চলিত বৰ্ষটোত যিমানেই দূখ-দূৰ্গতি অথবা অপায় অমংগলে দেখা নিদিয়ক কিয়! অহা বৰ্ষলৈ প্ৰত্যেকেই একো একোটা আশা মনত পুঁহি ৰাখিছে; সাধাৰণ জনৰ পৰা আৰম্ভ কৰি চিলেব্ৰেটীলৈ প্ৰায় প্ৰত্যেকেই এটা নতুন বছৰত সোমাবলৈ আশা কৰা কৰা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়েও আহিবলগীয়া বৰ্ষটোত নিজক লৈ বহু আশা ধৰি ৰাখিছে। তেওঁ এক পোষ্ট যোগে কয় যে, “অহা বৰ্ষলৈ মই নিজৰ লগতে এই সমষ্ট বিশ্ব আৰু জীৱনক আৰু অধিক ভালপোৱা দিম।” তেওঁ কৰ্মক্ষেত্ৰখনৰ লগতে নিজক লৈও যে অত্যাধিক দৃঢ়প্ৰতিজ্ঞ সেয়া উক্ত পোষ্ট যোগে দেখিবলৈ পোৱা গৈছে। সমসাময়িক কন্ঠশিলী সমূহৰ মাজত আচলতে প্ৰিয়ংকা ভৰালীৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। তেওঁৰ গীত সমূহ মুক্তি পোৱাৰ পিছতেই লাভ কৰে দৰ্শক ও শ্ৰোতাৰ বহুল সঁহাৰি। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।
২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। সদ্যমুক্তিপ্ৰাপ্ত তেওঁৰ “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ।
Add comment