Rupaliparda.com
ইউটিউবত ট্ৰেণ্ডিঙত ৰাকেশ ৰিয়ানৰ গীত "হোলা ভাই মোলা" 1

ইউটিউবত ট্ৰেণ্ডিঙত ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”

মুক্তিৰ পিছতেই ইউটিউবত ট্ৰেণ্ডিঙত ৰাকেশ ৰিয়ানৰ গীত “হোলা ভাই মোলা”। ইউটিউবত ১৯ নম্বৰত ট্ৰেণ্ডিঙত চলিছে ৰাকেশ ৰিয়ানৰ উক্ত গীতটি। মুক্তিৰ কিছু মূহুূৰ্ত পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা বহুল সঁহাৰি লাভ কৰাত ৰাকেশ ৰিয়ানে এটি পোষ্ট যোগে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। তেওঁ কয় যে” কি আচৰিত!!! YOUTUBE TRENDING’ত 19 নম্বৰ’ত আছে “হোলা ভাই মোলা” অসমীয়া গান আগতে দেখা নাছিলোঁ। “Trending” মানে হৈছে India’ত এটা সময়ত 30 টা গান Youtube trending’ত থাকে। তাৰে মাজত আমাৰ গানটো দেখি আচৰিত হোৱাৰ লগতে অত্যন্ত সুখীও হৈছোঁ। এইয়া কেৱল আপোনালোকৰ মৰমৰ বাবেই সম্ভৱ হৈছে।” গীতটিত কথা লুইত নীলৰ লগতে ইয়াত সংগীত দিয়াৰ উপৰিও শব্দ-সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে। ঢোল বজাইছে লাচিত বৰুৱাই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকা তথা অঞ্জন মেধিয়ে।


উল্লেখ্য যে, চলিত বৰ্ষটোতে কন্ঠশিল্পী ৰাকেশ ৰিয়ানে এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ লাভ কৰা গীতটিৰ জনপ্ৰিয়তা আপুনিও নিশ্চয় অনুভৱ কৰি

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.