নতুনে সদায় আকৰ্ষণ কৰে জনসাধাৰণক। আকৰ্ষণৰ শাৰীটোত চৰ্চাৰ সমান্তৰালকৈ লাগি থাকে সমালোচনাও। কিন্তু, যি ভাল সেয়াই পিছলৈ যে জনসাধাৰণৰ মন মুহিবলৈ সক্ষম হ’ব সেয়া একাষাৰে কৈ দিব পাৰি। কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম অৰ্থাৎ Moviesaints.com ত মুক্তি লাভ কৰিছিল এখন অসমীয়া ব্যতিক্ৰমী ছবি “Fireflies” অৰ্থাৎ “জোনাকী পৰুৱা”। অন্ধকাৰে মেৰ খোৱাই ৰখা এটা বাটত যেনেদৰে জোনাকী পৰুৱাই নিজৰ কম পোহৰেৰে হ’লেও এজন বাটৰুৱাক বাট দেখুওৱাবলৈ সক্ষম হয় ঠিক তেনেদৰে উক্ত ছবিখনে প্ৰেৰণ কৰা বাৰ্তাটোৱে সৰুকৈ হ’লেও সমাজৰ তথাকথিত কিছু নিয়মত প্ৰভাৱ পেলাইছিল। ছবিখন ঘৰুৱা দৰ্শকৰেই নহয়; সমাদৰ লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো। আৰু, এই সমাদৰৰ প্ৰক্ৰিয়া যেন বৰ্তমানলৈও অবিৰত ভাৱে চলি গৈ আছে ছবিখনৰ। নৱাগত স্বাধীন পৰিচালক প্ৰকাশ ডেকাৰ কাহিনী আৰু পৰিচালনাৰ লগতে মিলিন দত্ত আৰু Vortex Films ৰ যুঁটীয়া প্ৰযোজনাৰে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ “জোনাকী পৰুৱা (Fireflies) হৈ পৰিছিল একেবাৰেই আপোন কিয়নো সম্প্ৰতি সমাজ ব্যৱস্থাত আমি দেখিবলৈ পোৱা কিছু অনুৰূপ ঘটনাক ইয়াত সাৱলীল উপস্থাপন কৰিছিল পৰিচালক প্ৰকাশ ডেকাই।

কিছুদিন পূৰ্বে ছবিখনৰ পৰিচালক গৰাকীয়ে চচিয়েল মিডিয়াত এক পোষ্ট আপলোড কৰে য’ত উক্ত ছবিখনক লৈ দৰ্শকৰ ভিন্ন ধনাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। “সমকামিতা” প্ৰসংগটো আলোচনাক লৈ জনসাধাৰণৰ মনত থকা সংকোচবোধটোক আঁতৰাই এইক্ষেত্ৰত খুলি কথা ক’বলৈ প্ৰকাশ ডেকাৰ এই ছবিখনে সাহস দিছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ছবিখনৰ মূখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে ক্ৰমে বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীয়ে । পৰিচালক প্ৰকাশ ডেকাই নিজ প্ৰায় সাক্ষাৎকাৰতে ছবিখনক লৈ আশা প্ৰকাশ কৰাৰ লগতে তেওঁৰ নিজৰ সৃষ্টিত জনসাধাৰণৰ সঁহাৰি লাভ কৰিব বুলিও বিশ্বাস ৰাখিছিল।

আচলতে, পৰিচালকগৰাকীৰ এনে বিশ্বাসেই ছবিখনক এক বহল পৰিসৰৰ মাজত থিয় হ’বলৈ সক্ষম কৰোৱাইছে।”জোনাকী পৰুৱা” ৰ দৰে কিছু বিষয়বস্তুৰ আঁত ধৰি আন কিছু প্ৰকল্পৰ নিৰ্মাণ হৈছে যদিও এইক্ষেত্ৰত উক্ত ছবিখন প্ৰথম।
Add comment