Rupaliparda.com
আইমী বৰুৱাৰ পুত্ৰৰ সুন্দৰ পদক্ষেপঃ ভিডিঅ' যোগে জনালে অনুৰাগীক- 1

আইমী বৰুৱাৰ পুত্ৰৰ সুন্দৰ পদক্ষেপঃ ভিডিঅ’ যোগে জনালে অনুৰাগীক-

আইমী বৰুৱা অসমীয়া অভিনয় জগতৰ এনে এগৰাকী অভিনেত্ৰী যিগৰাকী প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ উপৰিও নিজৰ ব্যক্তিগত জীৱনৰ বহু কথাই খুলি কয়। দৈনন্দিন জীৱনত ঘটি থকা যিসমূহ কথাক তেওঁ ব্যক্ত কৰে; সেইসমূহে প্ৰায়ে অইন একাংশ জনসাধাৰণকো সংযোগ কৰাত সহায় কৰে। আহিবলগীয়া সময়ত কেইবাখনো ছবিত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী আইমী বৰুৱাৰ সমালোচনা হ’লেও আচলতে তেওঁৰ অনুৰাগীৰ কোনো ধৰণৰ সাল-সলনি নাই হোৱা। নিজ পুত্ৰ-কন্যাৰ সৈতে ব্যস্ত হৈ থকা এগৰাকী দৃঢ় মাতৃ ৰূপে থকা আইমী বৰুৱাই প্ৰায় তেওঁৰ সন্তানৰ বহুখিনি কথাই চচিয়েল মিডিয়া যোগে জনায় সমাদৰ লাভ কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ তেওঁৰ নিজৰ পুত্ৰৰ এক সুন্দৰ পদক্ষেপৰ কথা জানিবলৈ দিয়ে। তেওঁ কয় যে, “বীৰে বহুদিনৰে পৰা আনৰ ঘৰত ক’ৰবাত ভাটৌ পোৱালি দেখি তাকো এটা ভাটো পোৱালি লাগে বুলি খুউব আমনি কৰাত সম্পৰ্কীয় মানুহ এজনে তাক এটা ভাটৌ পোৱালি আনি দিলে । কিন্তু অনাৰ পিছতেই সি সঁজাত বন্দী চৰাইটো মুকলি কৰিবলৈ সজাৰ দুৱাৰ খন খুলি দিছিল। সেই সময়তেই মই এই ভিডিঅ’ টো কৰিলোঁ। পাছত তাক সুধিছিলোঁ কিয় খুলি দিলা!

আইমী বৰুৱাৰ পুত্ৰৰ সুন্দৰ পদক্ষেপঃ ভিডিঅ' যোগে জনালে অনুৰাগীক- 2


তেতিয়া সি ক’লে- ” মোক এনেকৈ বান্ধি থ’লেওটো মই তোমালোকৰ পৰা আতৰি কান্দি থাকিম! সিও মনে মনে কান্দি আছে চাগে ,সেয়ে এৰি দিলোঁ” বীৰৰ এই সৰল মনটো সদায় সৰল হৈ থাকক আপোনাসবৰ আশীষেৰে ❤️।” প্ৰায়ে প্ৰতিটো পুৱা একোখনকৈ নতুন স্থিৰ চিত্ৰৰে দৰ্শকৰ কাষ চপা আইমীৰ “অন্বেষণ” আৰু “যাযাবৰ” ৰ সমান্তৰালকৈ আন এখন ছবি “দ্বীপেন গান্ধী” ও লাভ কৰিব মুক্তি। “লক-ডাউন” ৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং সম্পন্ন হোৱা বুলি পোষ্টযোগে জনায় অভিনেত্ৰী গৰাকীয়ে। কংকনা ৰাজখোৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ আন বিশেষ তথ্য জনসাধাৰণক জানিবলৈ দিয়া হোৱা নাই যদিও আহিবলগীয়া সময়ত আইমী বৰুৱাৰ অভিনয়ৰে মুুঠ তিনিখন ছবিৰ বিষয়ে জানিবলৈ পাই উৎসাহী হৈ পৰিছে দৰ্শক সকলো। মাত্ৰ এতিয়া অপেক্ষা এই “লক-ডাউন” সমাপ্তিৰহে; পৰিস্থিতি সূস্থিৰলৈ আহিলেই যে ছবিখনক ৰাইজৰ ওচৰত মুকলি কৰি দিয়া হ’ব সেই কথাও নিশ্চিত কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform