আজিৰে পৰা ৫০ বছৰ পূৰ্বে এখন জনপ্ৰিয় ছবি “মেৰা নাম জকৰ” য়ে মুক্তি লাভ কৰিছিল। ৰাজ কাপুৰৰ এই ছবিখনত প্ৰতিটো বস্তু সফল আছিল; ঋষি কাপুৰেও ছবিখনত এটি সৰু চৰিত্ৰ ৰূপায়নেৰে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল। কিন্তু ৰাজ কাপুৰৰ এই ছবিখনত এনে এটা চৰিত্ৰও আছিল যিটো সৰু আছিল যদিও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছিল। ছবিখনত এটি সৰু চৰিত্ৰ ৰূপায়ন কৰিছিল ৰোচৰ বেলী ডেন্সাৰ সোনিয়া ৰেবেঙ্কীনাই। উক্ত ছবিখনত চাৰ্কাছত কাম কৰা এগৰাকী শিল্পীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল এই অভিনেত্ৰী গৰাকীয়ে; কিন্তু এই ছবিখনৰ পিছত বলীউডৰ পৰা যেন হেৰাই গৈছিল এই অভিনেত্ৰী গৰাকী। ৰোচ দেশলৈ পুনৰৱ উভতি গৈছিল এই অভিনেত্ৰী গৰাকী; তাৰ পিছত এনে বহু কমেই সুবিধা আহিছিল য’ত তেওঁৰ বিষয়ে কিবা এটা জানিব পৰা গৈছিল। শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত এক অভিনেত্ৰী গৰাকীয়ে কয় যে, “ৰাজ কাপুৰ সেইটো সময়ৰ এগৰাকী খুবেই জনপ্ৰিয় তাৰকা আছিল আৰু তেওঁৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বাবেই সোভাগ্যৰ কথা আছিল।”


তেওঁ আগলৈ কয় যে, “ৰাজ কাপুৰে শ্বুটিং সময়ছোৱাত প্ৰত্যেকৰে সম্পূৰ্ণ ধ্যান ৰাখিছিল কিন্তু কেমেৰা অন হোৱাৰ লগে লগেই তেওঁ দৃঢ় হৈ পৰিছিল; সকলোৰে পৰা তেওঁলোকৰ ভালটো আশা কৰিছিল।” ৰবঙ্কীনাই কৈছিল যে ছবিখনৰ বাবে তেওঁৰ ৰাজ কাপুৰৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল; আৰু তেওঁ যেতিয়াই ভাৰতলৈ আহে তেতিয়াই তেওঁ ঋষি কাপুৰ, ৰন্ধীৰ কাপুৰ আৰু ৰাজীৱ কাপুৰক লগ কৰে।
Add comment