Rupaliparda.com
"শকুন্তলা" ৰ সৈতে ৰাইজৰ কাষলৈ সুকন্যা বৰুৱা: 1

“শকুন্তলা” ৰ সৈতে ৰাইজৰ কাষলৈ সুকন্যা বৰুৱা:

এখন নতুন ধাৰাবাহিকৰ সৈতে অনুৰাগীৰ মাজত আহিবলৈ সাজু হৈছে অভিনেত্ৰী সুকন্যা বৰুৱা। ইতিমধ্যে ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হৈছে পূৰ্ণগতিত। চচিয়েল মিডিয়াত সক্ৰিয় সুকন্যা বৰুৱাক আকৌ এবাৰ এখন ধাৰাবাহিক যোগে নিতৌ চাবলৈ পোৱাৰ আশাত উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীও; সম্প্ৰচাৰৰ তাৰিখ অথবা সময় বৰ্তমানেও জনোৱা হোৱা নাই যদিও “শকুন্তলা” শীৰ্ষক এই ধাৰাবাহিকখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক। সুকন্যাৰ সৈতে ধাৰাবাহিকখনৰ আন এটি চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰূপচন্দা শৰ্মাকো। নৱপ্ৰজন্মৰ কেইখনমান চিনাকী মুখৰ সৈতে নৱনিৰ্মিত উক্ত ধাৰাবাহিকখনে সম্প্ৰচাৰৰ পূৰ্বৰে পৰাই জনসাধাৰণৰ হৃদয়ত লগাইছে খলকনি। চচিয়েল মিডিয়াত বহুল ৰূপত সক্ৰিয় হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে কৰা প্ৰায় প্ৰতিটো কামেই লেখত ল’বলগীয়া। অভিনয় আৰু নৃত্য এই দুই মাধ্যমৰ সমান প্ৰতিভা থকা এই গৰাকী অভিনেত্ৰীৰ বিহু নৃত্য চৰ্চা চলিছিল বিদেশতো। জাৰ্মানীৰ এগৰাকী মহিলাই শেহতীয়াকৈ সুকন্যাৰ বিহু নৃত্য দেখি আপ্লুত হয় আৰু তাত তেওঁ নিজ অনুভৱ ব্যক্ত কৰে।

"শকুন্তলা" ৰ সৈতে ৰাইজৰ কাষলৈ সুকন্যা বৰুৱা: 2


সম্প্ৰতি প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত পৰিচালনা গোষ্ঠীৰ প্ৰথম বিচাৰ সুকন্যা বৰুৱাক তেওঁৰ ব্যক্তিগত ইউটিউব ভিডিঅ’ক লৈও বিভিন্ন প্ৰকল্প যুগুতাই ৰখা দেখিবলৈ পোৱা যায়। আগন্তুক সময়ত কন্ঠশিল্পী চন্দন দাসৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “ৰে’ল” শীৰ্ষক গীতটিতো অভিনয় কৰা দেখিবলৈ পোৱা যাব সুকন্যাক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.