Rupaliparda.com
"ভাগৰ; বহু উশাহৰ সাঁথৰ" আৰু কিছু কথাঃ 1

“ভাগৰ; বহু উশাহৰ সাঁথৰ” আৰু কিছু কথাঃ

Jonaki Mon & Soulmates ৰ দ্বিতীয়টো প্ৰয়াস তথা Bioscope ৰ সৌজন্যত সদ্যমুক্তিপ্ৰাপ্ত গীত “ভাগৰ” য়ে বৰ্তমান খলকনি লগাইছে জনসাধাৰণৰ হৃদয়ত। গীতটিৰ কন্ঠৰ গভীৰতাৰ লগতে ভিডিঅ’টোৰ বিষয়বস্তুটোৱে প্ৰতিজন সংগীতপ্ৰেমী অনুৰাগীক উৎসাহিত কৰি তুলিবলৈ সক্ষম হৈ পৰিছে। “ভাগৰ; বহু উশাহৰ সাঁথৰ”, শীৰ্ষক এই গীতটিয়ে ৪ মিনিট দৈৰ্ঘ্যত বুজাব খোজা কথাখিনি অথবা ভিডিঅ’টোত অন্তৰ্ভূক্ত কাহিনীভাগে আচলতে প্ৰতিজন জনসাধাৰণকেই সংযোগ কৰিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ভাগৰ অথবা ক্লান্তি, বাহ্যিক ভাগৰবোৰতকৈ অধিক কেতিয়াবা এজন ব্যক্তি বিশেষক ভাগৰুৱাই পেলায় তেওঁৰ মানসিক ক্লান্তিয়ে। কিন্তু আপোনজনক কৰা যতনৰ ক্ষেত্ৰত জানো কেতিয়া কোনোবা ভাগৰি পৰিব পাৰে জানো? আপোনজনক সূস্থ কৰি তুলিবলৈ হ’লে তেওঁৰ সৈতে কৰা কষ্টত ভাগৰ নহয়, অনুভৱ কৰিব পৰা যায় অন্য এক মাদকতাহে। এনে বিষয়বস্তুক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছিল “ভাগৰ”। গীতটিৰ ভিডিঅ’ পৰিচালনাত নৱপ্ৰজন্মৰ পৰিচালক মানৱ জ্যোতি বৰুৱাৰ দক্ষতা দেখিবলৈ পোৱা গৈছে; আনহাতে, জোনাকী মনৰ কন্ঠৰ গভীৰতাই গীতটিক আৰু সুফল দিয়াত সক্ষম হৈছে যেন অনুভৱ হয়।


পৰিচালনাৰ উপৰিও গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে মানৱ জ্যোতি বৰুৱা; আনহাতে ভিডিঅ’টোত কমল লোচনৰ সৈতে অভিনয় কৰিছে দূৰ্গাশ্ৰী বৰাই। ইয়াৰ পূৰ্বেও জোনাকী মনৰ প্ৰথমটো গীত “সপোন যেন পাওঁ” তো দেখিবলৈ পোৱা গৈছিল উক্ত অভিনেতা-অভিনেত্ৰীৰ যুঁটিটো। অভিনয়ৰ দিশটোত আকৌ এবাৰ অনুৰাগীক নিজৰ সুন্দৰ দিশটোক দেখুৱাইছে অভিনেতা কমল লোচনে। ভিডিঅ’ ৰ বিষয়বস্তু কুকীল প্ৰতিম শইকীয়াৰ লগতে গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত পৰিচালনা জোনাকী মনৰ। গীতটিত কথা ডানিশৰ, সংগীত ব্যৱস্থাপনা সৌৰভ হাজৰিকাৰ আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। গীতটিৰ ভিডিঅ’টোৰ সহযোগী পৰিচালক আৰু সাজ-সজ্জাৰ দায়িত্বত আছে পংখী পেগু; সহকাৰী পৰিচালনা ভাগ্যশ্ৰী তালুকদাৰৰ।

"ভাগৰ; বহু উশাহৰ সাঁথৰ" আৰু কিছু কথাঃ 2


নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টা সঁচাকৈ উল্লেখনীয়। উক্ত দুয়োটা নৱপ্ৰজন্মৰ প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত প্ৰকল্প বোৰে টানিছে অনুৰাগীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform