Rupaliparda.com
একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে "তুমসে" 1

একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে “তুমসে”

আকৌ এবাৰ এটা নতুন গীতৰ সৈতে আগবাঢ়িছে নৱপ্ৰজন্ম। ভাস্কৰ অপ্সৱেলৰ কন্ঠৰে আহি আছে এটি নতুন গীত “তুমসে”; ইতিমধ্যে নিজ কন্ঠৰ যাদুৰে প্ৰায়খিনি দৰ্শকৰ মাজত চিনাকী লাভ কৰা ভাস্কৰ অপ্সৱেলৰ কন্ঠৰে আহিবলগীয়া এই গীতটিক লৈ অপেক্ষাৰতও শ্ৰোতা-দৰ্শক। গীতটিৰ শেহতীয়াকৈ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ সমুখত; আহিবলগীয়া সময়ত এই গীতটিয়েও নিজৰ এক সুন্দৰ স্থিতি যে গঢ়ি তুলিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। বৰ্তমানৰ চচিয়েল মিডিয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে; ইয়াৰ দ্বাৰা বহু প্ৰতিভাৰ সন্ধান পোৱা যায়। ভাস্কৰ অপ্সৱেল; এইগৰাকী ব্যক্তিৰ ইনষ্টাগ্ৰাম একাউন্টটো খুলিলেই আপোনালোকে দেখিবলৈ পাব কেইটিমান গীত আৰু তেওঁৰ সুমধুৰ কন্ঠ। অসমীয়াই হওঁক অথবা হিন্দীয়েই হওঁক তেওঁ নিজ কন্ঠৰে প্ৰতিটো গীতেই যেন জীপাল কৰি তুলিছে। মৰিগাওঁৰ কাণফলাত ২ ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰা ভাস্কৰ অপ্সৱেল নৱপ্ৰজন্মৰ এনে এজন প্ৰতিভাৰ গৰাকী; যাৰ প্ৰতিটো গীতত এতিয়া আকৰ্ষিত সংগীত প্ৰেমী শ্ৰোতা। আচলতে, তেওঁ নিজ কন্ঠৰে এতিয়া টানিছে অনুৰাগীক। সৰুৰ পৰা এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পেছাগত ভাৱে সংগীতৰ পিনে ঢাল খাইছিল ভাস্কৰে। গীতত কন্ঠদান কৰাৰ উপৰিও আচলতে গীত সমূহত নিজে সংগীত প্ৰদান কৰিছে উক্ত নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীয়ে।

একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে "তুমসে" 2


আনহাতে আগন্তুক “তুমসে” শীৰ্ষক গীতটিত কথা সীমান্ত কলিতাৰ লগতে গীতটিত সুৰ দিছে মৃণাল দাস। লগতে, গীতটিত সংগীত প্ৰদানৰ দায়িত্বত আছে ত্ৰিয়ন মহন্ত। উল্লেখ্য যে, উক্ত গীতটিৰ প্ৰতিটো বিভাগত এনে একোজন প্ৰতিভা জড়িত হৈ আছে যাৰ সৃষ্টিয়ে ইতিমধ্যে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ত্ৰিয়ন মহন্তই সম্প্ৰতি প্ৰতিজন কন্ঠশিল্পীৰ সৈতে কাম কৰিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। মৃণাল দাসে নতুনকৈ এই অসমীয়া সংগীত ক্ষেত্ৰখনত জড়িত হৈছে যদিও তেওঁৰ প্ৰকল্পসমূহে জনসাধাৰণক উৎসাহিত কৰাত সক্ষম হৈছে। সীমান্ত কলিতাই উক্ত গীতটিৰ জৰিয়তেই সংগীত ক্ষেত্ৰখনত পেলাইছে নিজৰ প্ৰথমটো খোজ। ইয়াৰ লগতে, এইটো কথা বুজিব পৰা যায় যে বৰ্তমান সময়ছোৱাত একোজন নৱপ্ৰজন্মৰ এনে প্ৰতিভাৰ জন্ম হৈছে যিয়ে শ্ৰোতা-দৰ্শকক নতুন সোঁৱাদ প্ৰদানত প্ৰয়াস কৰিছে।

একোজন দক্ষ নৱপ্ৰজন্মৰ প্ৰতিভাৰে অতিশীঘ্ৰে "তুমসে" 3

বৰ্তমান সৃষ্টিৰ মূলতে আছে নৱপ্ৰজন্ম; তেওঁলোকৰ সৃষ্টি অথবা কামত বিশ্বাসী জনসাধাৰণো। তেওঁৰ আহিবলগীয়া এই কাম সমূহক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.