Rupaliparda.com
"ক'তেনো নিঁয়ৰ সৰে" ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম- 1

“ক’তেনো নিঁয়ৰ সৰে” ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম-

কন্ঠশিল্পী দেৱৰাজ বৰাৰ আন এক নতুন সৃষ্টিয়ে অতি সোনকালে টোকৰ মাৰিব আপোনাৰ দুৱাৰত। “ক’তেনো নিঁয়ৰ সৰে” শীৰ্ষক এটি গীতৰ সৈতে শ্ৰোতা-দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে দেৱৰাজ বৰা। অধিক গীতৰ সৈতে জনসাধাৰণৰ প্লে-লিষ্টত ঘূৰি নুফুৰিলেও তেওঁৰ সৃষ্টিৰ দুই-তিনিটা গীতেই জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সংগীত ক্ষেত্ৰখনত অহৰহ নিজস্বতাৰে সাধনা কৰি দেৱৰাজ বৰাৰ আহিবলগীয়া গীতটিক লৈ উৎসাহিত প্ৰতিজন অনুৰাগী। থলুৱা সুৰৰ সুবাস হৈছে দেৱৰাজৰ গীতৰ অন্যতম লক্ষণ। আহিবলগীয়া এই গীতটিত কি “নতুন” ৰ সোঁৱাদ লাভ কৰিব পৰা যাব বুলি কৰা প্ৰশ্নৰ উত্তৰত কন্ঠশিল্পী গৰাকীয়ে কয় যে, “নতুনত্বৰ পৰাই মই কথাটো আৰম্ভ কৰো। নতুন বুলি ক’লে পৃথিৱীত নিয়ৰো নতুন নহয়, শেৱালিও নতুন নহয় অথবা জীৱন নাইবা প্ৰেমো নতুন নহয়। এইবোৰ আমাৰ পূৰণি অনুভূতি; যিহেতু প্ৰকৃতি অথবা প্ৰেমক লৈয়ে মোৰ গীত বোৰ বৰ্তমান মই কৰি আছো গতিকে তাত বিষয়বস্তু বোৰ পূৰণি কাৰণ প্ৰেম-প্ৰকৃতি পূৰণি। ইয়াত থকা প্ৰকাশ ভংগীটো নতুন বুলি ক’ব পাৰি; নতুন ধৰণৰ শব্দ সংযোজন কৰা হৈছে; প্ৰাচ্য-পাশ্চাত্যৰ সংমিশ্ৰণত চাউণ্ড ডিজাইন কৰা হৈছে। এক কথাত ক’বলৈ গ’লে, কাৰিকৰী দিশৰ ফালৰ পৰা গীত এটিক “নতুন” বুলি যদিও কোৱা হয় কিন্তু তাত থকা অনুভূতিবোৰ সদায় একে।

"ক'তেনো নিঁয়ৰ সৰে" ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম- 2
"ক'তেনো নিঁয়ৰ সৰে" ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম- 3


গীতৰ ভিডিঅ’ আৰু বিষয়বস্তুটোৰ ক্ষেত্ৰত যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল তেতিয়া কন্ঠশিল্পী গৰাকীয়ে উত্তৰত কয় যে, “ভিডিঅ’ৰ কথাটো এনেকুৱা যে আগতে ভিডিঅ’বোৰত শব্দৰ লগে লগে সেই দৃশ্যটোকে দেখুৱাই দিয়া হৈছিল আৰু এক নাটকীয় অভিনয়ৰে এক সুকীয়া মাত্ৰা প্ৰদান কৰা দেখিছিলো। কিন্ত সম্প্ৰতি সময়ছোৱাত বস্তুবোৰ কিছু সহজ হ’ল যাৰ বাবে মোৰ দৰে অভিনয় নজনা মানুহেও কেমেৰাৰ আগত ওলোৱাৰ সাহস কৰো; কাৰণ আজিকালি নাটকীয় অভিনয়তকৈ বাস্তৱ জীৱনৰ চাল চলন বোৰ কৰি গ’লেই হয়, যিটো বেছি কঠিন নহয়। আনহাতে, বৰ্তমান ভিডিঅ’ৰ প্ৰত্যাহ্বানটো অলপ এনেকুৱা যে আগৰ দৰে শব্দৰ বিপৰীতে যেনেকৈ দৃশ্যবোৰ দেখুওৱা হৈছিল তাৰ ঠাইত এতিয়া অলপ ব্যঞ্জনাৰ ব্যৱহাৰ হয়; অৱশ্যে কোনোবা সময়ত এয়াও কঠিন হৈ পৰে।”

"ক'তেনো নিঁয়ৰ সৰে" ৰ সৈতে দেৱৰাজ বৰাঃ এইবাৰ লগত উপাসনা প্ৰিয়ম- 4

উপস্থাপন কৰিবলৈ ভিডিঅ’ত আমি গুৰুত্ব দিও যদিও পিছলৈ দৰ্শকে গীতটি হে শুনে।”
উল্লেখ্য যে, গীতটিৰ ক্ষেত্ৰত আন এক ভাল লগা বিষয় এয়াও যে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব উপাসনা প্ৰিয়মক। গীতটিৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform