Rupaliparda.com
"ক'ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে"- পৰাগ জ্যোতি শইকীয়া 1

“ক’ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে”- পৰাগ জ্যোতি শইকীয়া

সংগীত ক্ষেত্ৰখনত এনে বহু ব্যক্তিয়ে আছে যিয়ে সৰুৰ পৰা এই সংগীতৰ সৈতে জড়িত হোৱাৰ সমান্তৰালকৈ এই সংগীত ক্ষেত্ৰখনক লৈ কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ বুকুত বান্ধি ৰাখে। তেওঁলোকৰ সৃষ্টিসমূহক লৈ চচিয়েল মিডিয়াত বৰ বেছি চৰ্চা নহ’লেও তেওঁলোকৰ সৃষ্টিসমূহত উৰ্দ্ধমুখী গুণগত মানদণ্ডৰ লগতে সোঁৱাদ পোৱা যায় কিবা এটা নতুনৰ। এনে প্ৰসংগত নাম ল’ব পৰা যায় যোৰহাটৰ এগৰাকী উদীয়মান প্ৰতিভা পৰাগ জ্যোতি শইকীয়াৰ; শেহতীয়াকৈ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে কাষ চাপিবলৈ সাজু হৈছে অসমীয়া জনসাধাৰণৰ। বাঁহী, ঢোল আদিৰ উপৰিও একোটা গীত সৃষ্টিৰ পৰিকল্পনাক লৈও ব্যস্ত এইগৰাকী শিল্পী; আমি এইবাবেই পৰাগ জ্যোতি শইকীয়াক লৈ আনিছো আপোনালোকৰ মাজলৈ। ৰূপালীপৰ্দাৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত এইবাৰ আমি জানিম তেওঁৰ পৰিকল্পনাৰ বিষয়ে কিছু কথাঃ

"ক'ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে"- পৰাগ জ্যোতি শইকীয়া 2

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত?

পৰাগ জ্যোতি শইকীয়াঃ প্ৰথমে মই Rupaliparda.com আৰু ৰীমা দত্তলৈ আন্তৰিক ধন্যবাদ জনাইছো,আমাৰ সৰু সৰু প্ৰচেষ্টা বোৰক ৰাইজৰ আগত দাঙি ধৰাৰ বাবে। সংগীতৰ আৰম্ভণি বুলি ক’বলৈ গ’লে মাত ফুটাৰে পৰাই মই যোৰহাটৰ বাঘমৰা সৰ্বোদয় সংঘৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ লগত জড়িত; মোৰ মামা স্বৰ্গীয় তুলাৰাম দত্ত দেৱ প্ৰধান শিক্ষকৰ লগতে এজন সুদক্ষ নাট পৰিচালক আছিল। গতিকে, মামাৰ পৰাই অভিনয়, খোল বজোৱা লগতে গীত গাবলৈ শিকিছোঁ। ৰাসত শিশু কৃষ্ণৰ অভিনয় কৰিছিলো; ডাঙৰ হোৱাৰ পৰা গীত গোৱা আৰু বাদ্য বজোৱাৰ প্ৰতি আকৃষ্ট হ’লো। ৰাসৰ গীত সমূহৰ সমান্তৰালকৈ লোকগীত সমূহ গাবলৈ শিকিলো লগতে মই চাৰিগাঁওৰ জ্যোতি মইনা পাৰিজাতৰ লগতো জড়িত আছিলোঁ । ২০০৭ চনত মই শ্ৰদ্ধাৰ গুৰু প্ৰদীপ খাউণ্ড ছাৰৰ ওচৰত বাঁহী শিকি লাহে লাহে বাঁহী বজোৱা আৰম্ভ কৰিলো। তাৰ পিছতে, ঢোল বজোৱা শিকিলো । ঢোলৰ গুৰু হিচাপে মই মোৰ বন্ধু প্ৰাঞ্জলৰ পৰা চাই চাই আয়ত্ত কৰিছিলোঁ । সৰুৰে পৰা একেলগে ডাঙৰ হোৱা মোৰ বন্ধু ঋতুৰাজ বৰা, সি বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰী; তেওঁলোকৰ ঘৰত ভাল সাংস্কৃতিক পৰিবেশ এটা আছিল । আজৰি সময়ত ঋতুৰাজ, ভাইটি ঋতুপৰ্ণ , প্ৰাঞ্জল আমি সকলো মিলি সংগীতৰ চৰ্চা আৰম্ভ কৰিলো। আৰু, এনেকৈয়ে লাহে লাহে সংগীতৰ লগত জড়িত হৈ পৰিলোঁ। 

"ক'ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে"- পৰাগ জ্যোতি শইকীয়া 3

প্ৰশ্নঃ অসমীয়া সংগীত ক্ষেত্ৰখনক লৈ আপুনি কিবা নতুন পদক্ষেপ ল’ব বিচাৰে নে?

পৰাগ জ্যোতি শইকীয়াঃ অসমীয়া সংগীত জগত খন এখন বিশাল পৃথিৱী। ইয়াৰ পৰিসৰ বহল; ইয়াত কি নাই?? মহাপুৰুষ দুজনাৰ সৃষ্টি সমূহৰ পৰা আৰম্ভ কৰি আইনাম, বিয়ানাম, বনগীত, লোকগীত, বিহুগীত, দেহবিচাৰ, জিকিৰ, দিহানাম, টোকাৰীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ গীত সমূহৰ এখন বিশাল ক্ষেত্ৰ। নবপ্ৰজন্মই শিকি শেষ কৰিব নোৱাৰা এটি ভাণ্ডাৰ; আমি সকলো এই কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ বাবে দায়বদ্ধ । মইও সদায় চেষ্টা কৰিম অসমীয়া সংগীত জগতলৈ আৰু আহি থকা প্ৰজন্মলৈ শুদ্ধ ৰূপত কিবা এটা চিন ৰাখিবলৈ। গীত গোৱাৰ উপৰিও নতুনকৈ মই গীত লিখিবলৈ শিকিছোঁ। শেহতীয়াকৈ, ভুল-শুদ্ধৰ মাজতে ৰাইজলৈ কেইটিমান গীত আগবঢ়াইছোঁ। বিগত বৰ্ষত “প্ৰীতি এনাজৰী” নামেৰে এটি বিহুগীত কৰিলোঁ। আনহাতে, ২০২০ৰ ক’ৰোনাৰ বিভীষিকাৰ কালছোৱাই আকৌ কেইটিমান গীত লিখাৰ সুযোগ দিলে । বন্ধৰ মাজতে মই ভক্তিমূলক গীত লিখিলোঁ “অৱতাৰ” শীৰ্ষক এলবামটিৰ বাবে; তাৰে এটি গীত “ৰূপালী যমুনা” ত মই নিজেই গাবলৈ চেষ্টা কৰিলোঁ।  আমাৰ সোণৰ অসম খনক লৈ  মই আৰু মোৰ বন্ধু নৱজ্যোতি দুয়ো মিলি এটি গীতৰ কাম কৰি আছো । জুবিন দাই কন্ঠ দান কৰা  এ গীতটি সোনকালেই ৰাইজৰ মাজলৈ আহিব । আগন্তুক ভোগালী বিহু আৰু নৱবৰ্ষত ৰাইজলৈ  “মন দিহিঙৰ গৰা” নামৰ বিহুসুৰীয়া গীতৰ এলবাম উপহাৰ দিম।  ইতিমধ্যে এলবামটোৰ গীতসমূহ লিখি উলিয়াইছো; লগতে অসমীয়া আধুনিক গীতৰ কাম চলি আছে ।

"ক'ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে"- পৰাগ জ্যোতি শইকীয়া 4

প্ৰশ্নঃ “ষ্টুডিঅ’ মেল’ডি” ৰ বিষয়ে অকণমান জানিব বিচাৰিম।

পৰাগ জ্যোতি শইকীয়াঃ ষ্টুডিও মেল’ডি আমাৰ বাবে এটা সপোন; মোৰ বন্ধু ঋতুৰাজ আৰু ভাতৃ ঋতুপৰ্ণৰ বহুদিনীয়া চিন্তাৰ ফচল ষ্টুডিও মেলডি। ক’ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে।  সকলোটি বন্ধৰ বাবে ঘৰতে আছিলোঁ আৰু সেই সময় খিনিৰ সদ্ ব্যৱহাৰ কৰি প্ৰথমে সৰুকৈ আৰম্ভ কৰা হ’ল ষ্টুডিওটো। ঘৰৰে সৰু ৰূম এটাৰ ভিতৰতে জন্ম হ’ল আমাৰ প্ৰথমটি ভক্তিমূলক গীতৰ এলবাম ” অৱতাৰ ” । তাৰ পিছতেই ৰাইজলৈ আগবঢ়াই দিলো “ব্ৰজনন্দন’ । “ব্ৰজনন্দনে” ৰাইজৰ পৰা ভাল সমাদৰ লাভ কৰিলে।  ইয়াৰ লগে লগে মুক্তি পালে কেইবাটাও লোকগীত ।ৱ এতিয়া বিহুৰ বাবে সকলো সাজু হৈছো আৰু সম্পূৰ্ণ কাৰিকৰী প্ৰযুক্তিৰে ষ্টুডিঅ’টো ন-ৰূপত সজাই তুলিছোঁ । নতুন ষ্টুডিঅ’ৰ পৰাই বিহুত মুক্তি পাব দুটি এলবাম ” মন দিহিঙৰ গৰা” আৰু “মৰম” ।

"ক'ৰোনা বিভীষিকাই আমাক ষ্টুডিওটো গঢ় দিয়াত বেছি সুযোগ দিলে"- পৰাগ জ্যোতি শইকীয়া 5

প্ৰশ্নঃ কোনো এটা গীতৰ সফলতা/ বিফলতা মানে আপোনাৰ মতে কি?

পৰাগ জ্যোতি শইকীয়াঃ যিটো গীতে এটি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকৰে মন চুই যাব সেইটোৱেই মোৰ মতে সফল গীত; কেৱল সুৰটোৱে মন চুই গ’লেই ন’হব । সুৰৰ লগতে গীতৰ কথাখিনিও ভাল হ’ব লাগিব। মই সদায় চেষ্টা কৰো ভাল শব্দৰ গাঁথনিৰে গীত লিখিবলৈ আৰু সুৰ দিবলৈ। বিফল বুলি ক’বলৈ গ’লে, যেতিয়া বহুত কষ্ট কৰি কৰা এটি কাম ৰাইজে বিচৰা মতে আদৰি নলয় তেতিয়া অলপ দুখ লাগে। হ’লেও নিৰাশ নহওঁ, আকৌ চেষ্টা অব্যাহত ৰাখো নতুন সোঁৱাদ দিবলৈ।  কিজানি কোনোবা এটা গীত ৰাইজৰ অন্তৰত সোমাই যায়, সেই লক্ষ্য আগত ৰাখিয়ে কাম কৰি যাবলৈ চেষ্টা কৰিছো।  

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

পৰাগ জ্যোতি শইকীয়াঃ চলিত বৰ্ষটো অৰ্থাৎ ২০২০ চনটোৱে সাংস্কৃতিক জগত খনক বৰ বেয়াকৈ জুৰুলা কৰিলে। তাৰ মাজতেই আমি সাংস্কৃতিক জগত খনৰ বাবে কাম কৰি আছো। আগন্তুক নৱবৰ্ষত বিহুসুৰীয়া গীত ৰাইজক উপহাৰ দিম;   মই বিয়ানাম আৰু জিকিৰক নতুকৈ সংগীতেৰে সজাই ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ মনত এটা পৰিকল্পনা কৰি থৈছোঁ।  অৱশ্যে সময় লাগিব এই ক্ষেত্ৰত। হেৰাই যাব ধৰা থলুৱা গীত মাতবোৰৰ ওপৰতো কাম কৰিম; খুব সুন্দৰ কথাৰে কেইটিমান আধুনিক গীত লিখি আছো সেয়াও ৰাইজে সোনকালেই শুনিবলৈ পাব। আৰু, অসমীয়া সংগীত জগত খনৰ স্বকীয়তা বজাই ৰাখি কাম কৰি যাবলৈ মই সদায় প্ৰতিশ্ৰুতিবদ্ধ।  শেষত মনৰ কথা খিনি প্ৰকাশ কৰিবলৈ এই সুযোগ দিয়াৰ বাবে ৰূপালী পৰ্দালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

ৰূপালীপৰ্দাঃ ধন্যবাদ। আপোনাৰ এই পৰিকল্পনা তথা প্ৰয়াসৰ বাবে আপোনাক শুভকামনা।

পৰাগ জ্যোতি শইকীয়াঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform