Rupaliparda.com
"ইউএফঅ' আদি উপগ্ৰহীয় মাধ্যমেৰে নহয়; "গৰু" ৰাইজৰ মাজলৈ আহিব ৰাইজৰ দ্বাৰা"- হিমাংশু প্ৰসাদ দাস 1

“ইউএফঅ’ আদি উপগ্ৰহীয় মাধ্যমেৰে নহয়; “গৰু” ৰাইজৰ মাজলৈ আহিব ৰাইজৰ দ্বাৰা”- হিমাংশু প্ৰসাদ দাস

পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ পৰিকল্পনাবোৰে পূৰ্বৰ পৰাই অসমীয়া প্ৰতিজন দৰ্শকক উৎসাহিত কৰে। তেওঁৰ প্ৰতিটো পৰিকল্পনাতেই আচলতে দৰ্শকে নতুনত্ব অনু্ভৱ কৰিবলৈ সক্ষম হয়। এই পৰিকল্পনাখিনিক লৈয়ে পুনৰ বাৰ তেওঁ নিজৰ ছবি “গৰু” ক লৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। অহা ২৩ জানুৱাৰী তাৰিখৰ পৰা মুঠ এহাজাৰটা দৰ্শনীৰে মুক্তিৰ বাবে সাজু হৈছে নাট্যকাৰ-পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ছবি “গৰু”। “কা” আৰু ক’ৰোণাৰ সৈতে সাধাৰণজনৰ দৰেই যুঁজ দিছে অসমীয়া ছবি “গৰু” ৱে। কাৰণ উক্ত দুয়োটা সময়তে মুক্তিৰ বাবে প্ৰবল উৎসাহেৰে সাজু হৈ থকা এই ছবিখনে পিছ হুহুঁকি আহিবলগীয়া হৈছিল কিন্তু এতিয়া এই আটাইবোৰ পৰিস্থিতি, সন্ত্ৰাসগ্ৰস্ত সময় তথা স্তব্ধতাৰ মাজৰ পৰা ওলাই আহি উক্ত ছবিখনে সচৰাচৰ “ব্লকব্লাষ্টাৰ” অসমীয়া ছবিৰ ডেৰশ-দুশ দৰ্শনীৰে নহয়; আহিছে মুঠ এহাজাৰটা দৰ্শনীৰ সৈতে। পৰিচালক হিমাংশু প্ৰসাদ দাস নিজেও ছবিখনক লৈ অত্যন্ত উৎসাহী কিয়নো ছবিখনৰ নাম অথবা ইয়াৰ বিষয়বস্তুৱে সম্প্ৰতি নৱপ্ৰজন্ম আৰু পৰিস্থিতিক উপস্থাপনৰ লগতে ই ভালকৈ যে জনসাধাৰণক সংযোগ কৰিব পাৰিব তাক লৈ তেওঁ বিশ্বাসী। অহা বৰ্ষৰ ২২ জানুৱাৰী তাৰিখৰ পৰা গুৱাহাটী মহানগৰীত আৰু ২৩ তাৰিখৰ পৰা সমগ্ৰ অসমৰ চুকে-কোণে “গৰু” ক ৰাইজে চোৱাৰ ব্যৱস্থা কৰিছে পৰিচালক গোষ্ঠীয়ে।

"ইউএফঅ' আদি উপগ্ৰহীয় মাধ্যমেৰে নহয়; "গৰু" ৰাইজৰ মাজলৈ আহিব ৰাইজৰ দ্বাৰা"- হিমাংশু প্ৰসাদ দাস 2


সম্প্ৰতি ডিজিটেল প্লেটফৰ্মৰ বাঢ়ি অহা জনপ্ৰিয়তাৰ পিছতো ছবিখনক কিয় এনেদৰে মুকলি কৰা হ’ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত পৰিচালক গৰাকীয়ে কয় যে, “এটা মোবাইল স্ক্ৰীণত অকলেই ছবিখন উপভোগ কৰাতকৈ যদি লগ-বন্ধু অথবা পৰিয়ালৰ সৈতে একেলগে আহি ছবিখন উপভোগ কৰা হয় তেতিয়াহ’লে ই এক অন্যধৰণৰ সোঁৱাদ প্ৰদানত সক্ষম হয়। গতিকে এইবাবেই আমাৰ তৰফৰ পৰা ইউএফঅ’ আদি উপগ্ৰহীয় মাধ্যমেৰে নহয়; “গৰু” ৰাইজৰ মাজলৈ আহিব ৰাইজৰ দ্বাৰা।” উল্লেখ্য যে, এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কোনো বিশেষ সুঠাম দেহা অথবা সাৱলীল অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা অভিনেতা-অভিনেত্ৰীয়ে ৰূপায়ন কৰা নাই। এজনী গাই গৰুৱে “গৰু” ত ৰূপায়ন কৰিছে মূখ্য চৰিত্ৰ; আনহাতে ছবিখনৰ আনকেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মূখাৰ্জী, অৰুণ নাথ, কমল লোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই।


হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহান, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। ক্ৰেয়ন ট্ৰী প্ৰডাকচনত বেনাৰত গীতা পাঠকৰ দ্বাৰা প্ৰযোজিত এই ছবিখনক যদি আপোনালোকেও নিজ অঞ্চলত প্ৰদৰ্শন কৰিব বিচাৰিছে তেতিয়াহ’লে যোগাযোগ কৰিব পাৰে ক্ৰমে ৭০০২৫১০৯৭৬ আৰু ৭০০২২৩৮৮৯৬ নম্বৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform