
গাওঁ চাবলৈ জিলা চাহাব আহিব। শক্তিমান গাওঁবুঢ়াৰ গাত তত নাই! চাহাব অসন্তুষ্ট হ’ব লাগিলে– গাওঁবুঢ়াৰ পৰা চাহাবে গাওঁ কাঢ়ি নিয়াৰ ভয়! গতিকে গাওঁবাসীক গাওঁ খনক চিকুণ কৰাৰ কথা ক’লে, হাতে-কামে লগালে। চাহাবৰ সৈতে মেমচাবো আহিব। চাহাব-মেমচাবৰ বিনোদনৰ বাবে ওস্তাদক মাতি অনালে। দায়িত্ব দিলে– যাত্ৰা প্ৰস্তুতিৰ বাবে। সময়ত চাহাব-মেমচাবৰ সন্মুখত যাত্ৰা আৰম্ভ হয়। কিন্তু যাত্ৰাত দেখুওৱা ৰাম-সীতা-লক্ষ্মণৰ “সুখ-দুখ” ভাল নাপালে মেমচাবে! চাহাবে আদেশ দিলে গাওঁবুঢ়াক– মেমেচাবে আনন্দ পাব পৰাকৈ আন কিবা দেখুৱাব লাগে। গাওঁবুঢ়াই নিৰ্দেশ দিলে ওস্তাদক। তেনেতে যাত্ৰাৰ এটা চৰিত্ৰ “হনুমান” মঞ্চলৈ আহে। “হনুমান”ক মেমহাচাবে পছন্দ কৰে, হাঁহিবলৈ ধৰে।

মেমহাচাবৰ হাঁহিয়ে চাহাবক সুখী কৰে; আৰু নিৰ্দেশ দিয়ে আৰু এটা হনুমান, তাৰ পাছত আৰু এটা হনুমান উলিয়াবলৈ। সময়ত হনুমানৰ সংখ্যা বাঢ়ি থাকিল, গাঁওবুঢ়াকে ধৰি গাওঁ খনৰ বাসীন্দা সকলো “হনুমান” হৈ নাচিবলৈ ধৰে। যাত্ৰাৰ কাহিনীতকৈ চাহাবৰ সন্তুষ্টিহে গাঁওবুঢ়াৰ বাবে প্ৰধান কথা! –চাহাব, মেমচাহাবক সন্তুষ্ট কৰিবলৈ গাওঁৰ সকলোৱে বান্দৰ নাচ আৰম্ভ কৰ, সম্ভৱতঃ ইমানতে শেষ হ’ব ৰূপালী গল্পটো। ৰূপালী গল্পটোৰ নাম– “হনুমানৰ সাধু”। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। “শৃংখল”ৰ পাছত পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা (feature film)। চিনেমা খন চিত্ৰগৃহলৈ আহিব এই বছৰটোতে।

চিনেমা খনৰ কাহিনী “ইংৰাজ কাল”ৰ। ১৯৪৭ চনৰ আগৰ। –পৰিচালক হাজৰিকাৰ ব্যখ্যা, “এই কাহিনী আজিও চলি আছে। দিল্লীৰ নেতা এগৰাকী আহিলেই আমাৰ ৰাজ্যৰ নেতাৰ গাত তত নাইকীয়া হয়! বাট-পথ চকুত লগাকৈ চিকুন কৰা হয়। চিনেমা খনৰ কাহিনীৰ গতিত চাহাবে গাওঁবুঢ়াৰ কামত (আলপৈচানত) সন্তুষ্ট হৈ কয়– ‘তোমাক আমি ৰজা বনাম’। এনে ধৰণৰ কথা আজি দিল্লীৰ নেতাৰ পৰা শুনাৰ বাবে ৰাজ্যৰ নেতা সকলে গাওঁবুঢ়াই চাহাবক তেল মৰাৰ দৰে কৰা আচৰণ আমি দেখি থকা নাই জানো! তেতিয়াৰ পৰা এতিয়ালৈ চলি থকা ৰাজনৈতিক তৈল মর্দন বা চামচামি এই চিনেমা খনত দৰ্শকে অনুভৱ কৰিব!”
চিনেমা খনৰ কাহিনী পবিত্ৰ কুমাৰ ডেকাৰ। কাহিনী পৰিবৰ্ধন প্ৰবিণ হাজৰিকাৰ। চিত্ৰনাট্য আৰু সংলাপ পবিত্ৰ কুমাৰ ডেকা,প্ৰবিণ হাজৰিকাৰ।

চিত্ৰনাট্য উপদেষ্টা: তৰুন শইকীয়া( বি চাৰিআলি), ৰাজীৱ কুমাৰ ফুকন। চৰিত্ৰ নিৰ্মাণ কৰিছে উপকূল বৰদলৈ, হিৰণ্য ডেকা, বিল ৰিছমণ্ড, সুৱাগমনি মহন্ত, সুস্মিতা শইকীয়া, মীনা শইকীয়া, জিতেন বৰা, দুলন বৰা, বাবুল ভাগৱতী, প্ৰকাশ বৰা, ভৱ বৰা, কুমুদ মেধী, ৰিপণ বাগিশ, অশ্ৰুমনি বৰা, ৰিয়া গোস্বামী, উৎপল কলিতা, মৌচুম বৰা আদিক লৈ। চিত্ৰগ্ৰহণ মিনাক্ষী ভাগৱতী আৰু জীতেন বড়োৰ, চাউণ্ড ডিজাইন কল্পনা গগৈ আৰু হিমন্ত কুমাৰ গগৈৰ,
কালাৰ গ্ৰেডিং অন্তৰিপ হাজৰিকাৰ, ৰূপসজ্জা প্ৰকাশ বৰাৰ, সম্পাদনা নিৰঞ্জন গগৈৰ, সাজ-সজ্জা ৰাণী দত্ত বৰুৱাৰ। জেউতী প্ৰডাকচনৰ বেনাৰত চিনেমা খন প্ৰযোজনা কৰিছে Mrinalbin qutub।

প্ৰযোজনা নিয়ন্ত্ৰন: পৰমা হাজৰিক। পৰিচালনা সহকাৰী- ইন্দ্ৰ দাস, মানৱ গগৈ।
উল্লেখ্য যে এই নামেৰে, এই কাহিনী-বিষয়বস্তৰে প্ৰবীণ হাজৰিকাই এখন ধাৰাবাহিক পৰিচালনা কৰিছিল। দূৰদৰ্শনে টেলিকাষ্ট কৰিছিল। জনপ্ৰিয় হৈছিল।







Add comment