ

বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 3
বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 4
বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 5
বিয়াৰ বতৰঃ জীৱনৰ দ্বিতীয় ইনিংছলৈ ধাৱমান অসমীয়া একাংশ শিল্পী- 6

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform