বলীউড অভিনেতা গোবিন্দা ৯০ দশকৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা আছিল; তেওঁৰ প্ৰায় ছবিয়ে মুক্তিৰ পিছতেই জনপ্ৰিয়তাক চুমিছিল; কিন্তু চন ২০০০ পিছত অভিনেতা গৰাকী যেন প্ৰায় হেৰাই গৈছে। তেওঁ সহ অভিনেতা ৰূপে বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত যদিও তেওঁ মূখ্য চৰিত্ৰত অভিনীত বৰ্তমান এখনো ছবি দেখিবলৈ পোৱা নাযায়। এইক্ষেত্ৰত, গোবিন্দাৰ ক’ত খুঁট ৰৈ গৈছিল সেয়া হয়তো এতিয়াও জানিবলৈ উৎস্যুক সকলো। এই প্ৰশ্নটোৰ উত্তৰ শেহতীয়াকৈ নিজেই দিছে অভিনেতা গোবিন্দাই; অভিনয় কেৰিয়াৰ শেষ হোৱা আঁৰত তেওঁ নেপোটিজিমক একাষাৰে আঙুলিয়াই দিয়া নাই যদিও প্ৰসংগক্ৰমে তেওঁৰ নেপোটিজিমৰ ফলতেই এনে হৈছিল বুলি বাখ্যা কৰে। বলীউড পৰিয়ালটো বহু ডাঙৰ গ্ৰুপৰ দ্বাৰা গঠিত আৰু এই গ্ৰুপসমূহত যদি কোনো লোক ফিট হ’ব নোৱাৰে তেতিয়া এয়া তেওঁলোকৰ বাবেই সংকটময় হ’ব পাৰে বুলি কয় গোবিন্দাই।
তেওঁ কয় যে, “বলীউড এখন ডাঙৰ পৰিয়াল; ইয়াত প্ৰত্যেকৰে সৈতে যদি সম্বন্ধ ভাল কৰি ৰখা হয় তেতিয়াহ’লে ই কাম কৰি যাব। আপুনিও যদি সেই পৰিয়ালৰ অংশীদাৰ হয় তেতিয়াহ’লে আপুনি ভালেই কাম পাব।” জনসাধাৰণক নিজৰ কথাৰে হহুঁৱাৰ পৰা আৰম্ভ কৰি অভিনয়ৰে আমোদ প্ৰদান কৰা গোবিন্দাৰ অনুৰাগী কিন্তু এতিয়াও কম হোৱা নাই। উল্লেখ্য যে, পৰিচালক ডেবিদ ধৱনৰ সৈতে গোবিন্দাৰ শীতল যুদ্ধ সকলোৱে জানে; যিগৰাকী পৰিচালকে নিজৰ জীৱনৰ প্ৰতিখন হিট গোবিন্দাৰ সৈতে দিছে বৰ্তমান তেওঁলোক একেলগে কাম কৰাৰ পৰা বহু দূৰত।
Add comment