Rupaliparda.com
আহিবলগীয়া "আগন্তুক" ক লৈ উৎসাহী শ্ৰোতা-দৰ্শকঃ 1

আহিবলগীয়া “আগন্তুক” ক লৈ উৎসাহী শ্ৰোতা-দৰ্শকঃ

আমি প্ৰায়ে নিজস্বতা বিচাৰি হাবাথুৰি খাওঁ; কেওঁদিশৰ পৰা সম্পূৰ্ণ অনুভৱ কৰিও যেন অসম্পূৰ্ণ হৈ ৰয় প্ৰত্যেকজন। কোনো সময়ত নিজস্বতা বিচাৰি নিজে এনেদৰে হাবাথুৰি খোৱা যায় যে, কোনটো স্থানত নিজক প্ৰতিষ্ঠিত কৰি আনৰ ওচৰত চিনাকী দিম সেই চিন্তাই হতাশা কঢ়িয়ায়। অৱশ্যে, কেতিয়াবা এনে পৰিস্থিতিৰো সৃষ্টি হয় য’ত আমি নিজস্বতাৰ সন্ধান পালেও আনক আমাৰ যথোপযুক্ত চিনাকীটো দিবলৈ সংকোচবোধ কৰো অথবা লাজ কৰো। আমাৰ মন মগজুত একেটা কথাৰ ক্ৰিয়া চলে, য’ত আমি সমাজৰ তথাকথিত নিয়মৰ মাজত পাকঘূৰণি খাই সোমাই পৰো। গতিকে, এনে ভাৱসমূহক যদি আমি স্ক্ৰীণত উপভোগ কৰিবলৈ পাওঁ তেতিয়াহ’লে ই আপোনাকো উৎসাহিত কৰি নুতুলিব নে?অৱশ্যে, আহিবলগীয়া এনে এক প্ৰকল্পযোগে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা দেখিবলৈ পোৱা যাব; “আগন্তুক” শীৰ্ষক এটি গীত যোগে জনসাধাৰণে উপভোগ কৰিবলৈ সক্ষম হ’ব নতুনত্ব। গীতটিত কথা আৰু সুৰ দিয়াৰ উপৰিও ইয়াত কন্ঠদান কৰিছে ৰক্তিম প্ৰীতম দাসে। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “প্ৰীতিৰ সুঁতি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে জনপ্ৰিয়তা তথা শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ।

আহিবলগীয়া "আগন্তুক" ক লৈ উৎসাহী শ্ৰোতা-দৰ্শকঃ 2


প্ৰাপ্তি কিম্বা অপ্ৰাপ্তিৰ কিছু জটিল গাঁথনিবোৰক লৈ নিৰ্মাণ কৰা হৈছে “আগন্তুক” তথা ইয়াৰ ভিডিঅ’। ইয়াত সংগীতৰ দায়িত্বত আছে কৌশিক শইকীয়াৰ লগতে পিয়ানো’ বজাইছে ময়ূৰ শইকীয়াই। গীতটিৰ ভিজুৱেল কনচেপ্ট আৰু আৰ্ট গীতাশ্ৰীৰ; ইয়াৰ ভিডিঅ’টোত অভিনয় কৰিছে প্ৰণামিকা আৰু অনুৰাধাই। প্ৰীতিস্না দত্তৰ দৃশ্যগ্ৰহণেৰে ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে ৰাশিশ্ৰুতি দাস। গীতটি বাণীবদ্ধ কৰিছে পাৰ্থজিৎ ৰয়ে; ইতিমধ্যে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে চচিয়েল মিডিয়াত আৰু মুক্তিৰ পিছতেই পোষ্টাৰখনে লাভ কৰিছে জনসাধাৰণৰ সমাদৰ।


উক্ত প্ৰতিজন নৱপ্ৰজন্মৰ সৃষ্টি আৰু প্ৰতিভাক লৈ বৰ্তমান উৎসাহী জনসাধাৰণ। এওঁলোকৰ তৰফৰ পৰা আকৌ আন কেইটামান গীত শুনিবলৈও অপেক্ষাৰত বহুতো। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমিও এওঁলোকলৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform