অহা বৰ্ষলৈ আহিবলগীয়া কেইবাটাও প্ৰকল্পৰ ভিতৰত এক গভীৰ বিষয়বস্তুৰে নিৰ্মিত তথা উল্লেখনীয় প্ৰকল্পৰ নাম হৈছে “চিয়াঁহীৰ ৰং”। সূৰ্যাস্ত, সমীৰণ বৰুৱা আহি আছে, ধুনীয়া তিৰোতাবোৰৰ পৰিচালনাৰ লগতে কেইবাখনো গ্ৰন্থৰ লিখক প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাৰে জনসাধাৰণৰ মাজত আহিবলৈ সাজু হৈছে “চিয়াঁহীৰ ৰং”। সম্প্ৰতি সময়ৰ সাংবাদিক এজনৰ নীতি, তেওঁৰ কৰ্তব্যপৰায়ণতা আদিৰ কাহিনী উপস্থাপনৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে এই ছবিখন। কেইবাগৰাকীও ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটা এই ছবিখনক শেহতীয়াকৈ চেঞ্চৰ বোৰ্ডেও দেখুৱাইছে গ্ৰীণ চিগনেল। ৰূপালীপৰ্দাৰ ফালৰ পৰা আহিবলগীয়া উক্ত ছবিখনক লৈ পৰিচালক গৰাকীৰ সৈতে পাতিছিলো কিছু কথা; ছবিখনৰ দ্বাৰা দৰ্শকে কি লাভ কৰিব সেই বিষয়ে অকণমান জানিবলৈ বিচাৰিছিলো পৰিচালক গৰাকীৰ পৰা। ছবিখনৰ প্ৰসংগত প্ৰদ্যুৎ কুমাৰ ডেকাই জনাইছিল যে, “অগ্ৰদুত কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতুমনি বৰাৰ একে নামৰ উপন্যাস অৰ্থাৎ চিয়াঁহীৰ ৰঙৰ আধাৰত এই ছবিখন নিৰ্মিত। উপন্যাসখনৰ বিষয় হ’ল মূলতে সংবাদ মাধ্যম আৰু ২৫ বছৰ সাংবাদিকতা কৰা শশাংক চৌধুৰীৰ এই জগতত কাম কৰি পোৱা মিঠা তিঁতা অভিজ্ঞতাৰ কাহিনী। ছবিখনৰ বিষয়বস্তুয়ে মোক আকৰ্ষিত কৰিছিল। ছবিৰ প্ৰযোজক হ’ল ৰ’জি বৰাৰ লগতে ইয়াত চিত্রগ্ৰহণ কৰিছে ৰাতুল বৰ্মনে ; সংগীত মলয় সুত্রধৰৰ, ছাউণছড ডিজাইন দীপক দত্ত আৰু বাবুল দাসৰ, সম্পাদনা সঞ্জীৱ তালুকদাৰৰ। অভিনয়ৰ কেইটামান মূল চৰিত্রত আছে যতীন বৰা, তৌফিক ৰহমান, অলক নাথ, বিদ্যুত কুমাৰ ভূঞা, মৃনাল দাস, মেলডি পাটগিৰি, দেৱীকা প্ৰিয়ম, মুকুত নাথ আদি।
ছবিখনত অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকে কি নতুন পাব বুলি প্ৰশ্ন কৰাত পৰিচালক গৰাকীয়ে জনায় যে, “ছবিখনত নব্বৈ দশকৰ সংবাদ মাধ্যম দেখুওৱা হৈছে যিটো সময়ত অসমক “disturbed area” বুলি আখ্যা দিয়া হৈছিল। সাম্প্ৰতিক অসমক ভালকৈ জানিব হ’লে সেই সময়ক জনাটো দৰকাৰ। এজন সাংবাদিকৰ দৃষ্টিভংগীৰে এখন সম্পূৰ্ণ চিনেমা আগতে অসমত নিৰ্মাণ হোৱা নাই; দৰ্শকে সেইটোত নতুনত্ব পাব। উল্লেখ্য যে ছবিখনৰ আটাইবোৰ চৰিত্র হ’ল সাংবাদিক!” এগৰাকী “সাংবাদিক” তেওঁৰ মতনুযায়ী কেনে হোৱা উচিত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মোৰ দেউতা (পবিত্র কুমাৰ ডেকা) Assam Tribune Group ত প্ৰায় তিনিটা দশক চাকৰি কৰিছিল। তাৰপিছত সাদিন-প্ৰতিদিন গোষ্ঠীত প্ৰায় দুটা দশক মৃত্যু পৰ্যন্ত নিজ কৰ্ম কৰিছে। মই সৰুৰে পৰা সাংবাদিকৰ লগতে কেৱল নাটক চিনেমা কৰা লোকহে দেখা পাই আহিছো। গতিকে মোৰ বাবে এই বিষয়টোত কাম কৰোতে কিছু কথা সহজ আছিল বুলি ক’ব লাগিব।”
পৰিচালক গৰাকীয়ে আগলৈ কয় যে, “এজন সাংবাদিক কেনে হোৱাটো উচিত সেইটো মই ক’ব নোৱাৰো কিন্তু এজন সাংবাদিকৰ পৰা আমি “impartiality” আশা কৰো। তেওঁ “news”আৰু “views” প্ৰকাশ কৰোতে সতৰ্ক হোৱা উচিত। উত্তৰ পূৰ্বাঞ্চলত সাংবাদিকতা কৰাটো সিমান সহজ কথা নহয়; বিশেষকৈ সন্ত্ৰাস জৰ্জৰিত নব্বৈ দশকত। সেই সময়ত এজন সৎ সাংবাদিকৰ কি অভিজ্ঞা হৈছিল তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে “চিয়াঁহীৰ ৰং” ছবিখনত।”
Add comment