Rupaliparda.com
সনু সোদৰ নামেৰে অন্ধপ্ৰদেশত নিৰ্মাণ হৈছে মন্দিৰঃ 1

সনু সোদৰ নামেৰে অন্ধপ্ৰদেশত নিৰ্মাণ হৈছে মন্দিৰঃ

“লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰা চৰ্চা লাভ কৰিছে এগৰাকী বলীউড অভিনেতা – সনু সোদ।

অভিনেতা গৰাকীয়ে কেইবাজনো মজদুৰক বিনা টকা-পইচাৰে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। য’ত একাংশ মজদুৰে লক-ডাউনৰ ফলত নিজৰ আগন্তুক জীৱনক লৈ শংকিত হৈ আছিল সেইটো সময়তে বলীউড অভিনেতা সনু সোদ তেওঁলোকৰ মাজত ভগৱান হৈ থিয় দিছিল বুলি মন্তব্য কৰিছিল মজদুৰ সকলে নিজেই। নিজ বাসগৃহলৈ উভতি যোৱাৰ পিছত একাংশ মজদুৰে ভিন্ন ভিন্ন ধৰণে নিজৰ মৰম ব্যক্ত কৰিছে অভিনেতা গৰাকীৰ প্ৰতি। একাংশই য’ত নিজ সন্তানৰ নাম অভিনেতা গৰাকীৰ নামেৰে ৰাখিছে তাতেই আকৌ একাংশই অভিনেতা গৰাকীক পুনৰ বাৰ লগ পোৱাৰ আশ্বাস বিচাৰিছে। মুঠতে, সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।

সনু সোদ


শেহতীয়াকৈ, অন্ধপ্ৰদেশৰ এখন Dubba Thanda নামে গাঁৱৰ গাওঁবাসীয়ে সনু সোদৰ নামেৰে এক মন্দিৰ স্থাপন কৰিছে। তেওঁৰ কৰ্মৰ বাবে অভিনেতা গৰাকীক ভগৱানৰ স্থানত স্থাপিত কৰিছে গাওঁবাসীয়ে। এই কথাটোৰে প্ৰতিক্ৰিয়া স্বৰূপ অভিনেতা গৰাকীয়ে মাত্ৰ এটাই কথা কয় যে, তেওঁ মাত্ৰ এজন সাধাৰণ ব্যক্তি; এয়া তেওঁৰ নিবিচাৰে।” কেৱল এয়াই নহয়, কৃষি আন্দোলনক লৈও সক্ৰিয় এই অভিনেতা গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform