Rupaliparda.com
"চিলা" ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "অগ্নি বীণাৰ তান"- 1

“চিলা” ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি “অগ্নি বীণাৰ তান”-

অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন তথা “চেতনা দিৱস” উপলক্ষে যোৱা কালি মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ আন এটি গীত “অগ্নি বীণাৰ তান”। “চিলা” এলবামত অন্তৰ্ভূক্ত তৃতীয়টো গীতক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত। এটা কবিতাক গীত আকাৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিছে হাৰ্টথ্ৰৱ গৰাকীয়ে। অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “অগ্নি বীণাৰ তান”। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।

"চিলা" ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "অগ্নি বীণাৰ তান"- 2


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। সঁচা কথা ক’বলৈ তেওঁ বিচাৰ তথা চিন্তা সমূহক ৰাইজে আকোঁৱালি লোৱাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ “কা” বিৰোধী আন্দোলনক লৈও নিজ মন্তব্য প্ৰদান কৰিছিল জুবিন গাৰ্গে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.