Rupaliparda.com
অপৰিৱৰ্তনীয় কিছু সম্পৰ্ক; অনুভূতিক লৈ সৌৰভ শইকীয়া "অনুৰণন"- 1

অপৰিৱৰ্তনীয় কিছু সম্পৰ্ক; অনুভূতিক লৈ সৌৰভ শইকীয়া “অনুৰণন”-

চলিত বৰ্ষটোৱে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে নিজৰ শেষৰটো পৰ্যায়ত উপনীত হৈছে। বৰ্ষটোত সাধাৰণ জনৰ পৰা আৰম্ভ কৰি সমাজ ব্যৱস্থাৰ ভিন্ন সাল-সলনি আমি উপলদ্ধ কৰিছো অথবা ইয়াৰ সাক্ষীও আমি হৈছো। কিন্তু, পৰিস্থিতিৰ সলনি হ’লেও কেতিয়াবা কিছুমান অনুভৱৰ সলনি নহয়; সংঘাত, কষ্ট অথবা বিদ্ৰোহ কৰি হ’লেও সেই অনুভূতিটোৰ সৈতে আমি জীয়াবলৈ প্ৰয়াস কৰো। আনহাতে, এই বৰ্ষটোতেই আমি এনে বহু চুটি ছবিৰো উপভোগ কৰিছো যিয়ে হয়টো আমাৰ মন-মগজুত বৰ্তমানেও ক্ৰিয়া কৰি আছে। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। “লক-ডাউন” ৰ সময়ছোৱাতটো আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে মানৱ সমাজৰ আচাৰ-ব্যৱহাৰ, নিয়ম-নীতি আদিক সাঙুৰি লৈছিল। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ আন এখন চুটি ছবিৰ সুন্দৰ বিষয়বস্তুৱে টোকৰ মাৰিছে চলচিত্ৰ প্ৰেমী দৰ্শকৰ দুৱাৰত। AMATEUR COMPANY ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ নাম হৈছে “অনুৰণন”।

অপৰিৱৰ্তনীয় কিছু সম্পৰ্ক; অনুভূতিক লৈ সৌৰভ শইকীয়া "অনুৰণন"- 2

সৌৰভ শইকীয়াৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত এহাল বৃদ্ধ স্বামী-স্ত্ৰীৰ সম্বন্ধৰ মাজৰ গভীৰতাক উপস্থাপন কৰা হৈছে। ইতিমধ্যে কৈছিলোৱে নহয় যে পৰিস্থিতি সূচনীয় হ’লেও কেতিয়াবা কিছুমান সম্পৰ্কৰ মাজৰ আন্তৰিকতা, আৱেগ ইত্যাদিৰ সলনি নহয়। বয়সৰ চাপ পৰিলেও ইজনে আনজনক সাৱটি ৰাখিবলৈ বিচাৰে আজীৱন একেলগে। এনে কিছু ঘটনাক উপস্থাপন কৰি পৰিচালক গৰাকীয়ে উক্ত চুটি ছবিখনৰ দ্বাৰা দৰ্শকৰ মাজলৈ নতুনত্ব অনাত সফল হ’ব বুলিও বিশ্বাসী। মৰাণহাট আৰু গুৱাহাটীৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱা এই চুটি ছবিখনত অভিনয় কৰিছে অসমীয়া দুগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ক্ৰমে বিষ্ণু খাৰঘৰীয়া আৰু প্ৰতিভা চৌধুৰীয়ে।

অপৰিৱৰ্তনীয় কিছু সম্পৰ্ক; অনুভূতিক লৈ সৌৰভ শইকীয়া "অনুৰণন"- 3

মানস বৰা আৰু পৰাগ মেধিৰ চিত্ৰগ্ৰহণেৰে চুটি ছবিখনৰ শব্দ আৰু আৱহ সংগীতৰ দায়িত্বত আছে ঋতু বিকাশ। সম্পাদনা পৰাগ মেধিৰ আৰু প্ৰডাকচন মেনেজিং সুনীল গগৈৰ; ঘৰুৱা দৰ্শকৰ সমুখত মুকলি কৰি দিয়াৰ পূৰ্বে চুটি ছবিখন বিভিন্ন পৰ্যায়ত অনুষ্ঠিত ছবি সমাৰোহলৈ প্ৰেৰণৰ কথা ব্যক্ত কৰে পৰিচালক সৌৰভ শইকীয়াই। তেওঁৰ এই প্ৰকল্পটোক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform