এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “দ্যা শ্লেম বুক” শীৰ্ষক পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনে আকৌ এবাৰ চচিয়েল মিডিয়াত লগাইছে খলকনি। বিগত বহু দিনৰ পৰা চৰ্চা লাভ কৰি থকা এই ছবিখনে সম্প্ৰতি জনসাধাৰণৰ কাষ চাপিলৈ প্ৰস্তুতি কৰি তুলিছে তুংগত। বৃহৎ প্ৰডাকচন হাউচ ৰূপে পৰিগণিত এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনক লৈ উৎসাহিতও হৈ পৰিছে অনুৰাগী। প্ৰাঞ্জল গৈয়াৰীৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত “দ্যা শ্লেম বুক” ত আন কেইবাগৰাকীও নৱপ্ৰজন্মৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভাসমূহো দেখিবলৈ পোৱা যাব। আনহাতে,”দ্যা শ্লেম বুক” ৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। এই ছবিখনৰ সংগীত পৰিচালনা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছিল কামছীয়ে। ছবিখনত অভিনয় কৰিছে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ দায়িত্বত আছে হেমন্ত শৰ্মা।

“দ্যা শ্লেম বুক” ৰ পোষ্টাৰ খনেই দৰ্শকক আভাস দিছে যে এয়া এক প্ৰেম কাহিনী। শিক্ষা জীৱনৰ কোনো এজন লোকৰ সৈতে গঢ়ি উঠা ঘনিষ্ঠতাক সহজে পাহৰিব পৰা নাযায়; আনহাতে প্ৰেমে সদায় নিজৰ সৈতে প্ৰাপ্তিও নকঢ়িয়ায়। ইয়াক পাৰ কৰিবলৈ হ’লে অথবা নিজৰ প্ৰেমাস্পদক লগ পাবলৈ হ’লে বহু বিষাদৰ কাইঁটীয়া বাটেৰে যাবলগীয়াও হয়। এনে এক কাহিনীক উপস্থাপন কৰিবলৈয়ে নৱাগত প্ৰাঞ্জল গৈয়াৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে উক্ত ছবিখন। উল্লেখ্য যে, পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ প্ৰকল্প সমূহক লৈ বৰ্তমান উৎসাহী প্ৰতিজন জনসাধাৰণ। তেওঁৰ পৰিচালনাৰে নিৰ্মিত দুখনকৈ চুটি ছবি ক্ৰমে “I Like Your T-Shirt” আৰু “Sorry” য়ে চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। পৰিচালনাৰ দিশটোত নিজ প্ৰতিভা প্ৰদৰ্শন কৰি পৰিচালক গৰাকীৰ উক্ত দুয়োখন চুটি ছবিত জনসাধাৰণৰ প্ৰতিক্ৰিয়াও আছিল ধনাত্মক।

গতিকে, আহিবলগীয়া সময়ত মুক্তিপাবলগীয়া এইখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিয়ে যে দৰ্শকৰ সমাদৰ লাভ কৰাত সক্ষম হ’ব সেয়া একাষাৰে কৈ দিব পৰা যায়। পোষ্ট-প্ৰডাকচনৰ কামত ব্যস্ত হৈ থকা এই ছবিখনে অতিশীঘ্ৰে কাষ চাপিব ৰাইজৰ।
Add comment