ইটোৰ পিছত সিটো খবৰৰ সৈতে চচিয়েল মিডিয়াত চৰ্চা হ’বলৈ লৈছে নৱ বিবাহিত নেহা কক্কড় আৰু ৰোহনপ্ৰীতৰ যুঁটি। শেহতীয়াকৈ অহা আন এক সুখবৰে আকৌ এবাৰ টোকৰ মাৰিছে যুঁটিটোৰ দুৱাৰ ডলিত। নেহা কক্কড় আৰু ৰোহনপ্ৰীতৰ জীৱনলৈ আহি আছে এগৰাকী নতুন আলহী; হয় আপুনি ঠিকেই শুনিছে। নেহা কক্কড়ৰ হৈছে গৰ্ভৱতী আৰু তেওঁৰ এই খবৰে উৎসাহিতও কৰি তুলিছে তেওঁৰ অনুৰাগীক। নেহাই নিজৰ এই খবৰটো প্ৰকাশ কৰাৰ লগতে ইনষ্টাগ্ৰাম তেওঁৰ এই ফটোখনত বিভিন্ন জনে বিভিন্ন ধৰণে কমেন্টো কৰা দেখা যায়। আনকি, তেওঁৰ ভাতৃ অৰ্থাৎ টনী কক্কড়েও কমেন্ট কৰি জনায় যে তেওঁ মামা হোৱাৰ পথত। ৰ’ব; আপুনিও হয়টো এনেকৈয়ে ভাবিছিল নহয়নে? কিন্তু, এয়া আছিল এক পাব্লিচিটি ষ্টাণ্ড; অহা ২২ তাৰিখে উক্ত বিবাহিত যুঁটিটোৰ কন্ঠৰে মুক্তি লাভ কৰিব এটি নতুন গীত “খেয়াল ৰাখিয়া কৰ”।

উল্লেখ্য যে,সদ্যমুক্তিপ্ৰাপ্ত ফৰ্বসৰ এখন তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ নাম। চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে আনক প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত এই তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ। ইণ্ডাষ্ট্ৰীটোত নেহা কক্কড় এনে এগৰাকী তাৰকা যিয়ে নিজৰ প্ৰতিভাৰে সকলোবোৰ অৰ্জন কৰি আজিৰ এই পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। নেহা কক্কড়ে সফলতাৰ বাৰ্তা প্ৰেৰণ কৰি নিজ সুখ ব্যক্তি কৰি কৈছিল যে, “নিজক লৈয়ে বহুত গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে জানে যে এই তালিকাখনত অমিতাভ বচ্চন ছাৰ, শ্বাহৰুখ খান ছাৰ আৰু মোৰ নাম আছে। ভগৱানক শতকোটি প্ৰণাম; আপোনালোক সকলোকে ধন্যবাদ।”
Add comment